আজিৰে পৰা আৰম্ভ অমৰনাথ যাত্ৰা, এইবাৰ কিমান ভক্তৰ দৰ্শনৰ বাবে পঞ্জীয়ন
আজিৰে পৰা আৰম্ভ হৈছে বাবা বৰ্ফানী তথা অমৰনাথ যাত্ৰা। আজি পুৱা ৫ বজাত প্ৰথমটো ভক্তৰ দলে আৰম্ভ কৰে যাত্ৰা। হৰ হৰ মহাদেৱৰ প্ৰতিধ্বনিৰে প্ৰথম গোটৰ ভক্তই আজি ২ জুন তাৰিখে অমৰনাথ যাত্ৰালৈ ৰাওনা হয়।
কাইলৈ ৩ জুন তাৰিখে বছৰটোৰ প্ৰথম দৰ্শন হব বাবা অমৰনাথৰ বাবা ভোলেনাথৰ। আজি বুধবাৰে পুৱা ৫ বজাত জম্মুৰ ভাগৱতী নগৰৰ পৰা প্ৰথমটো তীৰ্থযাত্ৰী ৰাওনা হয়।
জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই প্ৰথমটো ভক্তৰ দলৰ ফ্লেগ অফ কৰে। অমৰনাথ যাত্ৰাৰ প্ৰথমটো গোটত পঁয়ত্ৰিশ শতাধিক তীৰ্থযাত্ৰী ৰাওনা হৈছে।
অপাৰেচন সিন্দূৰৰ পিছত কটকটীয়া নিৰাপত্তাৰ মাজতে এই যাত্ৰা চলি আছে যদিও ভক্তসকলৰ উৎসাহৰ কোনো অভাৱ নাই। এইবাৰ তীৰ্থযাত্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে। তিনি লাখ ত্ৰিশ হাজাৰতকৈ অধিক লোকে অনলাইন পঞ্জীয়ন কৰাৰ বিপৰীতে ৪ হাজাৰৰো অধিক লোকে কাউণ্টাৰৰ পৰা যাত্ৰা টোকেন লৈ গৈছে।
বাবা অমৰনাথৰ প্ৰথম পবিত্ৰ দৰ্শনৰ বাবে শ্ৰীনগৰৰ ট্ৰেনজিট কেম্পত উপস্থিত হৈছে ভক্তসকল। প্ৰথম বেটচৰ ৩ জুলাইৰ সন্ধিয়াৰ ভিতৰত ১৪,৫০০ ফুট উচ্চতাত থকা বাবা অমৰনাথৰ দৰ্শন পাব।
এইবাৰ জম্মু কাশ্মীৰ আৰক্ষী, চি আৰ পি এফ, এছ এছ বি আৰু আই টি বি পিৰ জোৱান মোতায়েন কৰা হৈছে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এইবাৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে। যোৱা বছৰ অৰ্ধসামৰিক বাহিনীৰ ৫১৪টা কোম্পানী মোতায়েন কৰা হৈছিল। এইবাৰ এই সংখ্যা ৫৮১ লৈ বৃদ্ধি কৰা হৈছে। কেৱল চি আৰ পি এফৰ ২২১টা কোম্পানীৰ উপৰিও আন কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ ৩৬০টা কোম্পানীকো নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















