ডিজিটেল ডেস্কঃ নতুনকৈ ফোন লোৱাৰ কথা চিন্তা কৰি আছে নেকি! আই ফোন লম বুলি ভাৱি থকা সকলৰ বাবে এই খবৰ খুবেই জৰুৰী। ১৩হাজাৰো অধিক টকাৰ ৰেহাই মূল্যত আপুনি এতিয়া ক্ৰয় কৰিব পাৰিব আপোনাৰ হেপাঁহৰ আই ফোনটো। iPhone 15 series ২০২৩ৰ ছেপ্তেম্বৰ মাহত বজাৰত মুকলি কৰা হৈছিল। মুকলিৰ সময়ত এই ফোনটোৰ মূল্য আছিল ৭৯, ৯০০টকা। কিন্তু শেহতীয়াকৈ এই ফোনটোৰ মূল্য অভাৱনীয়ভাৱে হ্ৰাস পাইছে।
iPhone 15ৰ টপ মডেলৰ ফোনটো এতিয়া আপুনি ১৩হাজাৰৰো অধিক ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব। মুকলিৰ পাছতে ৭৯,৯০০টকীয়া এই ফোনটো এতিয়া আপুনি নিজৰ কৰি লব পাৰিব মাত্ৰ ৬৬,৯৯৯টকাত। শেহতীয়াকৈ ই কৰ্মাচ বেৱচাইট ফ্লিপকাৰ্টে এই ফোনটো ৰেহাই মূল্যত গ্ৰাহকৰ হাতত তুলি দিছে। আপুনি আপোনাৰ বেংক অফাৰৰ জৰিয়তে ৬৬,৯৯৯টকাতো ১০শতাংশ ৰেহাই লাভ কৰিব।
উল্লেখ কৰা প্ৰয়োজন যে, এপলে শেহতীয়াকৈ মুকলি কৰা iPhone 15ত আছে বহুকেইটা বিশেষ সুবিধা। পূৰ্বৰ ছাৰ্জাৰৰ পৰিৱৰ্তে এই ফোনটোত আছে সহজলভ্য চি টাইপৰ চাৰ্জাৰ পিন। এই ফোনটোত ৬.১ ইঞ্চিৰ চুপাৰ ৰেটিনা XDR OLED ডিচপ্লেৰ লগতে ৬জিবিৰ ৰেম আৰু ৫১২জি বিৰ ষ্টোৰেজ লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ