অসম লাইভ২৪ঃ এডাল্ট ছবি চোৱাৰ নিচা যুৱপ্ৰজন্মৰ মাজত ভয়াৱহৰূপত বৃদ্ধি পাইছে৷ খুব কম বয়সীয়া নাবালকৰ মাজতো এই নিচা ভয়াৱহৰূপত বৃদ্ধি পাইছে৷ কমবয়সীয়া যুৱকৰ মাজত এই নিচা বৃদ্ধি পোৱাৰ সমীক্ষা প্ৰকাশ পোৱাৰ পাছতেই বৃদ্ধি হৈছে শংকাও৷ ১৪ ৰ পৰা ১৮ বছৰ বয়সীয়া কিশোৰৰ মাজত চলোৱা এক সমীক্ষাত প্ৰকাশ পোৱামতে ১২ বছৰ বয়সৰ পৰাই বহু কিশোৰে নীলা ছবিৰ পৃথিৱীৰ সৈতে পৰিচিত হৈ পৰিছে৷
এই সকলোবোৰৰ মাজতেই প্ৰকাশ পোৱা এক তথ্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ৷ এটি ৩ বছৰীয়া কণমানিয়েও নীলা ছবিৰ পৃথিৱীত খুবেই পৰিচিত৷ বিষয়টোক লৈ শংকিত হৈ পৰিছে বহু অভিভাৱকো৷ ১৪-১৮ বছৰীয়া কিশোৰৰ মাজত এই সমীক্ষা চলাইছে ‘ডিগনিফাই’ নামৰ এটা সংস্থাই৷ কিশোৰসকলক এই সমীক্ষা চলাওতে বিশেষভাৱে এটা প্ৰশ্নই সোধা হয় যে তেওঁ কিমান বয়সৰ পৰা এই ছবি চাবলৈ আৰম্ভ কৰিছিল?
সমীক্ষা চলোৱা প্ৰায় ১০০০ কিশোৰৰ ২২ শতাংশই গড় বয়স ১২ বছৰৰ পৰা এই ছবি চোৱাৰ কথা স্বীকাৰ কৰিছে৷ এই সকলোবোৰৰ মাজতেই এটি ৩ বছৰীয়া শিশুৰ পৰ্ণ এডিকছনৰ খবৰে কঢ়িয়াইছে অশনি সংকেত বুলিও সংস্থাটোৱে প্ৰকাশ কৰিছে৷ এই ধৰণৰ নিচা কম বয়সতে গঢ়ি উঠিলে পৃথিৱীত অপৰাধৰ সংখ্যা আৰু বৃদ্ধি পাব বুলিও জনাইছে সংস্থাটোৱে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ