শুকুৰবাৰে হঠাতে গ্ৰেপ্তাৰ কৰা হৈছে আল্লু অৰ্জুনক৷ ৪ ডিচেম্বৰ হায়দৰাবাদৰ সন্ধিয়া প্ৰেক্ষাগৃহত পুষ্পা-২ দ্যা ৰুলত বিশেষ প্ৰদৰ্শনীৰ সময়ত পদপিষ্ট হৈ মৃত্যু হৈছে এগৰাকী মহিলাৰ৷ সেই পৰিপ্ৰেক্ষিতত অভিযোগ দাখিল কৰা হৈছিল আল্লুৰ বিৰুদ্ধে৷ শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয় আল্লুক৷ অৱশ্যে শুকুৰবাৰেই তেলেংগানা হাইকৰ্টে অন্তৰ্বৰ্তী জামিন দিয়ে আল্লুক৷ কিন্তু শুকুৰবাৰে নিশাটো জে’লত কটাব লগা হ’ল পুষ্পাৰ অভিনেতা আল্লু৷
শনিবাৰে পুৱাই ঘৰলৈ উভতিছে আল্লু৷ দক্ষিণী তাৰকালৈ অপেক্ষা কৰি আছিল তেওঁৰ পত্নী আৰু দুই সন্তানে৷ ঘৰত উপস্থিত হওঁতেই পত্নী স্নেহা ৰেড্ডিয়ে সাবটি ধৰে আল্লুক৷ পৰিয়ালেই কেৱল নহয়৷ আল্লুলৈ অপেক্ষা কৰি আছিল অন্য কেইবাজনো তাৰকাই৷ মুক্তি পোৱাৰ লগে লগেই আল্লুৰ সৈতে দেখা কৰিবলৈ তেওঁৰ ঘৰত উপস্থিত হৈছে নাগা চৈতন্য আৰু ৰানা দুগ্ধবতী৷
নাগা আৰু ৰানাক দেখা মাত্ৰকেই সাবটি ধৰিছে আল্লু অৰ্জুনে৷ সেই মুহূৰ্তৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেলো হৈছে৷ আল্লু অৰ্জুনৰ ঘৰত উপস্থিত হৈছে অভিনেতা চিৰঞ্জীৱীৰ পত্নী সুৰেখা কুন্দেলাও৷ তেওঁৱো আনন্দেৰে আল্লু অৰ্জুনক আলিংগন কৰিছে৷ আল্লুৱে ঘৰলৈ উভতি আহিয়েই সংবাদমাধ্যমৰ আগত মুখ খুলিছে৷ হাতজোৰ কৰি ক্ষমাও খুজিছে তেওঁ৷ ইয়াৰ সৈতে তেওঁ জনাইছে যে সেইদিনা সন্ধিয়া থিয়েটাৰত যি ঘটনা ঘটিছিল তাত তেওঁৰ হাত নাছিল৷ লগতে তেওঁ কয়, ‘মই ভালেই আছো৷ চিন্তাৰ কাৰণ নাই৷ সকলোকে অশেষ ধন্যবাদ৷ মই এজন নাগৰিক৷ আইন মানি চলো৷ আইনক সন্মান কৰো৷ আইনী প্ৰক্ৰিয়াক মই সহযোগিতা কৰিম৷ তাৰ বাবে যি কৰিব লাগে কৰিম৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ