নীৰজ নহয়, আন এগৰাকী ভাৰতীয়ৰ জেভলিনৰ ৰেকৰ্ড, আজি পৰ্যন্ত ভাঙিব পৰা নাই কোনো খেলুৱৈয়ে, কেইবাটাও সোণ
ভাৰতৰ জেভলিন খেলুৱৈ বুলিলে পোনেই মানসপটলৈ আহে কেৱল নীৰজ চোপ্ৰাৰ নাম। দুবাৰকৈ অলিম্পিক বিজেতা, বিশ্ব চেম্পিয়ন নীৰজেও দেশৰ নাম উজলাইছে জেভলিন দলিয়াই। পাছে নীৰজে এই পৰ্যন্ত গঢ়িব পৰা নাই বিশ্ব ৰেকৰ্ড।
কিন্তু জানেনে নীৰজৰ সলনি আন এগৰাকী ভাৰতীয়ৰ নামতহে আছে জেভলিনৰ বিশ্ব ৰেকৰ্ড। যি ৰেকৰ্ড আজি পৰ্যন্ত ভাঙিব পৰ নাই বিশ্বৰ অন্য কোনো লোকে। কেৱল ভাৰতৰে ভিতৰত নহয়, সমগ্ৰ বিশ্বৰ ভিতৰতে সবাতোকৈ দূৰত্ব অতিক্ৰম কৰি জেভলিন দলিয়াই ৰেকৰ্ড গঢ়িছে ভাৰতৰ সুমিত অন্তিলে।
হয় শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সত্য। সুমিতে গঢ়িছে এই ৰেকৰ্ড। যাৰ ফলত এতিয়ালৈ লাভ কৰিছে কেইবাটাও সোণৰ পদক। বিশ্ব চেম্পিয়নৰ উপৰি অলিম্পিকতো লাভ কৰিছে সোণৰ পদক। এগৰাকী সুদক্ষ পেৰা অলিম্পিয়ান হিচাপে নাম আছে সুমিত অন্তিলৰ।
২৮ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হব লগা পেৰা অলিম্পিকলৈ এইবাৰো সাজু হৈছে সুমিত। পূৰ্বেও বিশ্ব ৰেকৰ্ড গঢ়ি লাভ কৰিছে সোণ। টকিঅ’ অলিম্পিকত ৬৮.৫৫ মিটাৰ দলিয়াই অলিম্পিক ৰেকৰ্ড গঢ়িছিল সুমিতে। ২০২৩ চনত পেৰা বিশ্ব চেম্পিয়নত ৭০.৮৩ মিটাৰ দলিয়াই নিজেই নিজৰ ৰেকৰ্ড ভংগ কৰি পুনৰ লাভ কৰিছিল সোণ। পাছত একেটা বৰ্ষতে এচিয়া পেৰা অলিম্পিকত ৭৩.২৯ মিটাৰ দলিয়াই লাভ কৰিছিল সোণ। এইবাৰ পেৰিচ পেৰা অলিম্পিকতো সোণৰ পদকৰ আশাৰে খেলপথাৰত নামিব সুমিত।
উল্লেখ্য যে, ১৭ বছৰ বয়সত এক দুৰ্ঘটনাত এখন ভৰি হেৰুওৱা সুমিতে কৃত্তিম ভৰিৰ জৰিয়তে এই জেভলিন খেলত অংশ লৈ ভাৰতৰ নাম প্ৰতিবাৰেই উজলাই আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয় বুলি দাবী সুমিতৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ