অসম লাইভ২৪ঃ পৃথিৱীৰ কক্ষপথ এৰিলে ইছৰোৰ সৌৰযান আদিত্য এল-১য়ে। কক্ষপথ পৰিবৰ্তন কৰি পৃথিৱীৰ মধ্যাকৰ্ষণৰ পৰা বাহিৰলৈ ওলাই গ’ল সৌৰযান আদিত্য এল-১। এইবাৰ আদিত্যৰ লক্ষ্য সূৰ্য আৰু পৃথিৱীৰ মাজৰ লেগৰেঞ্জ পয়েণ্ট বা এল১ পয়েণ্ট। ইছৰোৰে এক্স হেণ্ডেলত জনোৱা অনুসৰি মঙলবাৰে মাজনিশা ২ বজাত আদিত্য এল১য়ে পৃথিৱীৰ পঞ্চম কক্ষপথ পৰিবৰ্তন কৰি পৃথিৱীৰ কক্ষপথৰ পৰা বাহিৰলৈ ওলাইছে। ইছৰোৱে পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ বাহিৰত ট্ৰান্স লেগৰেঞ্জিয়ান পয়েণ্টত সৌৰযানখনক স্থাপন কৰিব।
ইছৰোৰ তৰফৰ পৰা জনোৱা অনুসৰি ১১০ দিন পাছত সৌৰযানখন এল১ৰ কাষ চাপিব। ইছৰোৱে এক্স হেণ্ডেলত লিখিছে, ‘সূৰ্য-পৃথিৱীৰ মাজৰ এল১ পয়েণ্টৰ ফালে ৰাওনা হৈছে আদিত্য। ট্ৰেন্স লেগৰেঞ্জিয়ান পয়েণ্ট১ ইনছাৰ্চন কৌশলেৰে যানখন এল১ পয়েণ্টত স্থাপন কৰিব। মহাকাশযানখনক বৰ্তমান থকা গতিপথেৰেই সূৰ্য-পৃথিৱীৰ এল১ পয়েণ্টলৈ লৈ যোৱা হ’ব।’
পূৰ্বেও পৃথিৱীৰ পৰা দূৰৰ কোনো মহাজাগতিক বস্তুৰ দিশেৰে মহাকাশযান পঠিয়াইছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। কেইবাদিন পূৰ্বে চন্দ্ৰযান-৩ৰ ক্ষেত্ৰত দুৰ্দান্ত সাফল্য লাভ কৰিছে ভাৰতীয় মহাকাশ সংস্থা ইছৰোৱে। চন্দ্ৰযান-৩ মিছনৰ মাজত আদিত্য এল১ পঠিয়াইছে ইছৰোয়ে। বিগত ২ছেপ্টেম্বৰত অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰিকোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা সূৰ্যৰ উদ্দেশ্যে ৰাওনা হৈছে আদিত্য এল১। বিগত দিন কেইটাত পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ মাজতেই ঘূৰি আছিল যানখন। পৃথিৱীৰ মুঠ ৫টা কক্ষপথ সলনি কৰাৰ পাছত যানখনে পৃথিৱীৰ মায়া এৰি সূৰ্যৰ দিশে ৰাওনা হৈছে।
সূৰ্য আৰু পৃথিৱীৰ মাজৰ এল১ পয়েণ্টত উপস্থিত হৈয়েই সূৰ্যক পৰ্যবেক্ষণ কৰিব যানখনে। পৃথিৱীৰ পৰা এই বিন্দুৰ দূৰত্ব হৈছে ১৫ লাখ কিঃমিঃ। সূৰ্য সম্পৰ্কে অনেক তথ্য ইছৰোলৈ পঠিয়াব আদিত্যই। ইয়াৰ মাজতেই সোমবাৰে ইছৰোয়ে জনাইছিল যে, কাম কৰিবলৈ আৰম্ভ কৰিছে আদিত্য এল১য়ে। সৌৰযানখনত থকা ষ্টেপ প্ৰযুক্তিয়ে কাম কৰিবলৈ আৰম্ভ কৰিছে। মূলত সৌৰজগতৰ নানান উপাদানক লৈ পৰীক্ষা নিৰীক্ষা চলাইছে এই ষ্টেপ প্ৰযুক্তিয়ে। আদিত্য এল১ ৰ গাত মুঠ ৬টা চেন্সৰ আছে। এই চেন্সৰসমূহৰ সহায়তেই সূৰ্যৰ কাষত থকা আয়ন আৰু ইলেক্ট্ৰন সংক্ৰান্তিয় তথ্য সংগ্ৰহ কৰিব যানখনে। পৃথিৱীৰ পৰা ৫০ হাজাৰ কিঃমিঃ দূৰৰ তথ্য ইতিমধ্যেই আদিত্যৰ হাতলৈ আহিছে। তাৰপৰাই তথ্য সংগ্ৰহ কৰি ইছৰোলৈ পঠিয়াব আদিত্য এল-১য়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ