পদক লাভ কৰিলে কোনোবাই ,শুভেচ্ছা লাভ কৰিলে আদিল হুছেইনে, হাঁহিত ফাটি পৰিছে অভিনেতাগৰাকী
বিশ্বজুৰি খলকনি তোলা এগৰাকী খেলুৱৈ। সাধাৰণ পাৱাৰ থকা চশমা পিন্ধিয়েই অনায়াসে আজুৰি আনিলে ৰূপৰ পদক। ১০ মিটাৰ পিষ্টল পুৰুষৰ ইভেণ্টত তুৰ্কীৰ খেলুৱৈ ইউছুফ ডেকেকে কোনো বিশেষ সঁজুলি যেনে চকুৰ বাবে আই কভাৰ, কানৰ বাবে ইয়েৰ কভাৰ ব্যৱহাৰ নকৰাকৈ এই ইভেণ্টত ভাগ লৈ পদক লৈ আহে।
পিন্ধনতো আছিল সাধাৰণ টি-চাৰ্ট আৰু ট্ৰেক পেণ্ট। দেখাত একেবাৰেই নালাগে অলিম্পিকত খেলিবলৈ অহা কোনো খেলুৱৈ বুলি। পাছে ৰূপৰ পদক লাভ কৰি সমগ্ৰ বিশ্বৰে দৃষ্টি কাঢ়ে।
https://x.com/mistercredible/status/1819298580823220474
কিন্তু ইয়াৰ পাছতে এক হাস্যকৰ ঘটনা সংঘটিত হৈছে। তুৰ্কীৰ ইউছুফৰ সলনি শুভেচ্ছাবাণী পালে বলীউডৰ অভিনেতা আদিল হুছেইনে। যি শুবেচ্ছা বাৰ্তা পাইয়ে এতিয়া হাঁহিত ফাটি পৰিছে আদিল হুছেইন।
তেখেতে সেই শুভেচ্ছা বাণী নিজে ওলোটাই শ্বেয়াৰ কৰি লিখিছে- যদিহে এয়া সঁচা হ’ল হৈ, অৱশ্যে এতিয়াও পলম হোৱা নাই প্ৰেক্টিছ কৰিবৰ বাবে। এই স্কিলৰ বাবে এটিটিউড মোৰ তাত পূৰ্বৰে পৰা আছেই।
অন্য বহু লোকেও এই বাৰ্তা দেখি ৰস পাইছে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বাৰ্তা । বহু লোকেই কৈছে আদিল হুছেইন সঁচাকৈ দেখাত তুৰ্কীৰ খেলুৱৈ ইউছুফৰ দৰে।
https://x.com/_AdilHussain/status/1819315948987285643
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















