বিশ্বৰ অন্যতম বৃহৎ প্ৰযুক্তি প্ৰতিষ্ঠান Nvidiaৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) জেনচেন হুয়াঙৰ উত্তৰাধিকাৰী হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিব, সেই বিষয়টোক লৈ চৰ্চা চলিছে। কোম্পানীটোৰ শীৰ্ষ নেতৃত্বৰ পৰিৱৰ্তনৰ সম্ভাৱনাৰ মাজতে ভাৰতীয় মূলৰ প্ৰযুক্তি বিশেষজ্ঞ সঞ্জয় মেহৰোত্ৰাৰ নামো সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।
Nvidiaৰ ব’ৰ্ডে জেনচেন হুয়াঙৰ বিকল্প বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে বুলি প্ৰকাশিত প্ৰতিবেদনত দাবী কৰা হৈছে। কোম্পানীটোৰ ভিতৰৰ কেইবাগৰাকীও শীৰ্ষ কাৰ্যবাহীৰ লগতে আন প্ৰযুক্তি প্ৰতিষ্ঠানৰ অভিজ্ঞ নেতাসকলৰ নাম বিবেচনা কৰা হৈছে। প্ৰতিবেদন অনুসৰি, Nvidiaৰ মুখ্য বিত্তীয় বিষয়া কলেট ক্ৰেছ আৰু উপ-সভাপতি ইয়ান বাক এই পদৰ বাবে আগশাৰীৰ প্ৰাৰ্থী হিচাপে বিবেচিত হৈছে। ইয়াৰ উপৰি কোম্পানীটোৰ বাহিৰৰ আঠগৰাকী সম্ভাৱ্য প্ৰাৰ্থীৰ নামো চৰ্চালৈ আহিছে।
হুয়াঙৰ উত্তৰাধিকাৰী বিচাৰি Nvidiaৰ অনুসন্ধান
Nvidiaৰ সহ-প্ৰতিষ্ঠাপক জেনচেন হুয়াঙে ১৯৯৩ চনত কোম্পানীটো প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা ইয়াৰ নেতৃত্ব দি আহিছে। তেওঁৰ নেতৃত্বতে Nvidiaই গ্ৰাফিক্স প্ৰচেছিং ইউনিট (GPU) নিৰ্মাণৰ ক্ষেত্ৰৰ পৰা কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তিৰ বিশ্বৰ অন্যতম আগশাৰীৰ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হৈছে। কোম্পানীটোৰ ব্যৱসায়িক কৌশল, প্ৰযুক্তিগত উন্নয়ন আৰু বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে গঢ়ি তোলা সম্পৰ্কত হুয়াঙৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেয়েহে তেওঁৰ স্থানত নতুন এজন মুখ্য কাৰ্যবাহী বিষয়াক নিযুক্তি দিয়াটো Nvidiaৰ বাবে সহজ কাম নহ’ব।
জেনচেন হুয়াঙৰ ব্যক্তিগত জীৱনক লৈ বিতৰ্কৰ কথাও উল্লেখ কৰা হৈছে। এই বিতৰ্কৰ ফলত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পোৱা আৰু বজাৰ মূলধন ৬ বিলিয়ন ডলাৰ কমি গৈছে বুলি বিভিন্ন তথ্যত প্ৰকাশ। Nvidiaৰ ব’ৰ্ডে কোম্পানীটোৰ ভিতৰৰ প্ৰাৰ্থীৰ লগতে আৰ্ম, এএমডি, এপল, আমাজন আৰু গুগলৰ দৰে প্ৰতিষ্ঠানৰ অভিজ্ঞ কাৰ্যবাহীৰ নামো বিবেচনা কৰা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
কলেট ক্ৰেছ

Nvidiaৰ মুখ্য বিত্তীয় বিষয়া তথা কাৰ্যবাহী উপ-সভানেত্ৰী কলেট ক্ৰেছ কোম্পানীটোৰ নেতৃত্ব গ্ৰহণ কৰিব পৰা অন্যতম সম্ভাৱ্য প্ৰাৰ্থী। ২০১৩ চনৰ ছেপ্টেম্বৰত Nvidiaত যোগদান কৰা ক্ৰেছে অতি কম সময়ৰ ভিতৰতে কোম্পানীটোৰ শীৰ্ষ নেতৃত্বৰ অংশ হৈ পৰে। বিত্তীয় ব্যৱস্থাপনা আৰু ব্যৱসায়িক কৌশলৰ ক্ষেত্ৰত তেওঁৰ যথেষ্ট অভিজ্ঞতা আছে। Nvidiaত যোগদান কৰাৰ পূৰ্বে তেওঁ চিস্কো (Cisco) কোম্পানীত বিজনেছ টেকন’লজিৰ জ্যেষ্ঠ উপ-সভানেত্ৰী আৰু মুখ্য বিত্তীয় বিষয়া হিচাপে কাম কৰিছিল। ইয়াৰ আগতে মাইক্ৰ’ছফ্টত প্ৰায় ১৩ বছৰ কৰ্মৰত আছিল। মাইক্ৰ’ছফ্টৰ ছাৰ্ভাৰ এণ্ড টুলছ বিভাগৰ মুখ্য বিত্তীয় বিষয়া হিচাপেও তেওঁ চাৰি বছৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰি তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণিতে টেক্সাছ ইনষ্ট্ৰুমেণ্টছত বিত্তীয় কাৰ্যবাহী হিচাপে কাম কৰাৰ অভিজ্ঞতা আছে। Nvidiaৰ বিত্তীয় দিশ আৰু ব্যৱসায়িক পৰিকল্পনাৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থকাৰ বাবে কলেট ক্ৰেছক কোম্পানীটোৰ নেতৃত্বৰ বাবে এক শক্তিশালী প্ৰাৰ্থী হিচাপে বিবেচনা কৰা হৈছে।
ইয়ান বাক

Nvidiaৰ উপ-সভাপতি ইয়ান বাকো কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে অন্যতম সম্ভাৱ্য প্ৰাৰ্থী। তেওঁ Nvidiaৰ কৃত্ৰিম বুদ্ধিমত্তা আৰু ডাটা চেণ্টাৰ সম্পৰ্কীয় প্ৰযুক্তি তথা সামগ্ৰীৰ তদাৰক কৰে। বিশেষকৈ CUDA নামৰ চফ্টৱেৰ ফ্ৰেমৱৰ্ক বিকাশৰ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য অৱদান আছে। CUDA হৈছে এনে এক প্ৰযুক্তি, যাৰ সহায়ত ডেভেলপাৰসকলে এনভিডিয়াৰ GPU ব্যৱহাৰ কৰি AI, বৈজ্ঞানিক গণনা আৰু অন্যান্য জটিল কম্পিউটিং কাম সম্পন্ন কৰিব পাৰে। Nvidiaৰ প্ৰযুক্তিগত বিকাশৰ সৈতে ঘনিষ্ঠভাৱে জড়িত ইয়ান বাকৰ কোম্পানীটোৰ সামগ্ৰী, গ্ৰাহক আৰু ব্যৱসায়িক প্ৰয়োজনীয়তাৰ বিষয়ে গভীৰ জ্ঞান আছে। এই অভিজ্ঞতাই তেওঁক কোম্পানীটোৰ ভিতৰৰ পৰা নেতৃত্ব গ্ৰহণ কৰিব পৰা এজন শক্তিশালী প্ৰাৰ্থী কৰি তুলিছে।
সঞ্জয় মেহৰোত্ৰা

Nvidiaৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে চৰ্চালৈ অহা অন্যতম গুৰুত্বপূৰ্ণ নাম হৈছে ভাৰতীয় মূলৰ প্ৰযুক্তি বিশেষজ্ঞ সঞ্জয় মেহৰোত্ৰা। তেওঁ বৰ্তমান মাইক্ৰন টেকন’লজিৰ (Micron Technology) মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। অৰ্ধপৰিবাহী (Semiconductor) উদ্যোগত তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আছে। চিপ নিৰ্মাণ, ব্যৱসায়িক পৰিচালনা, উদ্যোগটোৰ উত্থান-পতন আৰু প্ৰযুক্তিগত উন্নয়নৰ বিষয়ে তেওঁৰ যথেষ্ট জ্ঞান আছে। কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে বিশ্বজুৰি মেম’ৰি চিপৰ চাহিদাও বৃদ্ধি পাইছে। এই সময়ছোৱাত মাইক্ৰনৰ নেতৃত্ব দি সঞ্জয় মেহৰোত্ৰাই কোম্পানীটোৰ ব্যৱসায়িক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁৰ কাৰ্যকালত মাইক্ৰনৰ শ্বেয়াৰৰ মূল্য ২,৭০০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে বুলি দাবী কৰা হৈছে। এই সফলতাই তেওঁক প্ৰযুক্তি উদ্যোগৰ এগৰাকী অভিজ্ঞ আৰু দক্ষ নেতা হিচাপে পৰিচিতি দিছে। ভাৰতীয় মূলৰ এই প্ৰযুক্তি বিশেষজ্ঞগৰাকীৰ অৰ্ধপৰিবাহী উদ্যোগৰ অভিজ্ঞতা আৰু বৃহৎ প্ৰতিষ্ঠান পৰিচালনাৰ দক্ষতাৰ বাবে Nvidiaৰ শীৰ্ষ পদৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে তেওঁৰ নাম চৰ্চালৈ আহিছে।
Nvidiaৰ পৰৱৰ্তী চিইঅ’ কোন হ’ব?
Nvidiaৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী বিষয়াৰ নাম এতিয়াও নিশ্চিত হোৱা নাই। কলেট ক্ৰেছ আৰু ইয়ান বাকৰ দৰে কোম্পানীটোৰ ভিতৰৰ অভিজ্ঞ কাৰ্যবাহীৰ লগতে সঞ্জয় মেহৰোত্ৰাৰ দৰে বাহিৰৰ প্ৰযুক্তি বিশেষজ্ঞৰ নামো সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত আছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। জেনচেন হুয়াঙৰ নেতৃত্বত Nvidiaই বিশ্বৰ AI প্ৰযুক্তিৰ ক্ষেত্ৰত এক শক্তিশালী স্থান দখল কৰিছে। সেয়েহে তেওঁৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰাটো কোম্পানীটোৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















