অসম লাইভ২৪ঃ মে মাহৰ প্ৰথম দিনাই মেষ ৰাশি এৰি বৃষ ৰাশিত প্ৰৱেশ কৰিব বৃহস্পতিয়ে। তাৰ কেইদিনমান পাছতেই বৃষ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰ গ্ৰহই। আগন্তুক ১৯ মে’ত বৃষ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। অর্থাত্ নিজৰ ঘৰত বৃহস্পতিৰ সৈতে মিলিত হ’ব শুক্ৰ।
১২ বছৰ পাছত বৃষ ৰাশিত মিলিত হ’ব দেৱগুৰু বৃহস্পতি আৰু দৈত্যগুৰু শুক্ৰ। বৃহস্পতি আৰু শুক্ৰৰ যুঁটিত গঠিত হ’ব গজলক্ষ্মী যোগ। আগন্তুক জুন মাহ পৰ্যন্ত এই যোগ থাকিব। জ্যোতিষ গণনা অনুসৰি দেৱ আৰু দৈত্যগুৰুৰ মিলনত লাভাম্বিত হ’ব তিনি ৰাশিৰ জাতক। জানি থওক কোন কোন ৰাশিৰ জাতক লাভাম্বিত হ’ব?
কৰ্কট ৰাশি
বৃহস্পতি আৰু শুক্ৰৰ মিলনত আগন্তুক মাহত গজলক্ষ্মী যোগ গঠিত হ’লে তাত ভাগ্য খুলিব কৰ্কট ৰাশিৰ জাতকৰ। কৰ্কটৰ জাতকৰ বাবে এই যোগ অত্যন্ত শুভ হ’ব। কেৰিয়াৰত এই সময়ত উন্নতিৰ শিখৰলৈ যোৱাৰ সোনালী সুযোগ। এই সময়ত নিজৰ পাবলগীয়া ধন হাতলৈ আহিব। স্বাস্থ্য পূৰ্বতকৈ ভাল। এই সময়ত আপোনাৰ জীৱনলৈ বিশেষ কোনো ব্যক্তিৰ আগমণ হ’ব পাৰে।
মেষ ৰাশি
দেৱ আৰু দৈত্যগুৰুৰ মিলনত মে মাহত সৌভাগ্যৰ দুৱাৰ খোল খাব মেষ ৰাশিৰ জাতকৰ। গজলক্ষ্মী যোগৰ শুভ প্ৰভাৱত জুন পৰ্যন্ত ভাল সময় কটাব আপুনি। এই সময়ত কেৰিয়াৰত উন্নতিৰ সুযোগ আহিব আপোনাৰ। মা লক্ষ্মীৰ আশীৰ্বাদত আৰ্থিক লাভ হ’ব। ব্যৱসায়ত উন্নতি কৰিব পাৰিব। মন আনন্দিত থাকিব মেষ ৰাশিৰ জাতকৰ। সন্তান সংক্ৰান্তীয় সুখবৰ পাব পাৰে।
সিংহ ৰাশি
বৃষ ৰাশিত ১৯ মেত গজলক্ষ্মী যোগ গঠিত হ’লে সৌভাগ্যৰ বন্য়া বব সিংহ ৰাশিৰ জাতকৰ জীৱনত। এই সময়ত নিজৰ উপাৰ্জন বহু পৰিমানে বৃদ্ধি পাব। ইয়াৰফলত আৰ্থিক অৱস্থাৰ উন্নতি হ’ব। পৰিয়াললৈকো সুখ আৰু শান্তি আহিব। ব্য়ৱসায়ৰ দিশৰ পৰা এই সময় আপোনাৰ বাবে বেছ লাভজনক হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















