ডিজিটেল ডেস্কঃ ‘পৱিত্ৰ ৰিস্তা’ৰ সেই মানৱ-অৰ্চনাক কোনে পাহৰিব পাৰে! মানৱৰ চৰিত্ৰত অভিনয় কৰা প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত আৰু অৰ্চনাৰ চৰিত্ৰত অভিনয় কৰা অংকিতা লোখণ্ডেৰ কেমেষ্টিক আজিও কোটি কোটি লোকে হৃদয়ত জীয়াই ৰাখিছে। দুয়োগৰাকীৰ মাজত সম্পৰ্ক ফাঁট মেলাৰ পাচতো মাজে-সময়ে তেওঁলোকক লৈ ভিন্ন চৰ্চা হৈছিল। সুশান্ত সিঙৰ মৃত্যুৰ পাচতো এই চৰ্চাৰ অন্ত পৰা নাই। শেহতীয়াকৈ এই চৰ্চাক মাজে মাজে অংকিতা লোখণ্ডেই বিগ বছ ৰিয়েলিটী শ্বৰ জৰিয়তে অধিক তীব্ৰতৰ কৰি তোলে।
অতি শেহতীয়াকৈ অভিনেত্ৰী অংকিতা লোখণ্ডেৰ এটি সাক্ষাতকাৰে পুনৰ এই চৰ্চাক গতি দিছে। অংকিতাৰ মাতৃয়ে সুশান্ত সিঙক সোঁৱৰি কয় যে, ”অংকিতাই এতিয়াও সুশান্তক মনত পেলায়। সুশান্তক এতিয়াও সুঁৱৰি কেতিয়াবা আৱেগিক হৈ পৰে অংকিতা। এতিয়াও অংকিতাই সুশান্তৰ পৰিয়ালৰ খবৰ লয়। যেতিয়াই মন যায়, তেতিয়াই ভগ্নী আৰু পিতৃক ফোন কৰি বহু সময় কথা পাতে অংকিতাই। সুশান্তৰ পিতৃয়েও মাজে মাজে ফোন কৰি খবৰ লয় অংকিতাৰ।”
অংকিতাৰ মাতৃ বন্দনা লোখণ্ডেই লগতে কয়- ইমান বছৰ লগত থাকি সহজতে পাহৰি যোৱাটো সম্ভৱ নহয়। অংকিতা এনেও অতি আৱেগিক।” ইফালে অংকিতাৰ মাতৃয়ে বৰ্তমানৰ জোঁৱাই তথা অংকিতাৰ স্বামী বিকী জৈনক উচ্চ প্ৰশংসা কৰি কয়- যিকোনো পৰিস্থিতিতে বিকী সদায়েই অংকিতাৰ কাষত সাহস হৈ থিয় দিয়ে। বহু বিপদৰ সময়ত বিকি অংকিতাৰ লগত আছে। অংকিতাক হয়তো এতিয়া বিকীতকৈ গভীৰভাৱে জনা কোনো নাই।”
উল্লেখ কৰা প্ৰয়োজন যে, অংকিতা লোখণ্ডে আৰু বিকী জৈনৰ মাজত বিবাহ সম্পন্ন হোৱা কেইবাবছৰো পাৰ হল। বৰ্তমান দুয়ো জনপ্ৰিয় ৰিয়েলিটী শ্ব বিগ বছৰ প্ৰতিযোগী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ