APDCLৰ ফালৰ ৰাজ্যবাসীৰ বাবে এটা বিশেষ জৰুৰী টুইট কৰা হৈছে৷
APDCLএ টুইটৰ যোগে ৰাজ্যবাসীক আজিৰ নিশা প্ৰায় এঘণ্টাৰ বাবে বিদ্যুতৰ ছুইচ বন্ধ কৰিবলৈ আহ্বান জনাইছে৷
APDCLৰ টুইটত কয় যে শনিবাৰে নিশা ৮.৩০ বজাৰপৰা ৯.৩০ বজালৈকে ধৰিত্ৰী ঘণ্টা হিচাপে পালন কৰিব আৰু সেয়ে ৰাজ্যবাসীক উক্ত সময়ছোৱাত এঘণ্টাৰ বাবে বিদ্যুতৰ ছুইচ বন্ধ ৰাখিবলৈ আহ্বান জনোৱা হৈছে৷ অৰ্থাৎ এই সময়ছোৱাত বৈদ্যুতিক পোহৰ পৰিহাৰ কৰা হ’ব৷
লগতে পঢ়ক প্ৰথম দিনাই অথন্তৰ! আমেৰিকাত ভাৰতীয় ছবি RRRৰ মাত্ৰ প্ৰথম অংশহে প্ৰদৰ্শন, কিন্তু কিয়?
উল্লেখ্য যে WWEৰ সমৰ্থনত ভাৰতৰ বিভিন্ন প্ৰান্তত ‘ধৰিত্ৰী ঘণ্টা’ (Earth Hour) পালন কৰিবলৈ পদক্ষেপ লোৱা হৈছে৷
On this Earth Hour Day, make your dear ones aware of saving electricity for a better future of the earth. Glad Earth Hour Day!@CMOfficeAssam @BimalBorah119 pic.twitter.com/xdCnyr8Rjl
— APDCL (@apdclsocial) March 26, 2022
এই পদক্ষেপৰ প্ৰতি সমৰ্থন জনাইয়ে APDCLএ ৰাজ্যবাসীক এঘণ্টাৰ বাবে বিদ্যুতৰ ছুইচ বন্ধ কৰি থ’বলৈ আহ্বান জনাইছে৷
অৱশ্যে অত্যন্ত আৱশ্যকীয় লাইটসমূহৰ জ্বলোৱাৰ ক্ষেত্ৰত APDCLএ বাধা নাই বুলিও প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ