অসম লাইভ২৪ঃ বলীউড অভিনেত্ৰী ঐশ্বৰ্যৰ সৈতে বচ্চন পৰিয়ালৰ দূৰত্বক লৈ বিগত কেইবামাহ ধৰি চৰ্চা চলি আছে। অভিষেক আৰু ঐশ্বৰ্যৰ সম্পৰ্কৰ পৰিণতিক লৈ প্ৰশ্ন উঠিছে। এইবাৰ বীগবিৰ এটা পোষ্টক লৈ আৰম্ভ হৈছে চৰ্চা। জলছা ৰ অশান্তিময় পৰিবেশ আৰু ভাল নহয় এই বুলিও একাংশ সূত্ৰই প্ৰকাশ কৰিছে। ঐশ্বৰ্য আৰু অভিষেক দুয়োৱেই খুলি পেলাইছে বিবাহৰ আঙুঠিও।
শেহতীয়াভাৱে অমিতাভ বচ্চনেও তেওঁৰ পুত্ৰবধু ঐশ্বৰ্য্যক নিজৰ সামাজিকমাধ্যমৰ পৰা আনফ’ল কৰিছে। ইনষ্টাগ্ৰামৰ পৰা ঐশ্বৰ্যক আনফ’ল কৰিছে বিগবীয়ে। হঠাতেই এনেদৰে আনফ’ল কৰাক লৈয়ো উত্থাপিত হৈছে প্ৰশ্ন। ২০০৭ চনত বিগবীৰ পুত্ৰ অভিষেক বচ্চনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ঐশ্বৰ্য। তাৰ পিছতেই অভিনেত্ৰী হোৱাৰ ওপৰিও বচ্চন পৰিয়ালৰ বোৱাৰী হিচাপে ঐশ্বৰ্য পৰিচিত হৈ পৰিছিল সকলোৰে মাজত। প্ৰায় ১৬ বছৰীয়া দাম্পত্য জীৱন অভিষেক-ঐশ্বৰ্য্যৰ। বিভিন্ন সময়ত তেওঁলোকৰ সম্পৰ্কৰ অৱনতি ঘটাৰ কথা চৰ্চালৈ আহিলেও সেই কথা মিছা প্ৰমাণিত কৰি দুয়োৱে এখন সুখৰ সংসাৰ চলাই গৈছিল। কিন্তু এইবাৰ কথাবোৰ তেনেকুৱা নহয়। বিগত কেইবামাহ ধৰি শাহুৱেক জয়া বচ্চন আৰু ননদেক শ্বেতাৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিছে। মনোমালিন্যও আৰম্ভ হৈছে ঐশ্বৰ্যৰ।
উল্লেখ্য যে অমিতাভৰ জন্মদিনৰ দিনাও ঐশ্বৰ্যই পোষ্ট কৰা ছবিৰ পৰা নব্যা আৰু অগস্ত্যক কাটি সামাজিকমাধ্যমত পোষ্ট কৰিছিল। এই সকলোবোৰৰ শেষত অমিতাভ বচ্চনে টুইটাৰত লিখিছে বিশেষ পোষ্ট। তেওঁ লিখিছে, ‘সকলো কোৱা শেষ, যি বাকী আছে তুমি কৰা।’ এই ইঙ্গিতময় পোষ্ট ঐশ্বৰ্যক উদ্দেশ্যিয়েই দিছে নেকি অমিতাভে সেই বিষয়টোক লৈয়ো বহুতেই অব্যাহত ৰাখিছে চৰ্চা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















