অসম লাইভ২৪ঃ দলীয় বিধায়কসকলক উদ্দেশ্যি চিঠি লিখি বাৰ্তা পঠিয়াইছে তিহাৰ জে’লত বন্দী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে। বৃহস্পতিবাৰে এখন সংংবাদমেল অনুষ্ঠিত কৰি কেজৰীৱালৰ পত্নী সুনীতা কেজৰীৱালে সেই বাৰ্তা সকলোকে পঢ়ি শুনোৱাইছে। চিঠিত কেজৰীৱালৰ দলীয় বিধায়কসকলক নিজৰ এলেকা পৰিদৰ্শন কৰাৰ নিৰ্দেশ দিছে। মানুহে যাতে অসুবিধাৰ সন্মুখীন নহয় সেই দিশটোত নজৰ ৰাখিবলৈ কাঢ়া নিৰ্দেশ দিছে দলীয় কৰ্মীক।
সুনীতাই কয়, ‘অৰবিন্দ কেজৰীৱালে সকলো বিধায়কৰ বাবে এই বাৰ্তা পঠিয়াইছে।’ তাৰপাছতেই তেওঁ চিঠিখন পঢ়ি দিয়ে। চিঠিত আপ প্ৰধান কেজৰিৱালে লিখিছে, ‘মই কাৰাগাৰত আছো বুলিয়েই দিল্লীৰ বাসিন্দা কোনো কাৰণতে অসুবিধাৰ সন্মুখীন হ’ব নালাগে। প্ৰত্যেক বিধায়ক প্ৰতি দিনেই নিজা নিজা এলেকালৈ যাব। মানুহৰ সমস্যাৰ বুজ ল’ব। আলোচনা কৰিব, তেওঁলোকৰ সমস্যা সমাধান কৰিব।’ দিল্লীৰ আৱকাৰী দুৰ্নীতিত গ্ৰেপ্তাৰ হোৱা অন্য এজন আপ সাংসদে বুধবাৰে জামিনত মুক্তি লাভ কৰিছে।
তিহাৰ জে’লৰ পৰা বাহিৰলৈ আহিছে আপ সাংসদ সঞ্জয় সিং। কাৰাগাৰৰ পৰা বাহিৰলৈ আহিয়েই সুনীতা কেজৰীৱালক লগ কৰে সঞ্জয় সিঙে। এই সময়ত আইআৰএছ হিচাপে কাম কৰা সুনীতাৰ পূৰ্বে ৰাজনীতিৰ সৈতে কোনো প্ৰত্যক্ষ সংযোগ নাছিল। কিন্তু স্বামী অৰবিন্দ কেজৰীৱাল গ্ৰেপ্তাৰ হোৱাৰ পাছতেই তেওঁ হঠাতে ৰাজনৈতিকভাৱে সক্ৰিয় হৈ পৰিছে। বিগত দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী জোঁট ইণ্ডিয়াৰ গণতন্ত বাঁচাও সমাবেশতো সুনীতা কেজৰীৱালে মন্তব্য ৰাখিছে। সুনীতাই সেই ভাষণতেই কৈছে, বিৰোধী জোঁট বা আপ যদি দেশত ক্ষমতালৈ আহে তেন্তে তেওঁলোকে ৬টা বিশেষ প্ৰতিশ্ৰুটি বাস্তবায়িত কৰিব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ