জনসংখ্যা বৃদ্ধিৰ লক্ষ্যৰে পৰিয়ালসমূহক আৰু সন্তানধাৰণৰ আহ্বান জনাইছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা তেলুগু দেশম পাৰ্টিৰ নেতা চন্দ্ৰবাবু নাইডু। এইবাৰ দলনেতাৰ পথকে সৰোগত কৰি টিডিপিৰ আৰু এগৰাকী সাংসদ আপ্পালা নায়ডুয়ে কৰিছে একেই মন্তব্য। আপ্পালাই কয়, তৃতীয় সন্তানৰ জন্ম দিলেই প্ৰত্যেক প্ৰসূতিক পুৰস্কাৰ দিয়া হব। কন্যাসন্তানৰ ক্ষেত্ৰত দিয়া হব এককালীন নগদ ৫০,০০০ টকা। আৰু যদি সেই মহিলাই পুত্ৰসন্তান প্ৰসৱ কৰে তেন্তে এটা গৰু উপহাৰ হিচাপে দিয়া হব।
শনিবাৰে বিজয়নগৰমত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আয়োজিত এখন সভাত অপ্পালাই এই ঘোষণা কৰিছে। অপ্পালাই জনাইছে যে, এই উপহাৰ তেওঁ নিজৰ দৰমহাৰ পৰাই দিব। বিজয়নগৰমৰ সাংসদৰ এই প্ৰস্তাৱ সামাজিকমাধ্যমত ভাইৰেল হৈ পৰিছে। সেই পোষ্ট শ্বেয়াৰ কৰিছে প্ৰায়সংখ্যক টিডিপি নেতা আৰু কৰ্মীয়ে। টিডিপি নেতাসকলে জনাইছে যে, বহু মহিলাই ইতিমধ্যে তেওঁলকৰ এই প্ৰস্তাৱক বৈপ্লবিক বুলি ধাৰণা কৰিছে। অভিনৱ প্ৰস্তাৱটো ঘোষণাৰ পাছতেই সাংসদৰ প্ৰশংসা কৰিছে স্বয়ং চন্দ্ৰবাবু নায়ডুয়ে।
উল্লেখ্য যে চলিত মাহত দিল্লী যাত্ৰাৰ সময়ত দক্ষিণ ভাৰতৰ জনসংখ্যা হ্ৰাসৰ বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰিছিল চন্দ্ৰবাবু নায়ডুয়ে। পৰিসংখ্যন উদ্ধৃত কৰি তেওঁ জনাইছিল যে দক্ষিণ ভাৰতত বয়স্কসকলৰ সংখ্য়া ক্ৰমে বাঢ়িছে। উত্তৰপ্ৰদেশ আৰু বিহাৰৰ দৰে ৰাজ্যসমূহৰ জনসংখ্যাৰ গড় বয়স বহু কম। ইয়াৰ সমাধান হিচাপে জনসংখ্যা নিয়ন্ত্ৰণৰ পৰিবৰ্তে দীৰ্ঘম্যাদি জনসংখ্যা ব্যৱস্তাপনাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিছিল মুখ্যমন্ত্ৰীয়ে।
শনিবাৰে চন্দ্ৰবাবুয়ে ঘোষণা কৰিছে যে ৰাজ্যত সন্তানপ্ৰসৱৰ সময়ত সমস্ত মহিলা কৰ্মচাৰীৰ বাবে সন্তান সংখ্যা নিৰ্বিশেষে মাতৃত্বকালীন ছুটি মঞ্জুৰ কৰা হব। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে প্ৰকাশম জিলাৰ মাৰকাপুৰত আয়োজিত এক অনুষ্ঠানত তেওঁ এই ঘোষণা কৰে। ইয়াৰ পূৰ্বে দুটি সন্তান জন্ম দিয়া পৰ্যন্ত মাতৃত্বকালীন ছুটি দিয়া হৈছিল। এতিয়াৰে পৰা সন্তানৰ সংখ্যা নিৰ্বিশেষে সকলো প্ৰসূতিয়েই মাতৃত্বকালীন ছুটি পাব। জনসংখ্যা বৃদ্ধিৰ ওপৰিও মহিলাসকলে তেওঁলোকৰ পেছাগত আৰু ব্যক্তিগত জীৱনৰ ভাৰসাম্য বৰ্তাই ৰাখিবলৈ সহায় কৰিবলৈকে এই উদ্যোগ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ