অসম লাইভ ২৪ঃ ‘আপোনাৰ মন গ’লে বিকিনি পিন্ধক। কিন্তু আমাৰ সম্প্ৰদায়ৰ যুৱতী-মহিলাক হিজাৰ খুলিবলৈ কিয় ক’ব?’ হিজাব বিতৰ্কক লৈ মুখ খুলিছে AIMIM-ৰ নেতা আছাউদ্দিন ওৱেছিয়ে। দেশৰ প্ৰধানমন্ত্ৰীৰ আসনতো হিজাব পৰিহিতা মহিলাক দেখিবলৈ আগ্ৰহী ওৱেছিয়ে কয়, ‘ মুছলিম মহিলাক জোৰ কৰি হিজাব খুলিবলৈ বাধ্য নকৰিব। হিজাবেৰে মূৰ ঢাকি ৰখা মানেই মস্তিষ্কত চাপ কঢ়িওৱা নহয়। দেশৰ অগ্ৰগতিত মুছলমান মহিলাৰ অবদান কম নহয়।’
চলিত বছৰত শিক্ষা প্ৰতিষ্ঠানত হিজাব পৰিধান কৰাটো নিষিদ্ধ কৰিছে কৰ্ণাটক চৰকাৰে। কৰ্ণাটক চৰকাৰে দিয়া এই ৰায়ক লৈ উচ্চতম ন্যায়ালয়তো অব্যাহত আছে বিচাৰ। ৰায়ক লৈ উচ্চতম ন্যায়ালয়ৰ দুই বিচাৰপতিৰ মাজতো মতানৈক্যই দেখা দিছিল। হিজাব পৰিধানক ব্যক্তিগত অধিকাৰ বুলি স্বীকৃতি দিবলৈ চেষ্টা কৰিছে বিচাৰপতি সুধাংশু ধুলিয়াই। সুধাংশু ধুলিয়াই দিব খোজা ৰায়ক সমৰ্থন জনাই মন্তব্য আগবঢ়াইছে AIMIM-ৰ নেতা আছাউদ্দিন ওৱেছিয়ে।
ওৱেছিয়ে উল্লেখ কৰা অনুসৰি, ‘হিজাব মুছলমান যুৱতী, মহিলাৰ ব্যক্তিগত পছন্দ। এইয়া নিপিন্ধিবৰ বাবে বাধ্যতামূলক কৰোৱা উচিত কথা নহয়। এজন শিখ, হিন্দু অথবা খ্ৰীষ্টান শিক্ষাৰ্থীয়ে ধৰ্মীয় চিহ্ন ৰাখি শিক্ষানুষ্ঠানত প্ৰৱেশ কৰিব পাৰে তেন্তে মুছলমানে হিজাব পিন্ধাত আপত্তি কিয়?’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ