অসম লাইভ২৪ঃ বলীউডত তেওঁলোক খুবেই জনপ্ৰিয়। জনপ্ৰিয়তাৰ শীৰ্ষত থাকিলেও তেওঁলোকৰ শিক্ষা দীক্ষা কিন্তু বৰ বেছি নহয়। বলীউডৰ সূত্ৰৰ খবৰ অনুসৰি আলিয়া ভাট্টে দশম শ্ৰেণীত ৭১ শতাংশ নম্বৰ লৈ পাছ কৰিছিল। কিন্তু দশম শ্ৰেণীতেই পঢ়া শুনা সামৰিলে আলিয়াই। ২০১২ চনত, ‘ষ্টুডেণ্ট অৱ দ্যা ইয়াৰ’ ছবিৰে বলীউডত ভৰি দিয়ে আলিয়াই। দ্বাদশ শ্ৰেণীলৈ পঢ়ি তাৰ পৰা আৰু শিক্ষা আগবঢ়াব নোৱাৰিলে আলিয়াই।
আলিয়াৰ স্বামী ৰণবীৰ কাপুৰেও দ্বাদশ শ্ৰেণী পাৰ হ’ব নোৱাৰিলে। বলীউডৰ এক সূত্ৰৰ খবৰ অনুসৰি দশম শ্ৰেণীত ৫৩.৪ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হৈছিল অভিনেতা ৰণবীৰ। দ্বাদশ শ্ৰেণীতেই পঢ়া সমাপ্ত কৰে ৰণবীৰেও। এটা সাক্ষাৎকাৰত ৰণবীৰে দাবী কৰে যে, ‘কাপুৰ পৰিয়ালৰ সদস্যসকলৰ মাজত যিসকল শিক্ষিত আছে তেওঁলোকৰ মাজত মইয়েই অন্যতম।’
বলীউডৰ তাৰকাসকলৰ ভিতৰত কাজলো বৰ বেছি শিক্ষিত নহয়। কাজলে ১৬বছৰ বয়সতে অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ৰাহুল ৰাওয়ালিৰ ‘বেখুদি’ ছবিৰ মাধ্যমেৰে বলীউডত ভৰি দিয়ে কাজলে। সেয়ে পঢ়াশুনা সিমানতেই সামৰে কাজলে। বৰ্তমান বলীউডৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীসকলৰ ভিতৰত আছে কেটৰীণা কাঈফো। কেৰিয়াৰত সফল হ’লেও স্কুলীয়া শিক্ষাহে ল’লে কেটেও। কলেজৰ দুৱাৰডলি গৰকিবলৈ সক্ষম নোহোৱাৰ কথা কেটে নিজেই এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল।
বলীউডৰ এক সুত্ৰই প্ৰকাশ কৰামতে কেটৰ পিতৃ-মাতৃৰ বিচ্ছেদ হৈছিল। পিতৃ মাতৃৰ বিচ্ছেদৰ পাছত মাতৃৰ সৈতে থাকিবলৈ লয় কেটে। কেটৰীণাৰ মাতৃ এগৰাকী সমাজসেৱিকা আছিল। সেয়ে এটা স্থানতেই তেওঁলোক স্থায়ীভাৱে থাকিব পৰা নাছিল। কেটে এখন বিদ্যালয়তো পঢ়াশুনা স্থায়ীভাৱে কৰা নাছিল। শৈশৱতেই কেটে অভিনয় জগতত ভৰি দিছিল। আনহাতে কৰিশ্মা কাপুৰো শিক্ষা দীক্ষাৰে বৰ বেছি আগবঢ়া নহয়। কলেজৰ দুৱাৰডলি গৰকা নাই কৰিশ্মা কাপুৰেও। ১৬বছৰ বয়সতেই হৰীশ কুমাৰৰ বিপৰীতে ‘প্ৰেম কয়েদি’ ছবিত পোনতে অভিনয় কৰিছিল কৰীশ্মাই। ষষ্ঠ শ্ৰেণীলৈকে পঢ়াশুনা কৰিছিল কৰিশ্মাই।
শিক্ষাদীক্ষাৰে পিছপৰা অভিনেতা অৰ্জুন কাপুৰো। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে অভিনেতা অৰ্জুন কাপুৰেও। ইফালে ৪বছৰ বয়সৰ পৰাই অভিনয় জগতত ভৰি দিছিল শ্ৰী দেবীয়েও। স্কুল আৰু কলেজীয়া জীৱন উপভোগ নকৰিলেও তেওঁ অভিনয় জগতত যি প্রভাৱ ৰাখি থৈ গৈছে সেয়া সকলোৱেই শলাগ লয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ