অসম লাইভ২৪ঃ
ছিপাঝাৰৰ পথৰুঘাটত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ আহি মহিলাৰ বিলৈ৷
পথৰুঘাটৰ কৃষক শ্বহীদ দিৱসত উপস্থিত হোৱা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ আহিছিল এগৰাকী বিশেষ ভাবে সক্ষম মহিলাসহ এটা শিশু৷
কিন্তু আৰক্ষীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাত বাধা দিয়ে মহিলাগৰাকীক৷
মুখ্যমন্ত্ৰীৰ সন্মুখত অৰুণোদয়ৰ নামত চলি থকা দুৰ্নীতি উদঙাই দিয়ে মহিলাই।
মঙলদৈৰ বান্দিয়া পঞ্চায়তৰ অন্তৰ্গত মহিলাগৰাকীক অনিল নামৰ ৱাৰ্ড মেম্বাৰ এগৰাকীয়ে অৰুণোদয় আচঁনিৰ বাবে ১৫০০ টকা দাবী কৰিছিল৷
মনোৱাৰা বেগম নামৰ মহিলাগৰাকীয়ে বিশেষভাবে সক্ষম কন্যা সন্তানক লৈ মুখ্যমন্ত্ৰীক সাক্ষাতৰ চেষ্টা চলায় সফল হয়৷
ৱাৰ্ড মেম্বাৰৰসমূহ কেলেংকাৰী মুখ্যমন্ত্ৰীৰ আগত দাঙি ধৰে মহিলাগৰাকীয়ে৷
অৱশেষত মুখ্যমন্ত্ৰীয়ে মহিলা গৰাকীক সাক্ষাৎ কৰি অৰুণোদয়ৰ ধন মুকলি কৰি দিয়াৰ আশ্বাস প্ৰদান কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ