• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকাশত ‘ছাৰ্জিকেল ষ্ট্ৰাইক’ ভাৰতৰ! গোপনে ধ্বংস কৰিছিল নিজৰেই এটা উপগ্ৰহ, আঁৰৰ কাৰণ জানেনে?

মহাকাশত ‘ছাৰ্জিকেল ষ্ট্ৰাইক’ ভাৰতৰ! গোপনে ধ্বংস কৰিছিল নিজৰেই এটা উপগ্ৰহ, আঁৰৰ কাৰণ জানেনে?

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

13 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

14 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

15 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

15 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

16 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

17 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

17 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

18 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

18 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

19 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

20 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

মহাকাশত ‘ছাৰ্জিকেল ষ্ট্ৰাইক’ ভাৰতৰ! গোপনে ধ্বংস কৰিছিল নিজৰেই এটা উপগ্ৰহ, আঁৰৰ কাৰণ জানেনে?

editor by editor
March 28, 2024
in বিজ্ঞান, ভাৰত, লেখা, শিক্ষা
0
মহাকাশত ‘ছাৰ্জিকেল ষ্ট্ৰাইক’ ভাৰতৰ! গোপনে ধ্বংস কৰিছিল নিজৰেই এটা উপগ্ৰহ, আঁৰৰ কাৰণ জানেনে?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মহাকাশতো ছাৰ্জিকেল ষ্ট্ৰাইক। অবিশ্বাস্য যেন লাগিলেও এই কাম কৰি দেখুৱাইছে আমাৰ দেশেই। প্ৰায় ৩০০ কিঃমিঃ দূৰত্বৰ পৰা সৰু বুলেটেৰে মহাকাশৰ বুকুতেই ছিন্নভিন্ন কৰি দিছিল এটা উপগ্ৰহক। সেই উপগ্ৰহ আকৌ অন্য দেশৰ নহয়, এই উপগ্ৰহ আছিল ভাৰতবৰ্ষৰেই। ২০১৯ চনৰ ২৭ মাৰ্চ অৰ্থাৎ পাঁচ বছৰ পূৰ্বে ভাৰতৰ প্ৰতিৰক্ষা বিজ্ঞানীয়ে ক্ষেপণাস্ত্ৰ এৰি সেই উপগ্ৰহটো ধ্বংস কৰি পেলাইছিল। ভাৰতৰ প্ৰতিৰক্ষা বিজ্ঞানীয়ে যি উপগ্ৰহ ধ্বংস কৰিছি সেই উপগ্ৰহৰ নাম আছিল মাইক্ৰছেট- আৰ। কিন্তু কিয় মাজ আকাশতে ধ্বংস কৰি দিয়া হৈছিল সেই উপগ্ৰহটো?

মাইক্ৰছেট-আৰ ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই পৰীক্ষামূলকভাৱে তৈয়াৰ কৰা এটা উপগ্ৰহ আছিল। ২০১৯ চনৰ ২৪ জানুৱাৰীত ভাৰতৰ মহাকাশ বন্দৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা সেই উপগ্ৰহ মহাকাশলৈ পঠিওৱা হৈছিল। ইছৰোৱে উৎক্ষেপণ কৰিছিল এই উপগ্ৰহ। উৎক্ষেপণৰ ১৩মিনিট ২৬ ছেকেণ্ডৰ ভিতৰত সেই উপগ্ৰহ গন্তব্য স্থানত উপস্থিত হয়। ইয়াৰ পাছতেই এমাহ পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে এই উপগ্ৰহটোৱে। সেই সময়ত ডিআৰডিও বিজ্ঞানীয়ে ধৈৰ্য্য ধৰি অপেক্ষা কৰিছিল এক মাহেন্দ্ৰক্ষণৰ। সেই মাহেন্দ্ৰক্ষণটো আহিল সেই বৰ্ষৰেই ২৭ মাৰ্চত।

বিশেষ কৃত্ৰিম উপগ্ৰহ মাইক্ৰছেট আৰক লক্ষ্য কৰি এ পি জে আব্দুল কালাম দ্বীপৰ পৰা এটা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে প্ৰতিৰক্ষা বিজ্ঞানীয়ে। নিক্ষেপৰ তিনি মিনিটৰ ভিতৰতেই সেই ক্ষেপণাস্ত্ৰৰ ধাক্কাত টুকুৰা টুকুৰ হৈ যায় উপগ্ৰহটো। সেই অভিযানৰ নাম আছিল ‘মিছন শক্তি’। এই ক্ষেপণাস্ত্ৰ নিক্ষেপণ ভাৰতৰ অন্যতম বৃহৎ সাফল্য হিচাপে স্বীকৃত হয়। কাৰণ তেতিয়া পৰ্যন্ত কেৱলমাত্ৰ আমেৰিকা, ৰাছিয়া আৰু চীনৰ ওচৰত উপগ্ৰহবিৰোধী ক্ষেপণাস্ত্ৰ আছিল। এই বিশেষ পৰীক্ষাক মহাকাশত চলোৱা ছাৰ্জিকেল ষ্ট্ৰাইক হিচাপেও বৰ্ণনা কৰা হৈছিল। কিন্তু কিয় নিজৰ উপগ্ৰহ নিজেই ধ্বংস কৰা সেই বিশেষ ক্ষণটোক উদযাপন কৰিছিল ভাৰতীয় বিজ্ঞানীয়ে?

মহাকাশত ভাৰতৰ ৫০তকৈয়ো বেছি উপগ্ৰহ আছে। সেই উপগ্ৰহসমূহ পঠিয়াবলৈ খৰচ হৈছে ৫০হাজাৰতকৈয়ো অধিক ধন। এই ধন খৰচ হোৱাতকৈ ডাঙৰ কথা হৈছে এই উপগ্ৰহসমূহ মহাকাশত বিকল হ’লে সেই উপগ্ৰহ ধ্বংস কৰাৰ খৰচ। এইসমূহৰ ওপৰিও ভৱিষ্যতে দেশৰ কৃত্ৰিম উপগ্ৰহসমূহ বিপদৰ মুখত পৰিলে ভাৰতে যাতে তাৰ পূৰ্বেই সেই উপগ্ৰহটোক ধ্বংস কৰিব পাৰে তাৰবাবেও এই ছাৰ্জিকেল ষ্ট্ৰাইক খুবেই গুৰুত্বপূৰ্ণ। নিজা তথ্য যাতে অন্য কোনোৱে লাভ কৰিব নোৱাৰে তাৰবাবে পৰীক্ষামূলকভাৱে এই কৃত্ৰিম উপগ্ৰহ ধ্বংস কৰি পৰীক্ষা কৰা হৈছিল।

এটা কৃত্ৰিম উপগ্ৰহ মহাকাশতে ধ্বংস কৰি পেলোৱা সাধাৰণ বিষয়ো নহয়। মহাকাশত কৃত্ৰিম উপগ্ৰহ একোটাই প্ৰায় ২৮ হাজাৰ কিঃমিঃ প্ৰতি ঘণ্টা বা প্ৰায় প্ৰতি ছেকেণ্ডত ৮ কিঃমিঃ বেগত পৃথিৱীক প্ৰদক্ষিণ কৰি থাকে। ভাৰতৰ বিশেষ কৃত্ৰিম উপগ্ৰহটোক ধ্বংস কৰিবলৈ ভাৰতে পৃথ্বী ডিফেন্স ভেহিকল মাৰ্ক-২ নামৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছিল। এই ক্ষেপণাস্ত্ৰই গতিশীল কৃত্ৰিম উপগ্ৰহটোক কেইটামান ছেকেণ্ডৰ ভিতৰতেই ধ্বংস কৰাত সফলো হয়। ক্ষেপণাস্ত্ৰটোৰ দৈৰ্ঘ্য আছিল ১৩ মিটাৰ। ওজন প্ৰায় ২০ হাজাৰ কিঃগ্ৰাঃ। ‘মিশন শক্তি’ য়ে এই কথাই প্ৰমাণ কৰিছিল যে ৩০০ কিঃমিঃ উচ্চতাত থকা যি কোনো উপগ্ৰহক ধ্বংস কৰিবলৈ সক্ষম হ’ব ভাৰত।

ডি আৰ ডি ওৰ মতে অন্তত ১৫ বছৰ ধৰি উপগ্ৰহৰোধী অস্ত্ৰ পৰীক্ষা কৰি আহিছিল ভাৰতে। অৱসৰপ্ৰাপ্ত উইং কমাণ্ডাৰ তথা ভাৰতৰ একমাত্ৰ মহাকাশচাৰী ৰাকেশ শৰ্মাই এই সন্দৰ্ভত দিয়া ভাষ্যমতে, ‘মিশন শক্তিয়ে ভাৰতৰ মহাকাশত দুষ্ট চকুবোৰৰ পৰা ৰক্ষা কৰিব পৰা ক্ষমতা দিছে।’ এই পৰীক্ষা কৰাৰ বাবে ভাৰতে সমালোচনাৰো সন্মুখীন হৈছিল। আমেৰিকাসহ কেইবাখনো দেশে জনাইছিল যে এই ধৰণৰ পৰীক্ষাই মহাকাশত আবৰ্জনাৰ পৰিমাণ বৃদ্ধি কৰিব যিয়ে অন্যান্য উপগ্ৰহৰ বাবেই সমস্যা সৃষ্টি কৰিব। মহাকাশৰ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব বুলি মন্তব্য কৰিছিল আমেৰিকাই।

অৱশ্যে ভাৰতে এই সকলো সমালোচনামূলক মন্তব্যৰ প্ৰত্তুত্ত্যৰ দিছে। ভাৰতে যুক্তি দিছে, সেই পৰীক্ষাৰ কাৰণে তৈয়াৰ হোৱা ২০০-৩০০ টুকুৰা ধ্বংসাৱশেষ মহাকাশত ভাসমান লক্ষ লক্ষ ধ্বংসাৱশেষৰ একোটা ক্ষুদ্ৰ অংশহে মাথো। ইয়াৰ পূৰ্বে উপগ্ৰহবিৰোধী অস্ত্ৰ পৰীক্ষাৰ বাবে চীনকো সমালোচনা কৰিছিল আমেৰিকাই। ২০১৯ চনৰ মাৰ্চ মাহৰ সেই বিশেষ মুহূৰ্তক স্মৰণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীৰ প্ৰাক্তন বৈজ্ঞানীক উপদেষ্টা তথা সেই এনকাউণ্টাৰৰ নেতৃত্বত থকা জি সতীশ ৰেড্ডীয়ে এই বিষয়ক লৈ বুধবাৰে কয়, ‘উপগ্ৰহবিৰোধী ক্ষমতাই ভাৰতৰ মহাকাশ সম্পদ ৰক্ষাত প্ৰতিৰক্ষাত সহায়ক লৈ উঠিছে। আমি ৫বছৰ পূৰ্বে ইয়াৰ পৰীক্ষাহে কৰিছিলো। ইয়াৰ পাছত বৰ্তমানলৈকে আমি কোনোধৰণৰ ছেটেলাইট ধ্বংস কৰা নাই।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
আজিকোপতি নাই নিজা এখন বাহন, অৰ্থৰ অভাৱতেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পৰা নাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে!

আজিকোপতি নাই নিজা এখন বাহন, অৰ্থৰ অভাৱতেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পৰা নাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে!

শুকুৰবাৰে সিদ্ধ যোগ, হাতলৈ লক্ষ্মী আহিব এই ৫ ৰাশিৰ জাতকৰ

শুকুৰবাৰে সিদ্ধ যোগ, হাতলৈ লক্ষ্মী আহিব এই ৫ ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.