অসম লাইভ২৪ঃ শিক্ষা তথা জ্ঞানেই হৈছে মানুহৰ সকলোতকৈ ডাঙৰ অলংকাৰ৷ সমাজত শৃংখলাবদ্ধভাৱে জীয়াই থকাৰ ক্ষেত্ৰত শিক্ষাৰ গুৰুত্ব অপৰিহীম৷ বিশ্বৰ সকলোতকৈ শিক্ষিত ব্যক্তি কোন সেয়া নিৰ্ধাৰিত কৰা টান যদিও এক গৱেষণাই বিশ্বৰ আটাইতকৈ শিক্ষিত ব্যক্তিজনত চিনি উলিয়াইছে৷ যাৰ বেছি ডিগ্ৰী আছে তেঁৱেই বেছি শিক্ষিত৷ পৃথিৱীৰ সকলোতকৈ শিক্ষিত ব্যক্তিজন হৈছে নিকোলাছ জেনিওছ৷ গ্ৰীক বংশোদ্ভুত ব্ৰিটিছ নাগৰিক নিকোলাছ এজন বিখ্যাত গৱেষক হোৱাৰ ওপৰি এগৰাকী শিক্ষাবিদো৷ জনস্বাস্থ্য, চিকিৎসা, গৱেষণা আৰু শিক্ষা এই তিনিটা ক্ষেত্ৰতেই তেওঁৰ অবাধ বিচৰণ৷ বহু কৃতিত্বৰ অধিকাৰী তেওঁ৷
অবিশ্বাস্য হ’লেও নিকোলাছে ৭খন বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লৈছে৷ যি ডিগ্ৰী ডক্টৰেট ডিগ্ৰীৰ সমতুল্য৷ ইয়াৰোপৰি নিকোলাছৰ তিনিটাকৈ ডক্টৰেট ডিগ্ৰী আছে৷ ইয়াৰোপৰি ৭টা বৈজ্ঞানিক সংগঠনৰ লগত তেওঁ জড়িত হৈ আছে৷ বৈজ্ঞানিক সংগঠন কেইটাই তেওঁক সদস্যপদো দিছে৷ ইয়াৰোপৰি নিকোলাছে হাৰ্ভাৰ্ড ইউনিভাৰ্ছিটি আৰু ইউনিভাৰ্ছিটি অৱ পেৰিছকে ধৰি একাধিক নামকৰা বিশ্ববিদ্যালয়ৰ পৰা ৫টাকৈ স্নাতকোত্তৰ ডিগ্ৰী লৈছে৷ ২০২৪ চনত তেওঁ আৰু এটা ডক্টৰেট ডিগ্ৰী লাভ কৰিব৷
কেৰিছমা ইউনিভাৰ্চিটিৰ পৰা মনোবিজ্ঞান আৰু জনস্বাস্থ্য বিভাগত পিএইছডি কৰাৰ উপৰিও হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ দৰে নামীদামী প্ৰতিষ্ঠানৰ পৰা ডিগ্ৰী অৰ্জন কৰিছে৷ বিশ্বৰ আগশাৰীৰ এটা সংবাদমাধ্যমে প্ৰকাশ কৰামতে নিকোলাছৰ গৱেষণাই বৈজ্ঞানিক সম্প্ৰদায় আৰু বিশ্বৰ ওপৰত উল্লেখযোগ্য প্ৰভাৱ পেলাইছে৷ বিভিন্ন ক্ষেত্ৰত আছে তেওঁৰ অগাধ জ্ঞান৷ শিক্ষাবিদ হিচাপে পৃথিৱীত খুব কম মানুহেই আছে যিসকল নিকোলাছৰ সমকক্ষ আৰু প্ৰতিদ্বন্দী হ’ব পাৰে৷ বিজ্ঞান আৰু কলা এই দুই বিষয়ত সমানেই পাণ্ডিত্য নিকোলাছৰ৷ নিকোলাছে জনস্বাস্থ্য, চিকিৎসা গৱেষণা, বিজনেছ এডমিনিষ্ট্ৰেচন, ফৌজাদৰী বিচাৰ, বুদ্ধিমত্তা আৰু বিশ্বব্যাপী নিৰাপত্তাসহ একাধিক বিষয়ত তেওঁ দক্ষতা অৰ্জন কৰিছে৷
একাধিক বেচৰকাৰী সংস্থাৰ সৈতেও যুক্ত হৈ আছে নিকোলাছ৷ বিভিন্ন সংস্থাৰ সৈতে মোটা বেতনৰ বিনিময়ত তেওঁ যুক্ত হৈ আছে৷ মানৱদেহ আৰু চিকিৎসা ক্ষেত্ৰৰ গৱেষণাৰ ওপৰিও ব্যৱসায়িকভাৱেও তেওঁ অতি সফল৷ চিকিৎসক হিচাপেও নিকোলাছৰ কাম কৰাৰ অভিজ্ঞতা আছে৷ হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ পৰা ইমিউনলজি, ফাৰ্মাকোলজি, জেনেটিক্স, কেঞ্চাৰ, জিনোমিক্স আৰু কভিডৰ দৰে বিষয়ক লৈয়ো তেওঁলোকে পঢ়াশুনা কৰিছে৷ তেজৰ মাত্ৰাৰ উপৰত ভিত্তি কৰি নিকোলাছ এখন বিশেষ খাদ্যতালিকা প্ৰস্তুত কৰিছে৷ সেই খাদ্য তালিকাই চিকিৎসা বিজ্ঞানত বিশেষ সহায় কৰিব বুলিও বিজ্ঞানীসকলে আশা কৰিছে৷
নিকোলাছে বিভিন্ন বিষয়ত মুঠ ৫০টাতকৈয়ো বেছি গৱেষণাপত্ৰ লিখিছে৷ ইতিমধ্যে চিকিৎসা বিজ্ঞান বিষয়ত দুখনকৈ কিতাপো লিখিছে নিকোলাছে৷ নিকোলাছেই এনে এজন মানুহ যিয়ে শিক্ষাৰ ক্ষেত্ৰত নিজৰ জীৱন উৎসৰ্গা কৰিছে৷ নিকোলাছে বিশ্বাস কৰে নতুন নতুন ভাৱনা, সৃষ্টিশীল মনোভাৱে সমৃদ্ধিৰ চাবিকাঠি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ