অসম লাইভ ২৪ঃ অসমত আতচবাজী উদ্যোগৰ বাবে প্ৰচুৰ সম্ভাৱনা আছে যদিও, উদ্যোগ স্থাপনৰ বাবে আগ্ৰহী নহয় কোনো উদ্যোগী। থলুৱা আতচবাজীৰ প্ৰাণকেন্দ্ৰ বৰপেটাত উদ্যোগ স্থাপনৰ বাবে আগবাঢ়ি নাহে কোনো উদ্যোগপতি। কিন্তু উদ্যোগ স্থাপনৰ বাবে আগ্ৰহী উদ্যোগপতিক ঋণ দিবলৈ ইচ্ছুক ৰাজ্যৰ উদ্যোগ বিভাগ। সৰ্বাধিক ৫ কোটি টকাৰ ঋণ দিয়া হ’ব বুলি বিধানসভাত মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। আনহাতে কাঁহ-পিতলৰ উদ্যোগ স্থাপনৰ বাবে মাটি বিচাৰি পোৱা নাই বুলিও বিধানসভাত উল্লেখ পাটোৱাৰীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ