অসম লাইভ২৪ঃ বলীইডত ভৰি দিয়া মাত্ৰ ৪ বছৰ হৈছে। ইণ্ডাষ্ট্ৰীত নিজকে অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ এতিয়াও যুদ্ধ চলাইয়ে আছে চাঙ্কি পাণ্ডেৰ কন্যা অনন্যা পাণ্ডে। কেৰিয়াৰত ফ্লপৰ সংখ্যা হীটৰ তুলনাত যথেষ্ট বেছি। প্ৰথম ছবিৰ সময়ৰে পৰাই অনন্যাই ব্যক্তিগত জীৱনৰ চৰ্চা পেছাগত জীৱনতকৈ বেছি। অভিনেতা ঈশান খট্টৰৰ সৈতে তেওঁৰ প্ৰেমৰ বিচ্ছেদ হোৱাৰ পাছতেই অনন্যাৰ মন জয় কৰিছে আদিত্য ৰায় কাপূৰে। দেশ বিদেশৰ ৰাস্তান দুয়ো একেলগে ঘূৰি ফুৰাৰ দৃশ্য সাংবাদিকৰ কেমেৰাত বন্দীও হৈছে।
কিছুদিন পূৰ্বে অনন্যাৰ বাৰ্থডে উদযাপন কৰিবলৈ আদিত্য আৰু অনন্যা মলদ্বীপলৈ ৰাওনা হৈছিল। মলদ্বীপৰ পৰা উভতি অহাৰ পিছতেই বিশেষ সিদ্ধান্ত লৈছে অভিনেত্ৰী অনন্যাই। নিজৰ উপাধিয়েই সলাই পেলাইছে অনন্যাই। অনন্যাই নিজৰ নামৰ সৈতে কাপুৰ উপাধি সামৰি বিশেষ মন্তব্য কৰিছে। ‘কফি ওইথ কৰণ’ৰ অষ্টম ছিজনৰ তৃতীয় এপিছোডত বান্ধৱী ছাৰা আলী খানৰ সৈতে আহিছিল অনন্যা পাণ্ডে।
এই শ্ব’তেই অনন্যাই তেওঁৰ প্ৰেমক লৈ চলি থকা চৰ্চাত ছিলমোহৰ মাৰিছে। কৰণে ছাৰাক এই শ্ব’তেই প্ৰশ্ন কৰিছিল, ‘অনন্যাৰ জীৱনত এনে কি আছে যি তোমাৰ জীৱনত নাই।’ প্ৰশ্ন শুনিয়েই ছাৰাই হাঁহি মাৰি কয়, ‘মোৰ জীৱনত নাইট মেনেজাৰ নাই।’ নাইট মেনেজাৰ ছিৰিজৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আদিত্য ৰায় কাপূৰে। স্বাভাৱিকভাৱেই সাৰাই ইংগিত দিছে যে আদিত্যই অনন্যাৰ প্ৰেমিক। প্ৰিয় বান্ধৱীৰ এই মন্তব্যত চকু নমাই আনে অনন্যাই। তাৰপিছতেই অনন্যাই নিজেই এই কথা স্বীকাৰ কৰি কয়, তেওঁ নিজকে অনন্যা কাপূৰ বুলিয়েই ভাৱিবলৈ লৈছে। লাজুক লাজুক ভাৱেৰে অনন্যাই এই স্বীকাৰোক্তি দাঙি ধৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ