আজিৰে পৰা টাটা গ্ৰুপৰ অধীনত চলিব এয়াৰ ইণ্ডিয়া বিমান৷ কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে টাটা গ্ৰুপলৈ হস্তান্তৰ কৰে বিমান কোম্পানী এয়াৰ ইণ্ডিয়াক৷ আৰু এয়াৰ ইণ্ডিয়াক হস্তগত কৰিয়েই প্ৰথম দিনাই বিমান উৰণৰ ক্ষেত্ৰত টাটাই সলনি কৰে বহুকেইটা নিয়ম৷
‘উন্নত ভোজন সেৱা’ৰে টাটাই আৰম্ভ কৰে এয়াৰ ইণ্ডিয়াৰ প্ৰথমটো উৰণ৷ উল্লেখ্য, প্ৰায় ৬৯ বছৰ পূৰ্বে টাটাৰ গ্ৰুপৰ পৰা এয়াৰ ইণ্ডিয়াক পৃথক কৰাৰ পাছত আজি পুনৰ টাটালৈ হস্তান্তৰ কৰা হয় বিমান কোম্পানীটোক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ