৪৬ বছৰৰ মূৰকত খোল খালে জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ, কি কি আচৰিত সামগ্ৰী উদ্ধাৰ ভিতৰত
ওড়িশাৰ পুৰীৰ প্ৰভু জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ তথা কোষাগাৰৰ দ্বাৰ মুকলি কৰা হৈছে। আজি দেওবাৰ ১৪ জুলাই তাৰিখে দুপৰীয়া ১ বাজি ২৮ মিনিটত মুকলি কৰা হয় ৰত্ন ভাণ্ডাৰৰ দ্বাৰ। ৰাজ্য চৰকাৰে ৪৬ বছৰৰ মূৰকত এই কোষাগাৰৰ দ্বাৰ মুকলি কৰিছে। ইয়াৰ পূৰ্বে ১৯৭৮ চনত মুকলি কৰা হৈছিল এই ৰত্ন ভাণ্ডাৰ।
ৰাজ্যখনৰ আইন মন্ত্ৰী পৃথ্বীৰাজ হৰিচন্দনে ৰত্ন ভাণ্ডাৰ মুকলিৰ পিছত কেনেকৈ আৰু কি কি অভিলেখ লিপিবদ্ধ কৰা হ’ব সেই কথা জানিবলৈ দিয়ে। এই সমগ্ৰ প্ৰক্ৰিয়াটো কোনে নিৰীক্ষণ কৰিব সেঅ বিষয়েও সকলো সদৰি কৰে। ।
ৰত্ন ভঁৰাল খোলাৰ পূৰ্বে মন্ত্ৰী হৰিচন্দনে কৈছিল, ‘আজি অৰ্থাৎ ১৪ জুলাইত জগন্নাথ মন্দিৰৰ ৰত্ন ভঁৰাল মুকলি হ’বলৈ গৈ আছে ৷ ইয়াৰ বাবে চূড়ান্ত অনুমোদন দিছে মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰে মন্দিৰ পৰিচালনা সমিতিৰ বাবে সকলো মানক পৰিচালন পদ্ধতি (SOP) জাৰি কৰিছে আৰু একে আধাৰত সকলো কাম কৰা হ’ব। কোষাগাৰ আৰু তথ্য-পাতি পুনৰ মুকলি কৰাৰ বাবে প্ৰতিটো কাম সম্পূৰ্ণ কৰিবলৈ মানি চলিবলগীয়া পদ্ধতিসমূহো সিদ্ধান্ত লোৱা হৈছে। শ্ৰী জগন্নাথ মন্দিৰ প্ৰশাসনৰ মুখ্য প্ৰশাসকক সমগ্ৰ কামৰ নিৰীক্ষণৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
আইন মন্ত্ৰীগৰাকীয়ে লগতে ইয়াকো কয় যে, ‘যি কাম পূৰ্বৰ চৰকাৰসমূহে ২৪ বছৰত কৰিব নোৱাৰিলে, সেয়া এতিয়া কৰা হ’ব। এই সমগ্ৰ প্ৰক্ৰিয়াত স্বচ্ছতা বজাই ৰাখিবলৈ আমি ভাৰতীয় ৰিজাৰ্ভ বেংকক জড়িত কৰিবলৈ অনুৰোধ কৰিছিলোঁ, যিটো গ্ৰহণ কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এজন প্ৰতিনিধি ইয়াত অন্তৰ্ভুক্ত কৰা হ’ব।
প্ৰতিটো কাৰ্য্যকলাপৰ বাবে বিভিন্ন দল গঠন কৰা হৈছে। উদ্ধাৰ হোৱা গহনাবোৰৰ এটা ডিজিটেল কেটেলগ তৈয়াৰ কৰা হব। য’ত ফটোগ্ৰাফ, ইয়াৰ ওজন আৰু মানদণ্ডৰ লগতে অন্যান্য বিষয়সমূহো অন্তৰ্ভুক্ত কৰা হ’ব। এই সকলোবোৰ বস্তুৰে এটা ডিজিটেল কেটেলগ তৈয়াৰ কৰা হ’ব। ডিজিটেল কেটেলগটো হ’ব এটা ৰেফাৰেন্স ডকুমেণ্ট। আগন্তুক দিনত যেতিয়াই পুনৰ গণনা কৰা হযব তেতিয়াই এই কেটলগৰ সহায় ল’ব পাৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















