বিষাক্ত পানীয় পান কৰি প্ৰাণ হেৰুৱালে ১৪ গৰাকীয়ে, কেইবাজনৰো অৱস্থা সংকটজনক
বিষাক্ত পানীয় পান কৰি মৃত্যুৰ কিৰিলি পাঞ্জাৱত। এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ১৪ গৰাকী লোকে। ইয়াৰ বাহিৰে কেইবাজনো লোকৰ অৱস্থা সংকটজনক। বিষাক্ত সুৰা সেৱনৰ ফলতে এই দৰে সুৰা ট্ৰেজেডী সংঘটিত হৈছে পাঞ্জাৱত , মৃত্যুৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা।
পঞ্জাৱৰ মাজিথা বিধান সভা সমষ্টিৰ ভাংগলী, ধৰিয়াৱাল আৰু মাৰাদি কালান গাঁৱত এই সুৰা ট্ৰেজেডী। সোমবাৰে গভীৰ নিশা সংঘটিত হৈছে এই দুৰ্ঘটনা। ১৪ জন লোকৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয়। তিনি বছৰৰ ভিতৰত পঞ্জাৱত এইটো চতুৰ্থটো সুৰা ট্ৰেজেডী।
যোৱা নিশা প্ৰায় ৯:৩০ মান বজাত আৰক্ষীয়ে বিষাক্ত সুৰা সেৱন কৰি মানুহৰ মৃত্যু হোৱা বুলি তথ্য লাভ কৰা হয়। আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি চাৰিজন লোকক আটক কৰে।
আৰক্ষীয়ে সন্দেহযুক্ত অন্য সুৰা বেপাৰীৰ সন্ধান আৰম্ভ কৰিছে। মৃত্যুৰ কাৰণ নিশ্চিত কৰিবলৈ প্ৰশাসনে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















