বিশ্বৰ সবাতোকৈ বয়সীয়াল বডীবিল্ডাৰ, ১০০ বছৰ বয়সতো ঘাম নিগৰাই জিমত, গীনিজ বুকত নাম
বয়স যেতিয়া মাত্ৰ এটা সংখ্যা হৈ পৰে আৰু আবেগ জীৱনৰ আধাৰ হৈ পৰে, তেতিয়া এনে লোকৰ কাহিনীয়ে আনক অনুপ্ৰাণিত কৰে। শেহতীয়াকৈ তেনে এজন ব্যক্তিৰ কাহিনী চচিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে। এই ব্যক্তিজনৰ নাম এণ্ড্ৰিয়ো বষ্টিণ্টো।
যি বৰ্তমান ১০০ বছৰীয়া কিন্তু এতিয়াও যথেষ্ট ফিট এণ্ড্ৰিয়ো। এই বয়সতো তেওঁ প্ৰতিদিনে জিমলৈ যায় আৰু ঘণ্টাৰ পিছত ঘণ্টা ধৰি কঠোৰ পৰিশ্ৰম কৰি ঘাম নিগৰাই।
কেৱল এয়াই নহয়, বিশ্বৰ আটাইতকৈ পুৰণি বডি বিল্ডাৰ হিচাপে গিনিজ ৱৰ্ল্ড বুকত এণ্ড্ৰিয়ো বষ্টিণ্টোৰ নাম লিপিবদ্ধ কৰা হৈছে। এণ্ড্ৰিয়ো এজন ১০০ বছৰীয়া বডি বিল্ডাৰ আৰু সঘনাই বডি বিল্ডিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
এণ্ড্ৰিয়ো দ্বিতীয় বিশ্বযুদ্ধতো সৈনিক হিচাপে কাম কৰিছিল। এণ্ড্ৰিয়োৱে নিজৰ জিমত ১০০ বছৰীয়া জন্মদিনো উদযাপন কৰে।
১৯২৫ চনৰ ১১ জানুৱাৰীত জন্মগ্ৰহণ কৰা এণ্ড্ৰিয়ো বষ্টিণ্টোৱে জীৱনৰ প্ৰথম কেইবছৰমান দ্বিতীয় বিশ্বযুদ্ধত সেৱা আগবঢ়াইছিল। যুদ্ধৰ পিছত তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্নিং পইণ্ট আহে আৰু তেওঁ বডি বিল্ডিঙক নিজৰ জীৱনৰ অংশ হিচাপে গঢ়ি তোলে।
এণ্ড্ৰিয়োৰ দৈনন্দিন ৰুটিনত নিয়মীয়া ব্যায়াম, সুষম খাদ্য আৰু ইতিবাচক চিন্তাধাৰা আদি অন্তৰ্ভুক্ত। পত্নীৰ মতে তেওঁ কোনো বিশেষ খাদ্যাভ্যাস পালন নকৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















