অসমৰ ভূমিত পুনৰ বেদখলৰ অভিযোগ উত্থাপন হৈছে অৰুণাচল প্ৰদেশৰ একাংশ লোকৰ বিৰুদ্ধে। বিহালী অভয়াৰণ্যৰ অন্তৰ্গত নাহৰজান অঞ্চলত বিঘাই বিঘাই মাটি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অভিযোগ অনুসৰি, নিশাৰ ভিতৰতে ট্ৰেক্টৰেৰে হাল বাই খেতিৰ মাটি নষ্ট কৰাৰ লগতে বিস্তীৰ্ণ অঞ্চলৰ গছ-গছনি কাটি তহিলং কৰা হৈছে। কেৱল সেয়াই নহয়, নিশাটোৰ ভিতৰতে বনাঞ্চলৰ ভূমিত কেইবাটাও ঘৰ নিৰ্মাণ কৰাৰো অভিযোগ উত্থাপন হৈছে। এনে ঘটনাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, নাহৰজান অঞ্চলৰ অসমৰ ভূমি বেদখলৰ চেষ্টা অব্যাহত আছে। বনাঞ্চলৰ গছ-গছনি কাটি মুকলি কৰাৰ ফলত অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশৰ প্ৰতিও ভাবুকি আহি পৰিছে। অসমৰ ভূমিত এনে আগ্ৰাসন ৰোধ কৰিবলৈ চৰকাৰ আৰু বন বিভাগে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৰাইজে।
ইফালে, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰয়োজনত গুলীচালনাৰ নিৰ্দেশ দিছিল অসমৰ বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। বিকাল আৰু ৰাধাচু বন শিবিৰৰ সমীপৰ বিভিন্ন গছ কাটি তহিলং কৰিছিল অৰুণাচলী দুৰ্বৃত্তই। সেই দৃশ্য দেখি স্তম্ভিত হৈ পৰা অসমৰ বনমন্ত্ৰীয়ে পূৰ্বতে দিয়া এই নিৰ্দেশৰ পাছতো নাহৰজান অঞ্চলত বেদখল অব্যাহত থকাৰ অভিযোগ উঠিছে। বনাঞ্চলৰ গছ কাটি তহিলং কৰি তাত খেতি, পকী পথ নিৰ্মাণৰ দৰে ঘটনা সংঘটিত হৈছে। ফলত বন বিভাগৰ ভূমিকা আৰু বেদখল ৰোধৰ ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন হৈছে। অৰুণাচলী দুৰ্বৃত্তই পূৰ্বতে বনকৰ্মীক আঁঠু কঢ়ায়ো থোৱাৰ অভিযোগ উত্থাপন হৈছে।
নাহৰজানৰ ভূমি বেদখলমুক্ত কৰাৰ লগতে বনাঞ্চলৰ গছ-গছনি ধ্বংস কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিহালীৰ ৰাইজে দাবী জনাইছে। অসমৰ ভূমি আৰু বনাঞ্চল সুৰক্ষিত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনে শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবনে, এতিয়া সেয়াই হ’ব লক্ষণীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















