অসম লাইভ২৪ঃ উন্নত হোৱা নাই বিধায়ক অখিল গগৈৰ স্বাস্থ্য৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত কাৰ্ডিঅ’লজি বিভাগৰ আইচিইউত ভৰ্তি হৈ আছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ৷ জেলত থকাৰে পৰাই হৃদৰোগে শৰীৰত বাহৰ পতাৰ কথা উল্লেখ কিৰছিল বিধায়কগৰাকীয়ে৷
চিকিৎসকে দিয়া প্ৰতিবেদন অনুসৰি বিধায়ক অখিল গগৈক এক জটিল অস্ত্ৰোপচাৰৰ প্ৰয়োজন আছে৷ কিন্তু এই অস্ত্ৰোপছাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সম্ভৱ নহয়৷ উন্নত চিকিৎসাৰ বাবে অখিল গগৈক বাহিৰলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তা আছে বুলিও জনাইছে চিকিৎসকে৷
উল্লেখ্য যে চিকিৎসকৰ পৰামৰ্শ মানি অচিৰেই অখিল গগৈক ৰাজ্যৰ বাহিৰলৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱাৰ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ