এপলৰ ডাঙৰ সিদ্ধান্ত- চীনক বিদায়, ভাৰতৰ পৰা চলিব আইফোনৰ ব্যৱসায়
ডাঙৰ সিদ্ধান্ত এপলৰ, কোম্পানীয়ে ঘোষণা কৰিলে যে ২০২৬ চনৰ ভিতৰত আমেৰিকাৰ বাবে নিৰ্মিত সকলো আইফোন নিৰ্মাণ কৰিব ভাৰতত। আমেৰিকা আৰু চীনৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা বাণিজ্যিক যুদ্ধৰ মাজতে এপলে এই পদক্ষেপ গ্ৰহণ কৰিছে।
কোম্পানীটোৱে চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি ভাৰতৰ দৰে দেশত উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। প্ৰতিবেদন অনুসৰি ২০১৭ চনতেই এপলে ভাৰতত উৎপাদন আৰম্ভ কৰিছিল যেতিয়া বেংগালুৰুত আইফোন ৬এছ আৰু আইফোন এছ ই মডেল নিৰ্মাণ আৰম্ভ কৰিছিল।
খবৰ অনুসৰি ২০২৪ চনৰ ভিতৰত ভাৰতে বিশ্বজুৰি নিৰ্মিত আইফোনৰ প্ৰায় ১৪ শতাংশ উৎপাদন কৰিবলৈ সক্ষম হৈছে। বিশেষজ্ঞসকলৰ মতে চলিত বছৰৰ শেষলৈকে এই সংখ্যা ২৫ শতাংশলৈ বৃদ্ধি হ’ব পাৰে।
আমেৰিকাৰ চাহিদা পূৰণৰ বাবে ২০২৬ চনৰ ভিতৰত ভাৰতত প্ৰতি বছৰে ৬ কোটিতকৈ অধিক আইফোন নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে এপলে। প্ৰতি বছৰে আমেৰিকাত ৬ কোটিতকৈ অধিক আইফোন বিক্ৰী হয়, গতিকে এই বজাৰখন এপলৰ বাবে অতি গুৰুত্বপূৰ্ণ। কোম্পানীটোৱে চীনত উৎপাদন অব্যাহত ৰখাৰ লগতে ভাৰতত বৃহৎ পৰিমাণৰ উৎপাদন কৰাৰ পৰিকল্পনা কৰিছে।
আনহাতে চীনৰ পৰা আমদানি কৰা স্মাৰ্টফোনৰ ওপৰত আমেৰিকাই অধিক কৰ আৰোপ কৰিছে। পূৰ্বে এই হাৰ ২০ শতাংশ আছিল যদিও এতিয়া ১৪৫ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত এপলৰ দৰে কোম্পানীয়ে চীনৰ পৰা আমদানি কৰাত ব্যয়বহুল হৈ পৰিছে।
যদিও এপলৰ চিইঅ’ টিম কুক এই কৰসমূহৰ পৰা ৰেহাই পাবলৈ চেষ্টা কৰিছিল, কিন্তু বৰ্তমান কোনো সকাহ পোৱা নাই। আনহাতে, ভাৰত চৰকাৰে আমেৰিকাৰ পৰা অহা সামগ্ৰীৰ ওপৰতো ২৬ শতাংশ কৰ আৰোপ কৰিছে, যিটো ৯০ দিনৰ বাবে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে যাতে ভাৰত আৰু আমেৰিকাৰ মাজত আলোচনা হ’ব পাৰে।
এপলে এতিয়া ভাৰতত ফোন নিৰ্মাণৰ কাম দ্ৰুতগতিত সম্প্ৰসাৰণ কৰি আছে। পূৰ্বে পুৰণি আইফোন মডেল নিৰ্মাণ কৰা বেংগালুৰুৰ কাৰখানাটো এতিয়া নতুন আইফোন মডেল নিৰ্মাণৰ বাবেও এক ডাঙৰ কেন্দ্ৰ হৈ পৰিছে। সকলো বিনিয়োগকাৰী আৰু বজাৰ বিশেষজ্ঞই এতিয়া অপেক্ষা কৰি আছে এপলৰ পৰৱৰ্তী ত্ৰৈমাসিকৰ আয়ৰ প্ৰতিবেদনৰ বাবে, যিটো অহা সপ্তাহত প্ৰকাশ পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ