অসম লাইভ২৪ঃ অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ বিবাহৰ প্ৰায় ১৭ বছৰ পাৰ হৈছে। ২০০৭ চনত মুম্বাইত বিবাহপাশত আৱদ্ধ হৈছিল দম্পত্তিহাল। বিবাহৰ পূৰ্বে ছলমান খানৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ঐশ্ব্যৰ্যৰ। কিন্তু বিবাহৰ পাছত দুয়োৰে মাজত কিন্তু কোনোধৰণৰ যোগাযোগ নাছিল। অভিষেকৰ সৈতে সংসাৰ আৰম্ভ কৰাৰ পাছত ছলমানেও শুভেচ্ছাই জনাইছিল প্ৰাক্তন প্ৰেয়সীক। ছলমানৰ সৈতে অভিষেকৰো ভাল সম্পৰ্কই আছিল।
২০১০ চনত এক সাক্ষাৎকাৰত ছলমানৰ কিছু কথা চৰ্চালৈকো আহিছিল। তেওঁ ঐশ্ব্যৰ্যৰ বিবাহক লৈ এক অদ্ভুত মন্তব্য কৰিছিল। ভাইজানে কৈছিল, ‘মই খুব সুখী যে ঐশ্ব্যৰ্যই অভিষেকক বিয়া কৰাইছে। ঐশ্বৰ্যও এতিয়া বচ্চন পৰিয়ালৰ দৰে বিশিষ্ট পৰিয়ালৰ অংশ হৈ পৰিছে।’
বচ্চন পৰিয়ালৰ নানান সমস্যা এতিয়া পোহৰলৈ আহিছে। বহুতেই কৈছে, অচিৰেই অভিষেক আৰু ঐশ্ব্যৰ্যৰ বিবাহবিচ্ছেদ হ’ব। ছলমান খানক এই সন্দৰ্ভত এক জনপ্ৰিয় টেলিভিছন অনুষ্ঠানত প্ৰশ্ন কৰা হৈছিল, ঐশ্ব্যৰ্যৰ বিচ্ছেদৰ যি গুজৱ ভাইৰেল হৈছে এই কথা সঁচা নেকি? আপুনি এই সন্দৰ্ভত কি কয়?’ এই প্ৰশ্নৰ উত্তৰত ছলমানে পোনপটীয়াকৈ কয়, ‘ইমান বছৰ দুয়োৱে সংসাৰ কৰিলে। অভিষেক এজন ভাল মানুহ। তেওঁলোক দুয়ো দুয়োকে লৈ সুখী। প্ৰাক্তন প্ৰেয়সী সুখত থকাটো মই কিয় নিবিচাৰিম?’
উল্লেখ্য যে ঐশ্ব্যৰ্য ৰায় আৰু অভিষেকে ১৭সংখ্যক বিবাহবাৰ্ষিকী পালন কৰিছে। তেওঁলোকৰ দুয়োৰে মাজলৈ আহিছে আৰাধ্যাও। এই সময়ত আকৌ একাংশই কৈছে যে, দুয়োৰে সম্পৰ্ক মুঠেও ভালে নাই। কন্যা আৰাধ্যক লৈ ঐশ্ব্যৰ্যই এতিয়া একক সংসাৰেই গঢ়ি তুলিছে। ঐশ্ব্যৰ্যৰ প্ৰাক্তন প্ৰেমিক ছলমান অৱশ্যে এতিয়াও অবিবাহিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ