নৱবিৱাহিত এগৰাকী মহিলাই স্বামীৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰশাসনৰ শৰণাপন্ন হৈছে। নৱবিৱাহিত মহিলাগৰাকীয়ে স্বামীৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেয়া শুনিলে আপোনাৰো চকু কপালত উঠিব। বিৱাহৰ পিছৰে পৰা মহিলাগৰাকীৰ স্বামীয়ে মহিলাগৰাকীক অন্য পুৰুষৰ সৈতে স্বামীজনৰ সন্মুখত শাৰীৰিক সম্পৰ্ক স্থাপনৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উত্তৰপ্ৰদেশৰ আগ্ৰাৰ হৰিপৰ্বতত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ অভিযোগ। কেৱল সেয়াই নহয় নৱবিৱাহিত মহিলাগৰাকীয়ে স্বামী আৰু শহুৰেকৰ বিৰুদ্ধে যৌতুক বিচাৰিও মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
নৱবিৱাহিত মহিলাগৰাকীৰ অভিযোগ অনুসৰি, তেওঁৰ পিতৃয়ে বিৱাহৰ বাবে প্ৰায় ১ কোটি টকা খৰচ কৰিছিল। ইয়াৰ পিছতো শহুৰেকৰ পৰিয়ালে যৌতুকৰ দাবী অব্যাহত ৰাখিছিল। বিয়াৰ সময়তো তেওঁৰ শহুৰেকে ২৫ লাখ টকা যৌতুক হিচাপে দাবী কৰিছিল বুলি অভিযোগ উঠিছে। মহিলাগৰাকীৰ পিতৃয়ে সেই ধন দিছিল বুলিও অভিযোগত উল্লেখ কৰা হৈছে। মহিলাগৰাকীৰ বিৱাহ অনুষ্ঠান ২০২৬ চনৰ ২০ এপ্ৰিলত অনুষ্ঠিত হৈছিল।
অভিযোগ অনুসৰি, বিয়াৰ পিছদিনাই স্বামীয়ে মহিলাগৰাকীৰ সন্মুখত এক অত্যন্ত আপত্তিজনক চৰ্ত ৰাখিছিল। স্বামীয়ে কৈছিল যে তেওঁৰ প্ৰাক্তন প্ৰেমিকাই তেওঁক প্ৰতাৰণা কৰিছিল। সেয়েহে এতিয়া তেওঁ বিচাৰে যে পত্নীয়ে তেওঁৰ এজন বন্ধুৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰক। মহিলাগৰাকীয়ে এই কথাত তীব্ৰ আপত্তি জনোৱাৰ পিছতো স্বামীয়ে তেওঁক হেঁচা দি থাকিছিল বুলি অভিযোগ কৰা হৈছে। ইয়াৰ ফলত তেওঁ মানসিকভাৱে যথেষ্ট চাপ আৰু হতাশাৰ সন্মুখীন হোৱা বুলি এজাহাৰত উল্লেখ কৰিছে।
ইয়াৰ উপৰি মহিলাগৰাকীয়ে স্বামীৰ বিৰুদ্ধে তেওঁৰ ব্যক্তিগত আৰু কোম্পানীৰ গোপনীয় তথ্য চুৰি কৰাৰো অভিযোগ উত্থাপন কৰিছে। তেওঁৰ অভিযোগ অনুসৰি, তেওঁৰ মোবাইল ফোনটো আনলক কৰাৰ পাছৱৰ্ড লাভ কৰি স্বামীয়ে ফোনত থকা ব্যক্তিগত আৰু সংবেদনশীল কোম্পানীৰ তথ্য কপি কৰিছিল।
পিছত চাকৰিত যোগদান কৰিবলৈ মহিলাগৰাকী বেংগালুৰুলৈ যোৱাৰ সময়তো স্বামী তাত উপস্থিত হৈছিল বুলি অভিযোগ। তেওঁৰ অভিযোগ অনুসৰি, স্বামীয়ে তেওঁৰ মোবাইল ফোন আৰু কোম্পানীৰ লেপটপৰ পৰা ব্যক্তিগত বাৰ্তা, কোম্পানীৰ গোপনীয় তথ্য আৰু সহকৰ্মীসকলৰ সৈতে জড়িত তথ্য নিজৰ ফোনলৈ স্থানান্তৰ কৰিছিল। মহিলাগৰাকীৰ দাবী, এতিয়া সেই চুৰি কৰা তথ্য ব্যৱহাৰ কৰি স্বামীয়ে তেওঁক বদনাম কৰাৰ ভাবুকি দি আছে। সেয়েহে তেওঁ আৰক্ষীক চুৰি হোৱা তথ্য উদ্ধাৰ কৰাৰ লগতে ঘটনাটোৰ সম্পূৰ্ণ তদন্ত কৰি অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। আৰক্ষীয়ে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















