১৬০০০ কোটি টকাৰ চুক্তি, চীনৰ ঔষধেৰে বিশ্বত শাসন কৰিবলৈ সাজু আমেৰিকা
আমেৰিকাৰ ফাৰ্মাচিউটিকেল কোম্পানী মাৰ্কে মঙলবাৰে চীনৰ জিয়াংছু হেংৰুই ফাৰ্মাচিউটিকেলছৰ সৈতে এক বৃহৎ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ অধীনত মাৰ্কে হৃদৰোগৰ নতুন ঔষধ এইচ আৰ এছ-৫৩৪৬ৰ বিশ্বব্যাপী অধিকাৰ লাভ কৰিছে। এই চুক্তিৰ মুঠ মূল্য ২ বিলিয়ন ডলাৰ, ভাৰতীয় হিচাপত প্ৰায় ১৬,৭০০ কোটি টকা।
HRS-5346 হৈছে এবিধ এনে ঔষধ যিয়ে Lipoprotein(a) [Lp(a)] নামৰ প্ৰটিন হ্ৰাস কৰে। এই Lp(a)ৰ উচ্চ মাত্ৰাই হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে।
বিশ্বৰ প্ৰতি ৫ জনৰ ভিতৰত ১ জন হৃদৰোগ আৰু ষ্ট্ৰোকৰ দ্বাৰা আক্ৰান্ত হয়। যাৰ ফলত এই ঔষধৰ চাহিদা বহু বৃদ্ধি পোৱাৰ ইংগিত দেখা গৈছে। এই ঔষধ বৰ্তমান চীনত দ্বিতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল চলি আছে।
এই ঔষধ বিশ্বজুৰি (চীন, হংকং, মাকাউ আৰু টাইৱানৰ বাহিৰে) বিকশিত, নিৰ্মাণ আৰু বিক্ৰী কৰাৰ একচেটিয়া অধিকাৰ মাৰ্কৰ আছে। এতিয়া হেংৰুই ফাৰ্মাই লাভ কৰিব ২০ কোটি ডলাৰ (প্ৰায় ১৬৭০ কোটি টকা) অগ্ৰিম ধন। যদিহে এই ঔষধ অনুমোদন হয় তেন্তে হেং ৰুইয়ে ১.৭৭ বিলিয়ন (প্ৰায় ১৪,৮০০ কোটি টকা) পৰ্যন্ত অতিৰিক্ত ধন লাভ কৰিব পাৰে। ইয়াৰ উপৰিও ঔষধ বিক্ৰীৰ ওপৰতো ৰয়েল্টি পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ