দেশৰ বিমান যাত্ৰীসকলক ভাল খবৰ দিছে মোদী চৰকাৰে৷ এতিয়াৰে পৰা নিজৰ পছন্দৰ ছিট বুক কৰাৰ বাবে পৃথককৈ কোনো চাৰ্জ দিব নালাগে৷ এই নতুন নিয়ম আনিছে মোদী চৰকাৰে৷ এই খবৰ ভাইৰেল হোৱাৰ পাছতেই সুখী হৈছে যাত্ৰীসকল৷
অসামৰিক বিমান মন্ত্ৰণালয়ৰ পক্ষৰ পৰা জনোৱা হৈছে যে এতিয়াৰে পৰা প্লেনৰ মোটামুটি ৬০ শতাংশ চিট বিনামূলীয়াকৈ বাচি লোৱাৰ বাবে খোলা ৰাখিব লাগিব৷ ইয়াৰ অৰ্থ এয়াই যে এই ৬০শতাংশ চিটৰ মাজত নিজৰ বাবে যিকোনো এটা চিট ল’বলৈ আপুনি পৃথককৈ ধন দিব নালাগে৷ ৱেব চেক ইন কৰাৰ সময়তেই আপুনি অনায়াসে নিজৰ পছন্দৰ চিট বুক কৰিব পাৰে৷
চৰকাৰৰ পক্ষৰ পৰা জনোৱা হৈছে যে যাত্ৰীসকলৰ পৰিসেৱা খৰচ কমাবলৈকে এই সিদ্ধান্ত লৈছে অসামৰিক বিমান মন্ত্রণালয়ে৷ সেয়ে এতিয়াৰে পৰা সকলো এয়াৰলাইন্সকে নিৰ্দেশ দিয়া হৈছে যাতে ৬০ শতাংশ চিট বুক কৰাৰ ক্ষেত্ৰত টকা ল’ব নোৱাৰিব৷ এইসমূহ চিট যাত্ৰীক বিনামূলীয়াকৈ দিব লাগিব৷
পূৰ্বে কি নিয়ম আছিল?
পূৰ্বে ৱেব চেক ইন কৰাৰ সময়ত বহু বিমান সংস্থাই যাত্ৰীসকলৰ পছন্দৰ ছিট বাচি লোৱাৰ ক্ষেত্ৰত পৃথককৈ চাৰ্জ লৈছিল৷ ধৰক আপুনি পিছৰ চিটত বহিব খোজে বা খিৰিকিৰ কাষৰ চিট বিচাৰে তেতিয়া পৃথককৈ ধন ভৰিব লগা হৈছিল৷ এই নিয়মক লৈ ক্ষোভিত হৈছিল বহু যাত্ৰী৷ আৰু শেষত জনতাৰ ক্ষোভ দূৰ কৰিবলৈকে বিশেষ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















