অসম লাইভ ২৪ঃ দুদিনৰ ভিতৰত দুটাকৈ সুখৰ খবৰে গৌৰাৱান্বিত কৰি তুলিছে ৰাজ্যবাসীক৷ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত ইটোৰ পাছত সিটো সফলতা আজুৰি আনিবলৈ সক্ষম হৈছে প্ৰতিভাৱান অসম সন্তানে৷ মহাকাশ গৱেষণা সংস্থা ISROৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে তিতাবৰৰ যুৱক অলকেশ কলিতা। ৰাজ্যবাসীৰ লগতে তিতাবৰ বাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে অলকেশ কলিতাই। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISROৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে অসম সন্তান তিতাবৰৰ যুৱক অলকেশ কলিতা।ভাৰতীয় মহাকাশ সংস্থাৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে অলকেশ কলিতা।অহা ৮ জানুৱাৰীত চণ্ডীগড়ৰ SCLত ISRO ৰ বিজ্ঞানী হিচাপে যোগদান কৰিব অলকেশ কলিতাই৷ উল্লেখ্য, ইয়াৰ পূৰ্বে ৩০ ডিচেম্বৰৰ ভিতৰত সতীশ ধাৱান স্পেচ চেণ্টাৰত যোগদান কৰিব অসম কন্যা নাজনীন য়াচমিনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ