আম্বানী-আদানীৰ ৫০ হাজাৰ কোটি টকাৰ পেকেজ, টাটাৰ ৩০ হাজাৰ চাকৰি লগতে শূন্য বিজুলী বিল
অডভাণ্টেড আসাম ২.০ৰ জৰিয়তে অসমলৈ বিনিয়োগৰ জোৱাৰ আহিছে। দেশৰ লগতে বিদেশৰ পৰাও বহু বিনিয়োগৰকাৰী আহিছে প্ৰচুৰ সম্ভৱনাপূৰ্ণ অসমলৈ বুলি। বহু বিনিয়োগকাৰীয়ে ইতিমধ্যে বুজাবুজিৰ চুক্তিৰ চাক্ষৰ কৰিছে।
ভাৰতৰ অন্যতম উদ্যোগপতি মুকেশ আম্বানী , গৌতম আদানী আদিয়েও হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে। লগতে টাটাৰ ফালৰ পৰাও অসমত বৃহৎ বিনিয়োগ। ৩০ হাজাৰৰো অধিক লোকৰ চাকৰিৰ লগতে অসমলৈ ৫০০ মেগাৱাট বিদ্যুৎ।
আজিৰ এডভাণ্টেজ আসামৰ চামিটত মুকেশ আম্বানীয়ে প্ৰথমে অসমলৈ বিনিয়োগৰ কথা ঘোষণা কৰে । আম্বানীয়ে সদৰি কৰা অনুসৰি ৫ বছৰত ৰিলায়েন্স গ্ৰুপে অসমত ৫০ হাজাৰ কোটি বিনিয়োগৰ প্ৰতিশ্ৰুতি। পূৰ্বৰ চামিটতো বহু হাজাৰ কোটি টকা বিনিয়োগ কৰিছিল আম্বানীৰ কোম্পানীয়ে।
এইবাৰ ৫টা বিশেষ ক্ষেত্ৰত এই বিনিয়োগ কৰিব আম্বানীয়ে। টেকনিকেলি অসমত এ আই উন্নীতকৰণৰ বাবে বিনিয়োগ ইয়াৰ বাবে এ আই হাইটেক চেণ্টাৰ নিৰ্মাণ কৰা হব অসমত, জিঅ ৫ জি উন্নীতকৰণৰ কাম কৰাৰো প্ৰতিশ্ৰুতি, বায়গেছ ইণ্ডাষ্ট্ৰিজ হাব তৈয়াৰ কৰা হব অসমত, ৰিলায়েন্সৰ ৰিটেইল ষ্টৰ ৪০০ৰ পৰা ৮০০ লৈ বৃদ্ধি কৰা হব অসমত। অসমত আম্বানী গ্ৰুপে নিৰ্মাণ কৰিব ৭তাৰকাযুক্ত হোটেল। এইকেউটা ক্ষেত্ৰতে অসমৰ ১০ ৰ পৰা ১২ হাজাৰ যুৱকযুৱতীক কৰ্মসংস্থাপন দিয়া হব বুলিও সদৰি আম্বানীৰ। ইয়াৰোপৰি ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰিজে অসমৰ বাঁহ শিল্প আৰু শুৱালকুছিৰ বস্ত্ৰ শিল্পৰ ওপৰতো বিশেষ বিনিয়োগ কৰিব ।
আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়েও অসমত ৫০হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা আজি এডভাণ্টেজ আছাম সন্মিলনত ঘোষণা কৰে। আদানী গ্ৰুপে বিমানবন্দৰ, এৰ’চিটী, চিটীগেছ, চিমেণ্ট আৰু পথ নিৰ্মাণত বিনিয়োগ কৰিব বুলি আজিৰ চামিটত সদৰি কৰে গৌতম আদানীয়ে।
আনহাতে পূৰ্বৰে পৰা অসমত বিশেষভাৱে বিনিয়োগ কৰি অহা টাটা গ্ৰুপে আৰু অধিক বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে। ইলেক্ট্ৰনিক্স আৰু ম’বাইলৰ এটা বৃহৎ মেনুফেকচাৰিং প্ৰকল্প নিৰ্মাণ কৰিব টাটাই। এই প্ৰকল্পত ৩০ হাজাৰৰ অধিক নিবনুৱাই চাকৰি পাব।
লগতে শূন্য বিজুলী বিলেৰে অসম পোহৰাবলৈ সাজু টাটা। বিদ্যুৎ বিলৰ পৰা অসমক মুক্ত কৰিব ৰতন টাটাই। ৰাজ্য চৰকাৰৰ উদ্যোগত অসমলৈ ৩লাখ বিনামূলীয়া ‘সূৰ্য্য ঘৰ’। ইয়াৰ বাবে ভূটানৰ পৰা টাটা পাৱাৰে অসমক দিব ৫০০ মেগাৱাট বিদ্যুৎ।
টাটা পাৱাৰে অসমত দিব ৩ লাখ ‘প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ’। অহা ৬-৭ বছৰত প্ৰতিবছৰে ১ গিগাৱাট নবীকৰণ শক্তি উৎপাদনৰ লক্ষ্য টাটা গ্ৰুপৰ। ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ প্ৰায় সমপৰ্যায়ৰ বিনিয়োগ কৰিব টাটাই। ইতিমধ্যে টাটা পাৱাৰৰ সৈতে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব। অসম চৰকাৰে ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ চুক্তিত স্বাক্ষৰ কৰিছে টাটা পাৱাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















