বিশ্বকাপ জিকিব নোৱাৰাৰ যন্ত্ৰণা ইমানদিনে বুকুত চেপি ৰাখিছিল৷ খেলি থকাৰ সময়তো তেওঁ ট্ৰফী তুলি লোৱাৰ সুযোগ নাপালে৷ কোচ হিচাপেও বিগত সময়ছোৱাত তেওঁ এই বিজয়ৰ সোৱাদ পোৱা নাছিল৷ বিগত ১২ মাহত দুবাৰকৈ ট্ৰফীৰ কাষৰ পৰা তেওঁ উভতি আহিব লগা হৈছিল৷ জিকি জিকিও হাৰি গৈছিল তেওঁৰ নেতৃত্বত ভাৰতীয় দলটো৷ বুকুত কান্দোন চেপি তেওঁ অপেক্ষা কৰিছিল৷ সময় এদিন হয়তো আহিব৷ সেই আশা সেই প্ৰত্যাশা নিৰাশাৰ মাজতো স্থিতপ্ৰজ্ঞ হৈ দলটোক আগুৱাই নিয়াৰেই ফল লাভ কৰিলে ৰাহুল দ্ৰাবিড়ে৷ ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলে ১৭ বছৰৰ মূৰত বিশ্বকাপ চেম্পিয়ন হোৱাৰ পাছতেই কোচ ৰাহুল দ্ৰাবিড়ৰ মুখত ফুটি উঠিল অব্যক্ত যন্ত্ৰণা৷
১৯৯৬ চনত আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক হৈছিল ৰাহুল দ্ৰাবিড়ৰ৷ এটা বিশ্বকাপ ট্ৰফিৰ বাবে তেতিয়াৰে পৰাই অপেক্ষাত আছিল দ্ৰাবিড়৷ ২৮ বছৰীয়া অপেক্ষা৷ একুৰি আঁঠ বছৰ জানো কম সময়? শনিবাৰে সেই প্ৰতীক্ষা শেষ হ’ল৷ তেওঁ কোচ হিচাপে থাকোতেই ভাৰতীয় দলে আঁজুৰি আনিলে বিশ্বকাপ৷ ট্ৰফী ভাৰতীয় দলে তুলি লোৱাৰ সময়ত কেমেৰা যেতিয়া দ্ৰাবিড়ৰ ফালে ঘূৰিছিল দ্ৰাবিড়ৰ মুখত দেখা পোৱা হৈছিল কাহানিও নেদেখা এক ৰূপ৷ তাৰপিছতেই তেওঁ সংবাদমেলত অংশগ্ৰহণ কৰে৷ সংবাদমেলত তেওঁ কয়, ‘দুবছৰীয়া এক যাত্ৰা শেষ হ’ল এই বিশ্বকাপত৷ এটা ভাৰসাম্য যুক্ত দল তৈয়াৰ কৰিব বিচাৰিছিলো৷ খেলুৱৈসকলৰ মাজত নিৰ্দিষ্ট মানৰ দক্ষতা বিচাৰিছিলো৷ প্ৰয়োজনীয় কিছু ক্ৰিকেটাৰ বাচনি কৰিছিলো৷ ২০২১ চনত দায়িত্ব লোৱাৰ সময়ৰে পৰাই দলত আলোচনা আৰম্ভ হৈছিল কেনেকৈ আমি বিশ্বকাপ জয় কৰিব পাৰো৷ কিন্তু এই বিশ্বকাপৰ বাবে পৃথককৈ আমি পৰিশ্ৰম কৰা নাই৷ বিগত দুবছৰৰ সুপৰিকল্পনা আৰু পৰিশ্ৰমৰহে এয়া ফচল৷’
এই কথাখিলি প্ৰকাশ কৰোতে দ্ৰাবিড়ৰ মুখত শুনা গৈছে আক্ষেপ আৰু যন্ত্ৰণাৰ সুৰ৷ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ গৈ ৰাহুল দ্ৰাবিড়ে কয়, ‘নিজৰ সকলোখিনি দিও খেলুৱৈ হিচাপে এটা ট্ৰফী জয় কৰাৰ সৌভাগ্য মোৰ নহ’ল৷ মই ভাগ্যবান এই দলৰ কোচ হোৱাৰ সুযোগ পালো৷ এদল দুৰ্দান্ত যুৱকে মোৰ বিশ্বকাপ জিকাৰ সপোন বাস্তৱায়িত কৰিছে৷ দুৰ্দান্ত অনুভূতি এয়া৷ মই কোনো যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ বাবে কাম কৰা নাছিলো৷ কেৱল নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা কৰিছিলো৷ সঁচায়ে দুৰ্দান্ত এক যাত্ৰাৰ সফল সমাপ্তি৷ এই যাত্ৰাই সফলভাৱে গন্তব্যস্থানত উপনীত হ’ল৷’
শনিবাৰে আছিল ভাৰতীয় দলৰ কোচ হিচাপে দ্ৰাবিড়ৰ শেষ মেচ৷ বিশ্বকাপ জয়ৰ বাবে দ্বিতীয় সুযোগ তেওঁৰ হাতত নাই৷ দ্ৰাবিড়ে কয়, ‘এতিয়া ভাৰতীয় দলত যিসকল ক্ৰিকেটাৰ আছে তেওঁলোক বহু প্ৰতিভাৰ অধিকাৰী৷ তেওঁলোকৰ আত্মবিশ্বাস, যুঁজ দিয়াৰ ক্ষমতা অসাধাৰণ৷ খুবেই উচ্চমানৰ খেল খেলিছে তেওঁলোকে৷ মই নিশ্চিত আগন্তুক ৫-৬ বছৰত ভাৰতে আৰু বহু ট্রফী দেশলৈ আনিব৷’
বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই একেলগে আন্তৰ্জাতিক টি-২০ৰ পৰা অৱসৰ ঘোষণা কৰাৰ পাছত তেওঁ কিছু হতাশো হৈছে৷ এই দলৰ সৈতে আৰু থাকিব নোৱাৰাৰ বেদনাইয়ো ভাৰাক্ৰান্ত কৰিছে দ্ৰাবিড়ক৷ তেওঁ কয়, ‘ব্যক্তিগতভাৱে ৰোহিত, কোহলিৰ অভাৱ ভাৰতীয় দলত অনুভৱ হ’ব৷ মানুহ হিচাপে মোক দুয়োৱে বাৰে বাৰে বিস্মিত কৰে৷ সন্মানো যথেষ্ট কৰে৷ যত্নও লয়৷ এইবোৰৰ ওপৰিও ক্ৰিকেটৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাই মোক মোহিত কৰে৷ সকলো সময়তে দুয়ো প্ৰাণবন্ত হৈ থাকে৷ অভিজ্ঞ দুই ক্ৰিকেটাৰ ভাৰতীয় দলত নাথাকিব৷ সেই কথা ভাৱিলে বুকুখন কৰোবাত বিষায়৷’ ভাৰতীয় দলৰ সৈতে দ্বিতীয়বাৰ বিচ্ছেদ হোৱাৰ পূৰ্বে শান্ত সমাহিত ৰাহুল দ্ৰাবিড় আকৌ এবাৰ আৱেগিক হৈ উঠিছে৷ অভিজ্ঞ, শান্ত এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰক সময়ে অৱসৰ ল’বলৈ আহ্বান জনাইছে৷ দলৰ কোচ হিচাপে অৱসৰ ল’লেও ক্ৰিকেটৰ সৈতে জানো তেওঁৰ বিচ্ছেদ হ’ব পাৰে৷ ক্ৰিকেট তেওঁৰ তেজত, ক্ৰিকেট তেওঁৰ মনত আজীৱন জীঁপাল হৈয়ে থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ