অসম লাইভ২৪ঃ ৫ দিনৰ আৰক্ষীৰ জিম্মাত BPFৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী৷ দাওৰাও নাৰ্জাৰী, বিক্ৰম দৈমাৰীকো ৫ দিনৰ জিম্মাত৷ বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি দাওৰাও নাৰ্জাৰী৷ বিক্ৰম দৈমাৰী বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সভাপতি৷ বাসগৃহত অবৈধভাৱে মাৰণাস্ত্ৰ ৰখাৰ অভিযোগত আটক কৰিছিল হিতেশ বসুমতাৰীক৷ জব্দ কৰিছিল AK ছিৰিজৰ ৰাইফল, মেগজিন, ১২৬ জাঁই সজীৱ গুলীসহ এটা M16ৰ মেগজিন৷ কোকৰাঝাৰ আৰক্ষীয়ে জব্দ কৰিছিল এই বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ৷ চাপাগুৰি সমষ্টিৰ প্ৰাক্তন BPF বিধায়ক হিতেশ বসুমতাৰী৷ ঘটনা সন্দৰ্ভত হিতেশ বসুমতাৰীক জেৰা কোকৰাঝাৰ সদৰ আৰক্ষীৰ৷
উল্লেখ্য যে BPFৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ৷ নতুন সশস্ত্ৰ সংগঠন জন্ম দিয়াৰ পৰিকল্পনা ৰচিছিল বসুমতাৰীয়ে৷ বসুমতাৰীক সহযোগ কৰিছিল দাওৰাও নাৰ্জাৰী আৰি বিক্ৰম দৈমাৰীয়ে৷ কোকৰাঝাৰৰ ASP নৱনীতা শৰ্মাৰ এই বিস্ফোৰক ভাষ্য৷
সংবাদমেলত বসুমতাৰীসহ তিনিওজনৰ বিৰুদ্ধে এই অভিযোগ৷ কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তিনিওজন অভিযুক্তক৷ ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ বসুমতাৰী আৰু দৈমাৰী৷ ইফালে ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ দাওৰাও নাৰ্জাৰীও৷ অবৈধ অস্ত্ৰ মজুত ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বসুমতাৰী৷ বসুমতাৰীৰ বাক্সাৰ ঘৰত জব্দ হৈছিল AK ছিৰিজৰ ৰাইফল৷ জব্দ হৈছিল ১২৬ জাঁই সজীৱ গুলী, এটা M16 মেগজিন৷ চাপাগুৰি সমষ্টিৰ প্ৰাক্তন BPF বিধায়ক আছিল বসুমতাৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ