• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উপ নিৰ্বাচনৰ ৰাজনীতি আৰু কিছু সম্ভাব্য প্ৰাসংগিক কথা

উপ নিৰ্বাচনৰ ৰাজনীতি আৰু কিছু সম্ভাব্য প্ৰাসংগিক কথা

5 years ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

15 minutes ago
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

41 minutes ago
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

1 hour ago
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

2 hours ago
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

2 hours ago
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

3 hours ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

4 hours ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

4 hours ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

5 hours ago
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

5 hours ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

6 hours ago
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

উপ নিৰ্বাচনৰ ৰাজনীতি আৰু কিছু সম্ভাব্য প্ৰাসংগিক কথা

editor by editor
October 8, 2021
in অসম, গুৱাহাটী, ৰাজনীতি, লেখা
0
উপ নিৰ্বাচনৰ ৰাজনীতি আৰু কিছু সম্ভাব্য প্ৰাসংগিক কথা
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

 উপ নিৰ্বাচনৰ ৰাজনীতি আৰু কিছু সম্ভাব্য প্ৰাসংগিক কথা

                                                                                                              

                                                                                                                ছাইদুল ইছলাম

 

নিৰ্বাচনৰো বতৰ থাকে ৷ সাধাৰণতে নিৰ্বাচন বুলি এপ্ৰিল বা মে’ মাহৰ দিনবোৰৰ কথাই আমাৰ মনলৈ আহে ৷ একালত অসমৰ পৰা অবৈধ অনুপ্ৰবেশকাৰীক খেদি পঠিয়াবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিটো তাৰিখৰ কথা নিৰ্বাচনী সভাত কৈছিল, সেয়াও ১৬ মে আছিল ৷ এই তাৰিখটো আজিও সৰ্বত্ৰে চৰ্চিত ৷ কিন্তু অসমত পুনৰ নিৰ্বাচন আহিছে ৷ সৌসিদিনা বিপিএফ ত্যাগ কৰি বিজেপিলৈ ঢাপলি মেলিছিল ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী ৷ সেই সূত্ৰে বিশ্বজিৎ দৈমাৰীয়ে সাংসদ পদৰ পৰা পদত্যাগ কৰিছিল ৷ কাজেই পুনৰ নিৰ্বাচন হল ৰাজ্যসভাৰ বাবে এখন আসনত, প্ৰাৰ্থী একেজনেই, কেৱল দলটোৱে বেলেগ ৷এইবাৰ আহিল বিধানসভা নিৰ্বাচন, পুনৰ এইবাৰ বিধানসভাৰ বাবে প্ৰাৰ্থী হল বিশ্বজিৎ দৈমাৰী, নিৰ্বাচিত হৈ দিশপুৰ পালেহি, পুনৰ পদত্যাগ কৰিবলগীয়া হল ৰাজ্যসভাৰ সাংসদ পদৰ পৰা ৷ তেওঁ খালী কৰি দিয়া আসনত বিনাপ্ৰতিদন্দিতাৰ নিৰ্বাচিত হৈ দিল্লীৰ মছনদত নিজৰ স্থিতি মজবুট কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ এনেদৰে প্ৰায় এটা বছৰৰ ভিতৰত কেৱল ক্ষমতাৰ ইহাত সিহাত কৰিবলৈ ৰাজ্যসভাৰ একেখন আসনৰ বাবে বাৰে বাৰে নিৰ্বাচন পাতিবলগীয়া হল ৷ অৱশ্যে ৰাজ্যসভাৰ নিৰ্বাচনে সৰ্বাসাধাৰণক বৰকৈ চুব নোৱাৰে, সেয়ে বহুতেই এইবোৰ কথাক লৈ বৰকৈ মুৰ নঘমাই বুলি মই ভাবো ৷ কিন্তু এইবাৰৰ আৱতৰীয়া নিৰ্বাচনে সকলোকে চুইছে, বহু কাৰকে সকলোকে এই দিশত কিছু মনোযোগ দিবলৈ বাধ্য কৰাইছে ৷

উপনিৰ্বাচন সাধাৰণতে যিটো কাৰণত হয় তাক সকলোৱে মানি লবলৈ বাধ্য ৷ কোনোবা সাংসদ বা বিধায়ক অথবা নিৰ্বাচিত জনপ্ৰতিনিধিৰ মৃত্যুৱে নমাই অনা এনে অনাহুত পৰিস্থিতিক সকলোৱে মানি লয় ৷ অসমত সদ্যহতে ছয়টা সমষ্টি বিধায়কবিহীন, তাৰে দুটা সমষ্টিত এনে পৰিবেশ প্ৰাকৃতিক কাৰণত হোৱা বাবেই তাক লৈ দুখ প্ৰকাশ কৰি পৰিয়াল বা গুনগ্ৰাহীলৈ সমবেদনা জ্ঞাপন কৰাৰ বাদে আনধৰণে ভবাৰ অৱকাশ নাই ৷ মাজুলীৰ পৰা দিশপুৰলৈ নিৰ্বাচিত হৈ আহি পিচত ৰাজনৈতিক পৰিস্থিতিগত কাৰণত নতুন দিল্লীলৈ গমন কৰিলে তেওঁ ৷ বহু বিৰতিৰ মুৰত অসমৰ পৰা এগৰাকী কেবিনেট মন্ত্ৰী ৰূপে গুৰুত্বপূৰ্ণ বিভাগত কাৰ্যনিৰ্বাহ কৰা সৰ্বানন্দ সোনোৱালৰ পদত্যাগে কঢ়িয়াই অনা মাজুলীৰ উপনিৰ্বাচনক মানি লব পাৰি ৷ কিন্তু আন তিনিটা সমষ্টিৰ ক্ষেত্ৰত এচাম ক্ষমতালোভী আৰু ৰাজনৈতিক আদৰ্শহীন নেতাৰ লুটিবাগৰে নমাই অনা উপনিৰ্বাচনৰ পূৰ্বৰ অহা-যোৱাৰ নামত পোহাৰি চুপতি, আজিৰ দিনৰ আৰু অনাগত দিনত হবলগীয়া নিৰ্বাচনকেন্দ্ৰিক পৰিস্থিতিক সহজে মানি লবলৈ যিকোনো মূল্যবোধ সম্পন্ন মানুহৰ বাবে কঠিন ৷ গনতন্ত্ৰত মানুহৰ ব্যক্তিগত অধিকাৰ, নৈতিকতা আৰু প্ৰমূল্যবোধৰ মাজত থকা সম্পৰ্ক আৰু সীমাৰেখাডাল ক্ৰমাৎ এনে ঘটনাই ক্ষীন কৰে, নাইকীয়া কৰে ৷

 

২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দলৰ কাৰুকাৰ্য, কথা বতৰা, প্ৰতিশ্ৰুতি আশ্বাস, বিশ্বাস জয়ৰ বাবে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিয়াৰ লগতে প্ৰতিপক্ষক যিদৰে কঠোৰ সমালোচনা কৰে, তাক সৰ্বাসাধাৰণ ভোটাৰে বাধ্যত পৰিয়েই হওঁক বা বিকল্পহীনতাৰ বাবেই হওক বিশ্বাস কৰি ভোট দিয়ে৷ সৰ্বানন্দ সোনোৱাল চৰকাৰ কাৰ্যকালত যিসকল বিধায়কে আটাইতকৈ সৰব ভূমিকা গ্ৰহন কৰি চৰকাৰী পক্ষক কঠেৰ সমালোচনা কৰিছিল, সেইসকলৰ ভিতৰত মৰিয়নীৰ তদানীন্তন কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী আছিল সৰ্বাধিক সক্ৰিয় ৷ তেওঁ সময়ে সময়ে সমালোচনাৰ লক্ষ্মনৰেখা পাৰ কৰি যিবোৰ অস্বাভাৱিক আচৰণ কৰিছিল তাক আজিও মানুহে পাহৰা নাই ৷ আনকি দল বাগৰা প্ৰসংগত যিবোৰ কঠোৰ আৰু অসংসদীয় শব্দৰে সমালোচনা কৰিছিল, তাক পিচত হয়তো গাত পাতি লবলৈ কোনো সাধাৰণ মানুহে নোৱাৰিব ৷ অৱশ্যে ৰাজনৈতিক নেতা কৰ্মীৰ ক্ষেত্ৰত ই বৰ আচহুৱা কথা নহয় বুলি পূৰ্বৰ বহুতৰ লগতে ৰূপজ্যোতি কুৰ্মীয়ে প্ৰমান কৰি থৈছে ৷ নিৰ্বাচিত হোৱাৰ দুই মাহ নৌহওঁতে কুৰ্মীয়ে কংগ্ৰেছ এৰি বিজেপিলৈ দিয়া ভেকুলি জাঁপটো দেখি হয়তো বহুতেই হতবাক হৈছে ৷ কিন্তু ৰাজনীতিত জানো ব্যকৰণ সম্ভৱ? মুঠেই নহয় ৷ একেই ঘটনা ভবানীপুৰতো ৷ বিজেপি গমনৰ বাতৰি ওলোৱা সময়ত ইমান আত্মবিশ্বাসেৰে মিছা মাতি যিবোৰ কথা কৈ বাতৰি অস্বীকাৰ কৰিছিল, তাৰ পিচত আজি ভোটাৰৰ মনত হয়তো প্ৰশ্ন হৈছে একেদৰে নিজৰ ভোটটোও বেলেগলৈ সময়ে সময়ে সলাই দিব পৰাহেতেন? থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহাই আকৌ এখোপ চৰা ৷ ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিচত আকৌ তেওঁ কংগ্ৰেছ কৰ্মীৰ মনোবল অটুত ৰাখিবলৈ মৰিয়নীলৈ গৈছিল ৷ এইবোৰ কমসাহসৰ কথানে? এনেদৰেই ক্ষমতাৰ বাবে দল বাগৰে নেতাবোৰে, দুই চাৰিদিন বাটে পথে, ফেচবুকে ৱাটচএপে গালি সমালোচনাও হয়, কিন্তু পৰৱৰ্তী উপনিৰ্বাচনত তেনে প্ৰাৰ্থী জিকি আহে পুনৰ ৷ এইবাৰৰ প্ৰেক্ষাপটত বিজেপি মিত্ৰজ্যোটৰ সন্মূখত  বহুধাবিভক্ত বিৰোধী শক্তিৰ হিচাপ নিকাচ হব নে বিজেপি মিত্ৰজ্যোটৰ শক্তিপৰীক্ষা হব সেয়া লক্ষনীয় হব ৷

কংগ্ৰেছ দলৰ বিগত নিৰ্বাচনৰ বিপৰ্যয়ৰ পিচত কিছু নীতিগত পৰিবৰ্তন কৰিবলৈ ভূপেন বৰাক সভাপতি পাতি কংগ্ৰেছ দলটো মুছলমানকেন্দ্ৰিক দল হৈ পৰা বুলি যি প্ৰতিক্ৰিয়া সৰ্বত্ৰে উত্থাপিত হৈছে, তাক কিছু কমাই জাতীয়তাবাদী ধাৰাৰ কিছু সংশ্ৰৱলৈ আহিবলৈ যত্নপৰ হোৱা যেন লাগে যদিও গৰুখুটিৰ ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ গৈ ভূপেন বৰাই নিজৰ চোলা ফালি দিয়া বিষয়টো বিজেপিয়ে উজনিৰ লগতে ভবানীপুৰত তলে তলে ব্যৱহাৰ কৰিব ৷ গৰুখুটিৰ উচ্ছেদৰ ঘটনাক্ৰম আৰু মিঞা ৰাজনীতিৰ খেলখনে বিজেপি ভোটৰ ৰাজনীতিত হিন্দুত্ববাদী আৰু তথাকথিত মিঞাবিৰোধী ভোটাৰক বিজেপিৰ পক্ষত একত্ৰিত কৰি ৰাখিব বুলি মই ভাবো ৷ ভবানীপুৰত হিন্দু আৰু বড়ো ভোটাৰে বিজেপিৰ পক্ষ লোৱাৰ সম্ভাৱনাই অধিক, ফনী তালুকদাৰৰ ব্যক্তিগত সম্পৰ্কত কিছু মুছলমান ভোটাৰৰ সমৰ্থনো তেওঁ পাব পাৰে ৷ পূৰ্বে বিপিএফৰ সমৰ্থকে বিজেপিৰ পক্ষত ভোটদান নকৰিলেও এইবাৰ উপনিৰ্বাচনত বিপিএফ আৰু ইউপিপিএল উভয় দলৰ সমৰ্থকে ফনী তালুকদাৰৰ পক্ষ লব ৷ মহাজ্যোট ভংগ হোৱাৰ পিচত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইউডিএফে ভবানীপুৰ আৰু গোসাইগাঁওত নিজৰ দলীয় প্ৰাৰ্থী ঘোষনাই ফনী তালুকদাৰক সহায় কৰিব ৷ কংগ্ৰেছ দল বা বিৰোধীয়ে সুযোগ পোৱাৰ পিচতোফনী তালুকদাৰক নিৰ্বাচনত যে হৰুৱাই প্ৰতিৰোধ কৰি পোতক তুলিবলৈ সক্ষম হব, তেনে কোনো ৰনকৌশল মোৰ চকুত পৰা নাই ৷

থাওৰাত বিজেপিৰ বাবে কিছু প্ৰত্যাহ্বান আছে যদিও মুৰকত কংগ্ৰেছ ৰাইজৰ দল আৰু চিপিআই দলৰ তিনিওগৰাকী প্ৰাৰ্থীৰ মাজৰ খোৱা কামোৰাই বিজেপিৰ সুশান্ত বৰগোহাঁইৰ কাইটীয়া বাট মসৃন কৰিব যেন লাগে ৷ অখিল গগৈ আৰু কংগ্ৰেছৰ মাজৰ বাক্যবানে একাংশ বিজেপি বিৰোধী ভোটাৰক দৌদুল্যমান কৰি তুলিব ৷ একালৰ অখিল গগৈৰ অধিবক্তাগৰাকী সাংসদ অজিত ভূঞা সমৰ্থিত চিপিআইৰ প্ৰাৰ্থী কৃষ্ণ গগৈ আৰু অখিল গগৈৰে সংঘাট মুকলি হৈছে ৷ আনকি কোন বিজেপিৰ বাবে সহায়ক প্ৰাৰ্থী সেই পৰ্যন্ত পাইছেগৈ বিতৰ্কই ৷ চিপিআই দলে থাওৰা তেওঁলোকৰ দুৰ্গ বুলি ভাবে যদিও শেহতীয়াকৈ তিনিটা নিৰ্বাচনত ২০১৯ চনত ১২২৩ টা, ২০১৬ চনত ২০৬৬ টা আৰু ২০১৪ চনত ২৪০৩ টা ভোট পাইছিল ৷ কিন্তু তিনি চাৰিকোনীয়া যুঁজত এইখিনি ভোটৰ গুৰুত্ব বহুত ৷ শ্বেৰমান আলীৰ উগ্ৰ সাম্প্ৰদায়িক বক্তব্যই কংগ্ৰেছক মৰিয়নী, থাওৰা আৰু ভবানীপুৰত শলথেকত পেলাব ৷ এনে প্ৰেক্ষাপটত বহুধাবিভক্ত বিৰোধীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ ভয়ানক মূল্য বৃদ্ধিৰ দৰে ইছ্যু থকাৰ পিচতো নিস্প্ৰভ হৈ ৰৈছে, যিটোৱে ইমান কম সময়তে শাসকীয় পক্ষক পৰাজিত কৰাৰ দুৰ্লভ সুযোগটো কাৰ্যকৰী কৰাত বিফল কৰিব ৷ ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছে অজাপক লগত ৰাখিবলৈ যত্ন কৰাটো দলটোৰ বাবে চতুৰ পদক্ষেপ ৷ অজাপ নেতৃত্বক লগত লৈ কৰা কুচকাৱাজে অনাগত দিনত অজাপক কিছু দুৰ্বল কৰিব পাৰে, সদ্যহতে কংগ্ৰেছ প্ৰত্যক্ষভাবে বৰ লাভান্বিত নহলেও অনাগত দিনত বিৰোধী ‘Space’লৈ থকা অৰিয়াঅৰিত অজাপৰ ক্ষতি হব পাৰে ৷

এইবাৰৰ উপনিৰ্বাচন বঙহৰ যুঁজ ৷ সৌসিদিনা গুনগান কৰা ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোঁহাই, ফনী তালুকদাৰৰ বিপক্ষে কংগ্ৰেছে আৰু সৌসিদিনা তেওঁলোকক ব্যৰ্থ বা বেয়া বুলি গালি পাৰি এই তিনিওৰে হাতত পৰাজিত বিজেপিয়ে নিজে গুনগান কৰিব লাগিব ৷ তেনেক্ষেত্ৰত দৰাচলতে এই দলবোৰৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ একেকিনি প্ৰাৰ্থীৰ হকে ওলট পালটকৈ ভোট বিচৰাৰ নৈতিকতা নাই বুলি ভবাৰ যুক্তি আছে ৷ এই উপনিৰ্বাচনে প্ৰকৃতপক্ষে ৰাজনৈতিক দল আৰু নেতাবোৰৰ যে কোনো আদৰ্শগত দৃঢ়তা নাই, তাক পুনৰবাৰ প্ৰমান কৰিছে ৷আনহাতে বিৰোধীৰ মাজতো একেই যুঁজ বাগৰ ৷ এই যুঁজ বাগৰ মুলতঃ ৰাইজৰ দল আৰুকংগ্ৰেছৰ মাজত বিজেপি বিৰোধী ৰাজনীতিৰ ‘space’ক লৈহে, কংগ্ৰেছৰ বাবে ৰাইজৰ দল Vote cutter বা হয়তো অনাগত দিনৰ সম্ভাব্য মুল প্ৰতিদ্বন্দী ৷ ফলত ৰাজনৈতিক Space লৈ এই যুঁজৰ সুযোগ মিত্ৰজ্যোটৰ হাতত যাবগৈ পাৰে ৷ আনহাতে মহাজ্যোট ভাঙি ওলাই যোৱা বিপিএফৰ আত্মসমৰ্পণৰ পিচত বিটিআৰত বিৰোধী নাই বুলিবই পাৰি ৷ কেৱল তামুলপুৰত ইমানুৱেল মুচাহাৰীয়ে সামান্য প্ৰতিৰোধ গঢ়ি তুলিব যদিও গোসাইগাঁওত নিষ্কন্টক হৈ পৰিব মিত্ৰজ্যোট ৷এনেদৰে এই উপনিৰ্বাচনে প্ৰমান কৰিছে কিদৰে ৰাজনৈতিক নেতাসকলে ক্ষমতাৰ খকত দৌৰে ৷

বিগত কেইটামান মাহতে চতুৰ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মাই বিৰোধী শিবিৰত এনে এটা বাৰ্তা দিবলৈ সক্ষম হৈছে যে অনাগত বহু দিনলৈ হিমন্ত বিশ্ব শৰ্মা অপৰাজেয় মুখ্যমন্ত্ৰী ৷ এই ধাৰণাই বিৰোধী শিবিৰত আত্মবিশ্বাস হ্ৰাস কৰি ভাঙোন আনিছে ৷ আনহাতে বিজেপিত কোনো নেতাই স্থায়ী নহয় বুলি বহুতে ভাবে ৷ তেনেক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ একালৰ বিশ্বস্ত অনুগামী সকলক নিজৰ দললৈ নিবলৈ পতা উপনিৰ্বাচনে অনাগত দিনৰ ৰাজনীতিত তেওঁক শক্তিশালী কৰি তুলিব বুলি বহুতে ভাবে ৷ আনহাতে বিগত নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা নাপালে বাবে অগপ আৰু ইউপিপিএলৰ ওপৰত কিছু নিৰ্ভৰশীল ৷ এই উপনিৰ্বাচনে এই নিৰ্ভৰশীলতা বহুখিনি হ্ৰাস কৰিব পাৰে ৷ লগতে এই উপনিৰ্বাচনেৰে বিজেপিয়ে উজনিত কংগ্ৰেছক দুৰ্বল কৰি তুলিব ৷ শিৱসাগৰৰ এটা সমষ্টিতো বিজেপি জিকা নাছিল, সেয়ে থাওৰাৰ পৰাই শিৱসাগৰত বিজেপিৰ ভেটি মজবুট কৰাৰ ই এক অভিযান বুলিব পাৰি ৷ জিকি আহিলে সুশান্ত বৰগোহাঁই হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বস্ত হোৱাৰ সুবাদতে হবগৈ পাৰে বিজেপিৰ ‘আহোম মুখ’৷ লগতে থাওৰা আৰু মৰিয়নীত কংগ্ৰেছ পৰাজিত হলে কংগ্ৰেছ হৈ পৰিব নামনি আৰু মধ্য অসম নিৰ্ভৰ ৷ বিজেপি নিজৰ বল শক্তিৰে কংগ্ৰেছক মুছলমান অতবা মিঞাৰ দল বুলি প্ৰতিষ্ঠাৰে উজনিত সমৰ্থন গোটাবলৈ সক্ষম হব পাৰে ৷ মুলত এনেদৰেই পাৰ হব নিৰ্বাচনটো ৷

ৰাজনীতিত সকলো চলিব, কিন্তু ৰাইজৰ জলন্ত সমস্যাবোৰ এই নিৰ্বাচনতো হৈ ৰব এলাগী ৷ বহু বেলেগ কাম আৰু কতা বতৰাৰে মুল ইছ্যুবোৰ তল পেলাই ৰাখিবলৈ সক্ষম হৈছে চৰকাৰ, কিন্তু বিৰোধী? বিৰোধী যেন নাই ৷ ৰাইজে দিয়া শক্তিৰ অনুশীলন ৰাইজ হকে কৰাত ব্যৰ্থ বিৰোধীয়ে যেন সময়লৈ অপেক্ষা কৰিছে ৷ বিৰোধীৰ আশা- হয়তো সময়ে সলাব তেওঁলোকৰ ভাগ্য ৷ কিন্তু জনসাধাৰণৰ ভাগ্য সলাবনে সময়ে? আপাততঃ অপেক্ষা৷

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24by-election assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী
অসম

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

May 27, 2026
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

May 27, 2026
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

May 27, 2026
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ
জীৱনশৈলী

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

May 27, 2026
Next Post
দুর্নীতিৰ গোচৰত গ্ৰেপ্তাৰ বিধায়ক শ্বেৰমান

দুর্নীতিৰ গোচৰত গ্ৰেপ্তাৰ বিধায়ক শ্বেৰমান

ডিব্ৰুগড়ত বস্তাই বস্তাই ধন ঘটিছে জুৱাৰীয়ে

ডিব্ৰুগড়ত বস্তাই বস্তাই ধন ঘটিছে জুৱাৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.