‘বাবা ছিদ্দিকীৰ তুলনাত ছলমানৰ অধিক বেয়া হ’ব পৰিস্থিতি’- পুনৰ ভাবুকি ছলমান খানক
বৰ্তমান বলীউডৰ অভিনেতা ছলমান খানৰ সুৰক্ষাক লৈ সকলোৰে উত্তেজনা। বাবা ছিদ্দিকী হত্যাকাণ্ডৰ পিছৰে পৰা ছলমান খানৰ নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হৈছে। ছলমানৰ নিৰাপত্তাৰ বাবে ছলমানৰ ঘৰৰ বাহিৰতো আৰক্ষী উপস্থিত, কিন্তু ইয়াৰ মাজতে পুনৰ ছলমান খানক লৈ ডাঙৰ খবৰ আহিছে। লৰেন্স বিষ্ণোই গেঙৰ ঘনিষ্ঠ ব্যক্তিৰ পৰা পুনৰ ভাবুকি লাভ কৰিছে ছলমান খানক।
মুম্বাই যান-বাহন আৰক্ষীয়ে ছলমান খানৰ নামত এক ভাবুকি বাৰ্তা লাভ কৰিছে। মেছেজ দিয়া জনে নিজকে লৰেন্স বিষ্ণয় গেঙৰ ঘনিষ্ঠ বুলি অভিহিত কৰিছে। মুম্বাই ট্ৰেফিক পুলিচৰ হোৱাটছএপ নম্বৰত লৰেন্স বিষ্ণয়ৰ সৈতে দীৰ্ঘদিনীয়া শত্ৰুতা শেষ কৰিবলৈ অভিনেতা ছলমান খানৰ পৰা ৫ কোটি টকাৰ দাবী জনাই ভাবুকিপূৰ্ণ বাৰ্তা আহিছে।
মেছেজত লিখা আছে- ‘এই কথাটো সহজভাৱে ল’ব নালাগে, নহ’লে বাবা ছিদ্দিকীতকৈও বেয়া হ’ব ছলমান খানৰ অৱস্থা’।
ইতিমধ্যে পৰিবেশ অতি উত্তপ্ত হৈ পৰা সময়তে এই ভাবুকি লাভ কৰিছে ছলমান খানে। বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত ছলমান খানৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বাবাৰ হত্যাৰ পিছত ছলমান খানৰ নিৰাপত্তাও বৃদ্ধি কৰা হৈছে। কাকো ঘৰলৈ নাহিবলৈও আহ্বান জনাইছে খান পৰিয়ালে। এনে পৰিস্থিতিত পুনৰ ভাবুকি পোৱা ছলমান খানে অভিনেতাজনৰ অনুৰাগী আৰু প্ৰশংসকৰ চিন্তা বৃদ্ধি কৰিছে।
উল্লেখযোগ্য যে শেহতীয়াকৈ এন চি পি অজিত পাৱাৰ ফৈদৰ নেতা তথা কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক বাবা ছিদ্দিকীক মুম্বাইত হত্যা কৰা হৈছে, যাৰ দায়িত্ব লৰেন্স বিষ্ণয় চক্ৰই লোৱা বুলি অভিযোগ উঠিছে। একে সময়তে এতিয়া ছলমান খানেও এই ভাবুকি লাভ কৰিছে, তেওঁ নিজকে লৰেন্স বিষ্ণয় গেঙৰ ঘনিষ্ঠ বুলি ঘোষণা কৰিছে। ইয়াৰ পিছত পুনৰ বৃদ্ধি পাইছে ছলমানক লৈ উত্তেজনা। অভিনেতাগৰাকীক লৈ চিন্তিত হৈ পৰিছে অনুৰাগী আৰু আপোনজন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















