প্ৰেম কেৱল কথাত নহয়, কঠিন সময়ত পৰস্পৰৰ সৈতে থিয় দি থকাটোৱেই প্ৰকৃত প্ৰেম। শেহতীয়াকৈ কলকাতাৰ এক বৃদ্ধ দম্পতীৰ হৃদয়স্পৰ্শী প্ৰেম কাহিনী পোহৰলৈ অহাৰ পিছতে সমগ্ৰ দেশজুৰি চৰ্চিত হৈ পৰিছে। ৮০ বছৰীয়া টেক্সি চালক ৰবীন্দ্ৰনাথ সৰকাৰৰ, যিয়ে এই বয়সতো অসুস্থ পত্নীৰ চিকিৎসাৰ বাবে প্ৰতিদিনে অক্লান্তভাৱে সংগ্ৰাম কৰি আছে। নিজেই গুৰুতৰ হাঁপানী (Asthma) ৰোগত ভোগাৰ পিছতো পত্নীৰ চিকিৎসাৰ খৰচ যোগাৰ কৰিবলৈ প্ৰতিদিনে প্ৰায় ১৬ ঘণ্টা ধৰি কলকাতাৰ ৰাজপথত টেক্সি চলায়।
৮০ বছৰ বয়সতো হাৰি যোৱা নাই ৰবীন্দ্ৰনাথ
যিটো বয়সত বেছিভাগ মানুহে অৱসৰ জীৱন উপভোগ কৰে আৰু নাতি-নাতিনীৰ সৈতে সময় কটায়, সেই বয়সত ৰবীন্দ্ৰনাথ সৰকাৰৰ দিন আৰম্ভ হয় পুৱা ৬ বজাৰ পৰা। নিশা ১১ বজালৈকে তেওঁ ব্যস্ত ৰাজপথত টেক্সি চলাই জীৱিকা উপাৰ্জন কৰে। তেওঁ বিগত ৫২ বছৰে কলকতাৰ অলিয়ে গলিয়ে টেক্সি চলাই আহিছে। ৰবীন্দ্ৰনাথ সৰকাৰৰ দিনটোৰ উপাৰ্জনৰ এটা অংশ টেক্সিৰ ভাড়া পৰিশোধ কৰাত ব্যয় হয়। তাৰ পিছত যি অলপ উপাৰ্জন বাকী থাকে, সেইখিনিৰেই সংসাৰ চলাব লাগে। বহু সময়ত ঘণ্টাৰ পিছত ঘণ্টা গাড়ী চলায়ো প্ৰয়োজনীয় উপাৰ্জনখিনি কৰিবলৈ সক্ষম নহয় ৰবীন্দ্ৰনাথ সৰকাৰে। ৰবীন্দ্ৰনাথ সৰকাৰ নিজেও গুৰুতৰ স্বাস্থ্য সমস্যাৰ সৈতে যুঁজ দি আছে। তেওঁ দীৰ্ঘদিন ধৰি হাঁপানী ৰোগত আক্ৰান্ত। শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট হোৱাৰ বাবে গাড়ী চলোৱাৰ সময়ত সদায় তেওঁৰ জেপত এটা ইনহেলাৰ থাকে। বিশেষকৈ শীতকালত তেওঁৰ সমস্যা আৰু অধিক বৃদ্ধি পায়। তথাপিও তেওঁৰ বাবে ঘৰতে বহি জিৰণি লোৱাৰ কোনো সুযোগ নাই। কাৰণ তেওঁ কাম নকৰিলে সংসাৰৰ খৰচ চলোৱা সম্ভৱ নহয় আৰু পত্নীৰ জীৱন ৰক্ষাৰ বাবে প্ৰয়োজনীয় ঔষধো কিনিব নোৱাৰিব।
অসুস্থ পত্নীৰ চিকিৎসাৰ বাবে অবিৰাম সংগ্ৰাম
ৰবীন্দ্ৰনাথ সৰকাৰৰ পত্নী হৃদৰোগত ভুগি আছে। জীৱন ৰক্ষাৰ বাবে নিয়মীয়াকৈ দামী ঔষধ আৰু চিকিৎসাৰ প্ৰয়োজন হয়। ৰবীন্দ্ৰনাথ সৰকাৰৰ কোনো সন্তান নাই। সেয়েহে ৰবীন্দ্ৰনাথেই তেওঁৰ পত্নীৰ একমাত্ৰ সহায় আৰু আশ্ৰয়। সীমিত উপাৰ্জনৰ বাবে বহু সময়ত পত্নীৰ প্ৰয়োজনীয় ঔষধ কিনাটোও এক কঠিন সংগ্ৰাম হৈ পৰে ৰবীন্দ্ৰনাথৰ।
অভাৱৰ মাজতো অটল সততা আৰু আত্মসন্মান
ৰবীন্দ্ৰনাথ সৰকাৰৰ কাহিনীৰ আটাইতকৈ আৱেগিক দিশটো হৈছে ৰবীন্দ্ৰনাথৰ সততা আৰু আত্মসন্মান। ইমান আৰ্থিক সংকটৰ মাজতো তেওঁ কেতিয়াও নিজৰ নীতি-আদৰ্শ এৰি দিয়া নাই। বৰ্তমান এই বৃদ্ধ দম্পতীটোৱে দমদম অঞ্চলত ৰে’লপথৰ কাষৰ এখন সৰু টিনৰ চালিৰ ঘৰত বাস কৰে। বৰষুণৰ সময়ত চালিৰে পানীও পৰে, কিন্তু সেয়া মেৰামতি কৰাৰ সামৰ্থ্যও তেওঁলোকৰ নাই।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















