চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সকলো বেংক ১২ দিনৰ বাবে বন্ধ থাকিব ফেব্ৰুৱাৰী মাহত৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিলে ফেব্ৰুৱাৰী মাহৰ বন্ধৰ তালিকা৷ বসন্ত পঞ্চমী আৰু গুৰু ৰবিদাস জয়ন্তী উপলক্ষে বন্ধ থাকিব বেংকৰ কাম-কাজ৷ তাৰ উপৰিও অন্য ৰাজ্যিক বন্ধ অনুসৰিও বন্ধ থাকিব বেংকৰ কাম-কাজ৷
বেংক সম্পৰ্কীয় কোনো বিশেষ কাম-কাজ কৰিবলগীয়া আছে যদি সবিশেষ তথ্য জানি লওঁক৷
ফেব্ৰুৱাৰী মাহৰ বন্ধৰ তালিকা—
৫ ফেব্ৰুৱাৰীঃ সৰস্বতী পূজা, বসন্ত পঞ্চমী (আগৰতলা, ভুৱনেশ্বৰ, কলকাতা)
৬ ফেব্ৰুৱাৰীঃ দেওবাৰ
১২ ফেব্ৰুৱাৰীঃ ছেকেণ্ড ছেটাৰডে’
১৩ ফেব্ৰুৱাৰীঃ দেওবাৰ
১৫ ফেব্ৰুৱাৰীঃ মহম্মদ হজৰত আলী জন্মজয়ন্তী (ইম্ফল, কানপুৰ, লক্ষ্ণৌ)
১৬ ফেব্ৰুৱাৰীঃ গুৰু ৰবিদাস জয়ন্তী (ছণ্ডীগড়)
১৮ ফেব্ৰুৱাৰীঃ দৌলযাত্ৰা (কলকাতা)
১৯ ফেব্ৰুৱাৰীঃ ছত্ৰপতি শিৱাজী মহাৰাজ জয়ন্তী (বেলাপুৰ, মুম্বাই, নাগপুৰ)
২০ ফেব্ৰুৱাৰীঃ দেওবাৰ
২৬ ফেব্ৰুৱাৰীঃ ফ’ৰ্থ ছেটাৰডে’
২৭ ফেব্ৰুৱাৰীঃ মাহৰ শেষৰটো দেওবাৰ
ভাৰতীয় ৰিজাৰ্ভ বেংকে এই দিনসমূহত বেংকৰ কাম-কাজ বন্ধ ৰাখিব যদিও ATM, অনলাইন বেংকিং আৰু নেট বেংকিঙৰ সুবিধা উপলব্ধ থাকিব গ্ৰহকৰ বাবে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ