জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপোষ্ট’ৰ সৈতে জড়িত ‘মণি বৌ’ খ্যাত পাপৰি বৰা (Papori Borah) এগৰাকী চৰ্চিত মুখ। তেওঁ ধাৰাবাহিকখনত অভিনয় কৰাৰ লগতে সামাজিক মাধ্যমতো যথেষ্ট সক্ৰিয়।

কিছুদিনৰ পৰা সম্প্ৰচাৰিত এই ধেমেলিয়া ধাৰাবাহিকখনত দেখা পোৱা যোৱা নাছিল অভিনেত্ৰীগৰাকীক। কিয়নো তেওঁ চুক্তিবদ্ধ হৈছিল এখন থিয়েটাৰৰ সৈতে।

এইবাৰ পাপৰি বৰাই ৰাজধানী থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছিল। কিন্তু হঠাতে থিয়েটাৰ কৰ্তৃপক্ষৰ Bachchu Roy নামৰ ব্যক্তি এজনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে। কিন্তু কিয়?

সামাজিক মাধ্যমত পোষ্ট দি পাপৰি বৰাই লিখিছে যে, “যি সকল আহ্বায়ক কমিটি তথা কলা কৌশলী নতুনকৈ চুক্তি হৈছে , এবাৰ ভাবিব । বৰ বেলেগ ধৰনৰ মানুহ Bachchu Roy , মই কৈ থলোঁ, ৰাজধানী থিয়েটাৰ।” নিজৰ প্ৰাপ্য নোপোৱাৰ বাবে ক্ষোভত ভাগি পৰিছে অভিনেত্ৰীগৰাকী।

কিন্তু অভিনেত্ৰীগৰাকীৰ পোষ্টৰ পিছতে সামাজিক মাধ্যমত ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষয়ো কৰিছে পোষ্ট। থিয়েটাৰ কৰ্তৃপক্ষই ছ’চিয়েল মিডিয়াত কাৰোবাৰ ষড়যন্ত্ৰ অথবা নিজ মানসিকতাৰে ৰাজধানীক হেয় প্ৰতিপন্ন কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ কথা উল্লেখ কৰে।

থিয়েটাৰ কৰ্তৃপক্ষই কয়, “আগতেও আপুনি এদিন ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিলে…আৰু প্ৰতিজন শিল্পী,কলা-কুশলীক সুন্দৰকৈ বিদায় দিয়াৰ দৰে আপোনাকো ইতিমধ্যে আখৰাৰ পৰা মাননি দি আহি আহি শেষ পৰ্যায়তো দুই এখন চেক পাছ কৰাই দিয়া হৈছে। আজি প্ৰায় ১০ দিন মান আগতো এখন চেক পাছ কৰাই দিয়া হৈছে আৰু আজিও আপোনাক চেক এখন লগাব দিয়া হৈছে। চেক বাউঞ্চ নোহোৱাকৈ আপুনি আমাক ৰাজহুৱাকৈ বদনাম কিয় কৰিলে? যদি চেক বাউঞ্চ হৈছে ৰাজহুৱাকৈ তথ্য দিয়ক আজি আপোনাক ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই নিজে ফোন কৰি দিনৰ ১২ বজাৰ পিছত চেকখন লগাব দিছে। আপুনি লগাইছে কিন্তু আপোনাৰ চেকখন পাছ কৰাৰ দায়িত্ব আমাৰ,ৰাজধানী থিয়েটাৰ কৰ্তপক্ষৰ……আপুনি চেকখন পাছ নকৰোতেই,বাউঞ্চ নহওতেই কিয় পোষ্ট কৰি সাধাৰণ দৰ্শক আৰু আহ্বায়ক কমিতিৰ আগত আমাক বদনামী কৰিলে?”
কিন্তু ইয়াৰ পিছতো পাপৰি বৰাই কথাখিনি মানি ল’বলৈ অমান্তি হৈছে। এইক্ষেত্ৰত ভুল কাৰ, শুদ্ধ কাৰ, সেয়া সময়ত লক্ষণীয় হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















