E20 পেট্ৰ’লক লৈ দেশজুৰি বিতৰ্ক অব্যাহত আছে। কৰ্ণাটকৰ কেইবাটাও স্থানত পেট্ৰ’লৰ নমুনা পৰীক্ষা কৰি নিৰ্ধাৰিত ২০ শতাংশৰ পৰিৱৰ্তে ৩১ শতাংশতকৈ অধিক ইথানল পোৱা গৈছে বুলি ৰাজ্য চৰকাৰে দাবী কৰিছে। ইয়াৰ পিছতে কেৰালা চৰকাৰেও ৰাজ্যখনৰ চাৰিখন জিলাত পেট্ৰ’লৰ নমুনা পৰীক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ঘটনাৰ পিছত গ্ৰাহকৰ মনত প্ৰশ্ন উত্থাপন হৈছে—নিজৰ বাহনত ভৰোৱা পেট্ৰ’লত কিমান পৰিমাণৰ ইথানল আছে, সেয়া কেনেকৈ জানিব পাৰি?
E20 পেট্ৰ’ল মানে কি?
E20 পেট্ৰ’ল হৈছে এনে এক ইন্ধন, য’ত ২০ শতাংশ ইথানল আৰু ৮০ শতাংশ পেট্ৰ’ল মিহলি কৰা হয়। ভাৰত চৰকাৰে E20 ইন্ধনৰ ব্যৱহাৰ অনুমোদন জনাইছে। নিৰ্ধাৰিত মানদণ্ড অনুসৰি পেট্ৰ’লত ইথানলৰ পৰিমাণ ১৯ৰ পৰা ২১ শতাংশৰ ভিতৰত থাকিব পাৰে।
ঘৰতে পেট্ৰ’লৰ ইথানল পৰীক্ষা কৰিব পাৰিনে?
ইণ্ডিয়ান অইলৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া আৰ পি সিঙৰ মতে, পানীৰ সহায়ত পেট্ৰ’লত থকা ইথানলৰ পৰিমাণৰ আনুমানিক ধাৰণা লাভ কৰিব পাৰি। কাৰণ ইথানল পানীৰ সৈতে মিহলি হয়, কিন্তু পেট্ৰ’ল পানীৰ সৈতে মিহলি নহয়। অৱশ্যে এই পদ্ধতিৰে ইথানলৰ সঠিক শতাংশ নিৰ্ণয় কৰিব নোৱাৰি। তদুপৰি পেট্ৰ’ল অতি জ্বলনশীল পদাৰ্থ হোৱা বাবে ঘৰতে এই পৰীক্ষা কৰাটো বিপজ্জনক। সেয়েহে এনে পৰীক্ষা নিজে কৰাটো উচিত নহয়।
ইথানল পৰীক্ষাৰ বাবে বিশেষ টেষ্ট কিট
ভাভা এটমিক ৰিচাৰ্চ চেণ্টাৰে (BARC) পেট্ৰ’লত ইথানলৰ পৰিমাণ নিৰ্ণয় কৰিবলৈ ৰং-ভিত্তিক বিশেষ টেষ্ট কিট প্ৰস্তুত কৰিছে। এই কিটৰ সহায়ত পেট্ৰ’লৰ সৈতে বিক্ৰিয়া ঘটাই সৃষ্টি হোৱা ৰং এটা নিৰ্দিষ্ট চাৰ্টৰ সৈতে তুলনা কৰি ইথানলৰ পৰিমাণৰ আনুমানিক ধাৰণা লাভ কৰিব পাৰি। এই পদ্ধতিত জটিল যন্ত্ৰপাতিৰ প্ৰয়োজন নহয় আৰু কেইমিনিটমানৰ ভিতৰতে ফলাফল পোৱা যায়। অৱশ্যে এই কিট সাধাৰণ জনতাৰ বাবে ব্যাপকভাৱে উপলব্ধ নহয়।
ক’ত পেট্ৰ’লৰ পৰীক্ষা কৰিব পাৰি?
পেট্ৰ’লৰ গুণগত মানক লৈ সন্দেহ হ’লে গ্ৰাহকে সংশ্লিষ্ট পেট্ৰ’ল পাম্পৰ ডিলাৰ, তেল কোম্পানীৰ গ্ৰাহক সেৱা বিভাগ অথবা চৰকাৰী যোগান বিভাগৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰে। ইথানলৰ সঠিক পৰিমাণ নিৰ্ণয় কৰিবলৈ স্বীকৃতিপ্ৰাপ্ত পৰীক্ষাগাৰত নমুনা পৰীক্ষা কৰোৱাটো আটাইতকৈ নিৰ্ভৰযোগ্য উপায়।
পৰীক্ষাগাৰত কি প্ৰযুক্তি ব্যৱহাৰ কৰা হয়?
পেট্ৰ’লত ইথানলৰ পৰিমাণ নিৰ্ণয় কৰিবলৈ মূলতঃ দুটা বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰা হয়।
– FTIR (ফুৰিয়েৰ ট্ৰেন্সফৰ্ম ইনফ্ৰাৰেড স্পেকট্ৰস্কপি): ইনফ্ৰাৰেড পোহৰৰ সংকেত বিশ্লেষণ কৰি ইথানলৰ পৰিমাণ নিৰ্ণয় কৰা হয়।
– গেছ ক্ৰ’মাট’গ্ৰাফী (GC): পেট্ৰ’লৰ বিভিন্ন উপাদান পৃথক কৰি ইথানলৰ পৰিমাণ সঠিকভাৱে জুখিব পৰা যায়। এই দুয়োটা পদ্ধতি পৰীক্ষাগাৰত ব্যৱহৃত উন্নত বৈজ্ঞানিক প্ৰযুক্তি।
কৰ্ণাটক আৰু কেৰালাৰ তদন্ত কিয় গুৰুত্বপূৰ্ণ?
কৰ্ণাটক চৰকাৰে কিছুমান পেট্ৰ’লৰ নমুনাত ২০ শতাংশতকৈ অধিক ইথানল পোৱাৰ দাবী কৰিছে। আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ মতে, ২৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৯৩টা নমুনা পৰীক্ষাত ইথানলৰ পৰিমাণ ১৯ৰ পৰা ২১ শতাংশৰ ভিতৰত পোৱা গৈছে। কেৰালা চৰকাৰৰ তদন্তৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত E20 পেট্ৰ’লৰ গুণগত মানৰ বিষয়টো অধিক স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















