ডিজিটেল ডেস্কঃ চন্দ্ৰৰ পিছত এইবাৰ সূৰ্য যাত্ৰা সফলভাৱে সমাপন কৰাৰ দিশে ভাৰত। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোয়ে শেহতীয়াকৈ সফলতাৰে পৃথিৱীৰ পৰা ১৫লাখ কিলোমিটাৰ নিলগত সফলতাৰে সংস্থাপন কৰিলে আদিত্য এল-১ক।
সূৰ্যৰ গতি-বিধিৰ সন্দৰ্ভত পুংখানুপুংখভাৱে অধ্যয়ন কৰিবলৈ ইছৰোয়ে আদিত্য এল-১ক শনিবাৰে অন্তিম গন্তব্যস্থলীত সফলতাৰে সংস্থাপন কৰাৰ পাছতে এতিয়া মহাকাশ বিজ্ঞানত আৰু এখোজ আগুৱালে ভাৰত। আদিত্য এল-১ক সংস্থাপন কৰা স্থানৰ পৰা সূৰ্য আৰু পৃথিৱীৰ দুৰত্ব প্ৰায় সমান।
উল্লেখ কৰা প্ৰয়োজন যে, ২০২৩ৰ ২ছেপ্তেম্বৰত শ্ৰী হৰিকোটাস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা আদিত্য এল-১ক সফলতাৰে প্ৰক্ষেপণ কৰা হৈছিল। বিজ্ঞানীসকলে অৱগত কৰা অনুসৰি, আদিত্য এল-১ৰ জৰিয়তে সূৰ্যৰ উত্তাপ, সূৰ্যৰ বাতাবৰণৰ লগতে সূৰ্যত ভূকম্পনৰ লগতে অন্যান্য বিভিন্ন দিশ অধ্যয়ন কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ