দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী পদত শপত ল’লে নীতীশ কুমাৰে৷ সমস্ত এগজিট পোলক মিছা প্ৰমাণিত কৰি বিপুল সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আহিছে নীতীশ কুমাৰ৷ কিন্তু এই জয়ৰ আঁৰত কাৰ কাৰ হাত আছে? কেনেকৈ ইমান বিপুল ভোটেৰে জয়লাভ কৰি চৰকাৰ গঠন কৰিছে নীতীশে? এই বিষয়ক লৈ ৰাজনৈতিক বিশেষজ্ঞসকলৰ মত যে বিহাৰত NDAৰ জয়ৰ আঁৰত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত৷ কাৰণ তেওঁ ‘মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা’-ৰ পৰিকল্পনা দিছিল নীতীশক৷ সেয়া বাস্তবায়িতও কৰা হয় চৰকাৰৰ তৰফৰ পৰা৷ তাৰপিছতেই চমকপ্ৰদ ফল৷
এইবাৰ বিহাৰৰ ভোটৰ পূৰ্বে মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনাৰ অধীনত ১ কোটি ২১ লাখ মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ ১০ হাজাৰ টকা পঠিয়াইছে নীতীশ চৰকাৰে৷ ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে এই টকাৰ খেলেই বাজিমাত কৰিছে৷ দুই দফাতেই মহিলা ভোটদানৰ হাৰ পূৰ্বৰ তুলনাত ১২ শতাংশ বাঢ়িছে৷
দ্যা ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি NDA নেতাসকলে এই মুখ্যমন্ত্ৰী ৰোজগাৰ যোজনাৰ বাবে হিমন্ত বিশ্বশৰ্মাক কৃতিত্বও দিছে৷ মুখ্যমন্ত্ৰী শৰ্মাই নিজেও জনাইছে যে নীতীশ কুমাৰৰ অনুৰোধতেই তেওঁৰ আমোলাসকলক বিহাৰলৈ পঠিয়াইছিল৷ তেওঁৰ আমোলাসকলে সেই যোজনাৰ কথাও কৈছিল৷ তাত ৰাজিও হয় নীতীশ কুমাৰ চৰকাৰ৷
প্ৰতিবেদনত প্ৰকাশ পাইছে যে এই প্ৰকল্পৰ আঁৰত যে হিমন্ত বিশ্ব শৰ্মা আছে সেই কথা স্বীকাৰ কৰিছে জেডিইউ নেতাসকলেও৷ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৩ কোটি লাখপতি দিদি প্ৰকল্পৰ ফল৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ কৰা হৈছে যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত মহিলাসকলৰ বাবে আৰ জে ডি নেতা তেজস্বী যাদৱে ‘মা বহি মান যোজনা’ ঘোষণা কৰিছিল৷ তাৰ বিপৰীতে নতুন পৰিকল্পনাৰ কথা ভাৱিছিল এন ডি এ নেতাসকলে৷ যদিও ভোটৰ পূৰ্বে মহিলাসকলৰ একাউণ্টত ১০ হাজাৰ টকা দিয়াৰ বিষয়টোত সমালোচনাৰেও সৰৱ হৈছিল বিৰোধীসকল৷ কাৰণ ইয়াৰ ফলত নিৰ্বাচনী বিধি ভংগ হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















