হেৰা ফেৰী ৩ বিতৰ্ক: পৰেশ ৰাৱাললৈ ২৫ কোটি টকাৰ আইনী জাননী প্ৰেৰণ অক্ষয় কুমাৰৰ
হেৰা ফেৰী আৰু ফিৰ হেৰা ফেৰীৰ পিছত এতিয়া ইয়াৰ তৃতীয় খণ্ডৰ বাবে অপেক্ষা কৰি আছে অনুৰাগীয়ে সকল। কিন্তু চিনেমাখন আৰম্ভ হোৱাৰ পূৰ্বেই লাগিছে অথন্তৰ। পৰেশ ৰাৱালে আৰু এই চিৰিজৰ অংশ নহয় বুলি উঠাই দিছে। যিয়ে বাবু ৰাওৰ চৰিত্ৰ ৰূপায়ন কৰিছিল।
অনুৰাগীসকলে এই খবৰৰ পৰা নিজকে ওলাই অনাৰ পূৰ্বেই এইবাৰ অক্ষয় কুমাৰে পৰেশ ৰাৱালৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লয়। পৰেশ ৰাৱাললৈ ২৫ কোটি টকাৰ আইনী জাননী প্ৰেৰণ কৰিছে অভিনেতা অক্ষয়ে।
অক্ষয় কুমাৰে তেওঁৰ প্ৰডাকচন হাউচ কেপ অফ গুড ফিল্মছৰ জৰিয়তে পৰেশ ৰাৱাললৈ প্ৰেৰণ কৰিছে এই জাননী। প্ৰতিবেদন অনুসৰি প্ৰডাকচন হাউছে পৰেশ ৰাৱালক অপেছাদাৰী আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। দাবী কৰা হৈছে যে পৰেশ ৰাৱালে হেৰা ফেৰী ৩ৰ আইনী চুক্তি স্বাক্ষৰ কৰিছিল আৰু শ্বুটিো আৰম্ভ কৰিছিল।
কিন্তু ইয়াৰ পিছতো বাবু ৰাও তথা পৰেশ ৰাৱালে হঠাতে ছবিখন নকৰো বুলি এৰি দিয়ে। তেওঁৰ এই সিদ্ধান্তই ছবিখনৰ ক্ষতিসাধন কৰিছে, যাৰ বিনিময়ত নিৰ্মাতাসকলে ২৫ কোটি টকা ক্ষতিপূৰণৰ দাবী জনাইছে অভিনেতাগৰাকীক।
উল্লেখ্য যে, এই হেৰা-ফেৰী চিৰিজৰ তৃতীয়টো ভাগ প্ৰযোজনা কৰিছে অক্ষয় কুমাৰে। অক্ষয় কুমাৰে নিজৰ খৰচত হেৰা ফেৰী ৩ বনাইছে। সূত্ৰই জনোৱা মতে, বক্স অফিচৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অক্ষয় কুমাৰৰ প্ৰডাকচন হাউচ কেপ অৱ দ্য গুড ফিল্মছে নিজৰ ধন বিনিয়োগ কৰি ছবিখনক ঋণমুক্ত কৰি তুলিছিল। এতিয়া অনুমান কৰা হৈছে যে পৰেশ ৰাৱালৰ ছবিখনৰ পৰা আঁতৰি অহাৰ ফলত তেওঁৰ বাবে সৰ্বাধিক লোকচান হ’ব পাৰে।
ছবিখনৰ পৰিচালক প্ৰিয়াদৰ্শনেও নিশ্চিত কৰিছে যে অক্ষয় কুমাৰে পৰেশ ৰাৱালক আইনী জাননী প্ৰদান কৰিছে। লগতে প্ৰিয়দৰ্শনে কয়, ‘ পৰেশ ৰাৱালে হঠাতে এই সিদ্ধান্ত লৈছে, তেখেতে মোৰ লগত কথাও পতা নাছিল আৰু তেওঁ সিদ্ধান্তৰ কোনো কাৰণো দিয়া নাছিল।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















