• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

4 months ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

8 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

9 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

9 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

10 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

10 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

11 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

12 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

13 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

13 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

14 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

14 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

editor by editor
April 8, 2026
in অসম, বিবিধ, ৰাজনীতি, লেখা
0
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান চলি আছে ডিজিটেলৰ যুঁজ ৷ কেৱল সভা-সমিতি, ভাষণবাজীৰে কাম নচলে। এতিয়া সামাজিক মাধ্যম, AI, DEEP FAKE, নেৰেটিভ সৃষ্টি এতিয়া ৰাজনীতিৰ অভিন্ন অংগ। এইবাৰ নিৰ্বাচনৰ সময়তো ইয়াৰ পূৰ্ণ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। HBS 2.0, JUSTICE FOR ZUBEEN GARG, ১২ হাজাৰ কোটিৰ সম্পত্তিৰ মালিক, ৰিণিকি ভূঞা শৰ্মাৰ পাছপৰ্টলৈ।

এইবাৰ নিৰ্বাচনত আল্লাহু আকবৰ, নাৰায় তাকবিৰ, পাইজান, ৫০১ নং কোঠা, পাকিস্তানী এজেণ্ট, হেলিকাপ্টাৰত সুৰাৰ বটল, কুংকিৰ ভুৱা ভিডিঅ’, শিৱসাগৰক ধুবুৰী কৰা, হিমন্ত বিশ্বৰ এনাৰ্জি ইত্যাদি অনেক ইছ্যুৱে স্থান পাইছে। আজিৰ নিৰ্বাচন কেৱল ব্যক্তি বিশেষে মাজতে সীমাবদ্ধ নহয়।

এতিয়া আধুনিক ৰাজনীতি সলনি হৈছে। আজিৰ ৰাজনীতিত ইমেজ মেনেজমেণ্ট, আৱেগ, ডিজিটেল কাহিনী নিৰ্মাণত গুৰুত্ব আৰোপ কৰা হৈছে। এতিয়া কোনোবা নেৰেটিভ সফল, কোনোবা বিফল। কংগ্ৰেছৰ তুলনাত ডিজিটেল যুদ্ধখনত আগবাঢ়ি থাকিল বিজেপি। ইয়াৰ মাজতে চৰ্চা ৰুম নম্বৰ 501ৰ।  কিন্তু 501 নং কোঠাৰ শেহতীয়া বৃহৎ বেনডিং হৈছে HBS 2.0 লোডিং।

৪ মে’ত কোনে শেষ হাঁহি মাৰিব, সেয়া সময়েহে উত্তৰ দিব। কিন্তু এই বিশেষ পেটাৰ্নৰ ছবিখন সামাজিক মাধ্যমত চৰ্চিত। সামাজিক মাধ্যমত অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ বহু সদস্য এক্টিভ হৈ থকাৰ পাছতো HBS 2.0 ৰ ছবি ভাইৰেল হৈ পৰিছে।

পাক নিৰ্বাচনী সমীক্ষাসমূহে ইয়াৰ ইংগিত দিছে যদিও, সামাজিক মাধ্যমে ইয়াৰ নিশ্চিয়তা প্ৰদান কৰা দেখা গৈছে।  HBS 2.0 নেৰেটিভ বিজেপি কৰ্মীসকলৰ এক সুসংগঠিত প্ৰক্ৰিয়া। জানিব পৰা মতে, আজি ৩ বছৰ মানৰ পৰা আজিৰ পৰিৱেশটো গঢ়িবলৈ এই নেৰেটিভ যুদ্ধ দিনে-নিশাই চলাই গৈছিল বিজেপি কৰ্মীসকলে।

এই নেৰেটিভ যুদ্ধখনত কংগ্ৰেছ কৰ’বাত নহয় কৰ’বাত পৰাজিত হৈছে। শেহতীয়াকৈ পৱন খেড়াৰ ক্ষেত্ৰত দৃশ্যমান। বিহাৰৰ পৰা ভোট দিবলৈ বহু বিহাৰী লোকক অনা হৈছিল বুলি প্ৰচাৰ চলোৱা হৈছিল, সেয়াও সম্পূৰ্ণ অৰ্থহীন। পিছে কংগ্ৰেছৰ প্ৰতিটো নেৰেটিভৰ বিপৰীতে বিজেপিৰ হাতত শক্তিশালী কাউণ্টাৰ নেৰেটিভ।

নিজৰ যুদ্ধ চলোৱাতকৈ বিজেপিয়ে সৃষ্টি কৰা নেৰেটিভৰ যুদ্ধখনৰ পৰা উদ্ধাৰ হ’বলৈ অধিক সময় যুঁজি থাকিল কংগ্ৰেছৰ IT CELL, হিমন্ত বিশ্ব শৰ্মা দক্ষ, শক্তিশালী, পাৰ্গত, কষ্ঠ সহিষ্ণু, দুৰদৰ্শী আদি গুণবোৰ মানুহৰ মন-মগজুত স্থায়ীভাৱে সোমোৱাই দিবলৈ সক্ষম হ’ল বিজেপিৰ ছ’চিয়েল মিডিয়া গ্ৰুপে। কিন্তু এই ডিজিটেল যুঁজখন কেনেকৈ চলিল সেই কথা বিতংভাৱে জানো আহক।

গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত সামাজিক মাধ্যমত এক শক্তিশালী নেৰেটিভ গঢ় লৈ উঠিছে। এই নতুন নেতৃত্বই কংগ্ৰেছক নতুনকৈ জীৱনদান দিয়াৰ উপৰিও পুনৰোজ্জিৱীত হ’ব বুলি ভাবিছিল কংগ্ৰেছ। তাৰ পিছতেই সক্ৰিয় হৈ উঠিল বিজেপিৰ ৫০১ নং কোঠা। কাউণ্টাৰ নেৰেটিভৰ জৰিয়তে বুজাই দিবলৈ চেষ্টা কৰা হ’ল কোনে কোনে সমৰ্থন কৰে গৌৰৱক।

সমৰ্থনকাৰীৰ ধৰণ, ধৰ্ম, ডেম’গ্ৰাফিক ছাপ’ৰ্ট আৰু তেওঁলোকৰ অংশগ্ৰহণৰ পেটাৰ্নক লৈ প্ৰশ্ন তুলে বিজেপিয়ে। বিজেপিৰ এই আগ্ৰাসী আক্ৰমণত গতি মন্থৰ হ’ল কংগ্ৰেছৰ। আপোনালোকৰ হয়তো মনত আছে যে গৌৰৱ গগৈ ৰাজীৱ ভৱনলৈ সভাপতি হৈ অহাৰ দিনা বিশেষ সাজ-পোছাক আৰু টুপী পিন্ধা লোকক সমুখলৈ অহাত বাধা দিয়া হৈছিল। বৰাক উপত্যকতালৈ গৈ গোবিন্দ পুৰীক লগ পোৱাৰ ফটো সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিল। যি সময়ত কংগ্ৰেছ আগ্ৰাসী হ’ব লাগিছিল সেই সময়ত পিছুৱাই আহিল দলটো। কিন্তু ইয়াৰ পাছতেই ধাৰাবাহিক আক্ৰমণ চলি গ’ল গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ ওপৰত। ইয়াৰ পিছত এটা গুৰুত্বপূৰ্ণ দিশ উন্মোচিত কৰিলে বিজেপিৰ IT CELL এ।

কংগ্ৰেছৰ সামাজিক মাধ্যমৰ পোষ্টসমূহত বিদেশী সামাজিক মাধ্যমৰ একাউণ্টৰ অংশগ্ৰহণ। কংগ্ৰেছৰ পোষ্টত বিদেশী একাউণ্টৰ লাইক-কমেণ্ট দেখা পোৱাৰ অভিযোগ উত্থাপন কৰিলে বিজেপিয়ে। ইয়াৰ পৰাই নতুন বিতৰ্কৰ জন্ম হ’ল। পিছলৈ মুখ্যমন্ত্ৰীয়ে ইয়াকেই ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিলে।

কংগ্ৰেছৰ বিৰুদ্ধে আৰম্ভ হয় আন এটা নেৰেটিভ- পাইজান। এটা বিতৰ্ক শেষ হোৱাৰ পূৰ্বে বিজেপিয়ে উন্মোচন কৰে আন এটা বিতৰ্ক। গৌৰৱৰ পাকিস্তান ভ্ৰমণক কেন্দ্ৰ কৰিয়েই এই পাইজান আক্ৰমণ চলে। কেৱল অসমতেই নহয়, দেশৰ ভিতৰতে এই পাইজান নেৰেটিভ ট্ৰেনডিঙত আহে। বিজেপিয়ে এইবাৰ জেনেৰেটিভ AI ব্যাপক হাৰত ব্যৱহাৰ কৰিছে। অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত AI কণ্টেনৰ ব্যৱহাৰ দেশৰ আন প্ৰান্তৰ তুলনাত সৰ্বাধিক হয়। Text, images, code, audio আৰু এক্সজিষ্টিং ডাটাৰ পেটাৰ্ন ব্যৱহাৰ কৰি লাৰ্জস্কেল ফাউণ্ডেচন মডেল আৰু নিউৰেল নেটৱৰ্ক গঢ়ে বিজেপিয়ে।

বিজেপিৰ বাবে মূৰৰ কামোৰণি হৈ পৰে এটা বিশেষ হেচ টেগ-‘JUSTICE FOR ZUBEEN’ ৷ অসমীয়াৰ আৱেগ, ঈশ্বৰ পুত্ৰৰ ন্যায়ৰ বাবে এই হেচ টেগ ব্যৱহাৰ আৰম্ভ হয়। কিন্তু ইয়াকে বিৰোধী পক্ষই নিজৰ ঢাল হিচাপে ব্যৱহাৰ কৰে। এইক্ষেত্ৰত বিশেষ এটা সফল হ’ব নোৱাৰিলে বিজেপিৰ IT CELL. এই হেচটেগ চলি থকাৰ সময়ে বিজেপিয়ে জুবিন গাৰ্গক ৰাজনৈতিক ক্ষেত্ৰত ব্যৱহাৰ কৰা বুলি প্ৰমাণ দিবলৈ চেষ্টা কৰে। কিন্তু ই কিমান দূৰ সফল হৈছে সেয়া নিৰ্বাচনৰ বতৰে প্ৰমাণ কৰিছে।

এইবাৰৰ নিৰ্বাচনত ভুৱা কণ্টেণ্ট বা DEEP FAKEৰো যথেষ্ঠ প্ৰয়োগ হ’ল অসমত। বিভিন্ন ফটো আৰু ভিডিঅ’ পিছলৈ ভুৱা বুলি প্ৰমাণিত হয় কিন্তু সেই ভুৱা কণ্টেণ্টসমূহে সামাজিক মাধ্যমত প্ৰভাৱ পেলায়। সময়মতে প্ৰতিক্ৰিয়া দিব নোৱাৰিলে ৰাজনৈতিক ক্ষতি হয়।

কিছুদন পূৰ্বে গৌৰৱ গগৈৰ হেলিকপ্টাৰত এটা দামী সুৰাৰ বটল ওলায়। ইয়াৰ এডিটিং ইমানেই নিখুঁত আছিল যে সতত্য নিৰূপণ কৰাটো কঠিন হৈ পৰে। কিন্তু গৌৰৱ গগৈৰ সেই ভিডিঅ’টো ৫ দিন মানৰ পাছতহে ভুৱা বুলি প্ৰমাণ কৰে কংগ্ৰেছে। অৱশ্যে মূল ভিডিঅ’টো কংগ্ৰেছে এতিয়াও সন্মুখলৈ অনা নাই। এইবাৰ সামাজিক মাধ্যমত ভুৱা ভিডিঅ’, ছবি ব্যৱহাৰত কৰা দেখা যায়।

ইয়াৰ মাজতে আকৌ ভুৱা ভিডিঅ’, ফটোৰ ব্যৱহাৰৰ চৰ্চাত আহিল ৰিণিকি ভূঞাৰ পাছপৰ্ট আৰু সম্পত্তিৰ তালিকা। দুঘণ্টাৰ ভিতৰতে হাইড্ৰ’জেন বোমা বুলি গণ্য কৰা পৱন খেড়াৰ সংবাদমেলৰ সকলো ৰহস্য ফাদিল হয় ৷ প্ৰেছমিটৰ লাইভ চলি থাকোতেই এয়া ভুৱা বুলি প্ৰমাণ কৰি দেখুৱালে বিজেপিৰ IT CELL এ। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ পত্নীৰ অন্য স্থানৰ পাছপৰ্ট আৰু ডুবাইত থকা সম্পত্তি দুয়োটাই ভুৱা বুলি প্ৰমাণ হয়। ইয়াৰ সম্পূৰ্ণ কৃতিত্ব যায় ৰুম নম্বৰ ৫০১ক।

কেৱল সেয়াই নহয়, ৰাজনাতিত নতুনকৈ ভৰি থোৱা অসম জাতীয় পৰিষদৰ প্ৰাথী কুংকি চৌধুৰীৰো ভুৱা প্ৰচাৰ চলে। প্ৰাৰ্থীগৰাকীৰ এই ভিডিঅ’ক লৈ তোলপাৰ লাগে বিৰোধী শিবিৰত। পাছত আৰক্ষীৰ ওচৰত গোচৰ দিয়ে কুংকিয়ে।

বিজেপিৰ IT CELয়ে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক দেশৰ ভিতৰতে ট্ৰেনডিঙত বিষয় হিচাপে প্ৰমাণ কৰি দিয়ে। তাৰ পিছতেই  বিভিন্ন মিম আৰু কণ্টেণ্ট সৃষ্টি হয়। উচ্ছেদকলৈও সমগ্ৰ অসমত এটা বিশেষ ঢৌ আনিবলৈ সক্ষম হয় বিজেপি। শিৱসাগৰক ধুবুৰী বনাই দিব বুলি যিটো নেৰেটিভ আৰম্ভ হৈছিল তাতো বিজেপি আগত থাকিল। ১২ হাজাৰ কোটি টকাৰ সম্পত্তিৰ বিষয়ত কংগ্ৰেছে এটা নেৰেটিভ সৃষ্টি কৰিলে। কিছু বিশেষ লোকৰ সমৰ্থনত কংগ্ৰেছে কিছু আধিপত্য বিস্তাৰ কৰে। কিন্তু প্ৰমাণ দিব নোৱাৰিলে কংগ্ৰেছে৷

এইবাৰো বিজেপিয়ে মুখ্যমন্ত্ৰীৰ চকীৰ বাবে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মাক লৈ এক আৱেগৰ সৃষ্টি কৰিলে বিজেপিয়ে। কেৱল ৰাজনৈতিক বাৰ্তা প্ৰদানতেই ব্যস্ত নাথাকি হিমন্ত বিশ্ব শৰ্মাৰ দৈনন্দিন জীৱনকো ৰাইজৰ মাজলৈ টানি অনা হয়। তেওঁৰ জীৱৰ সৰু-বৰ মুহূৰ্ত, ৰাইজৰ সৈতে সম্পৰ্ক, শিশুৰ সৈতে খেলাধূলা, গ্ৰাম্য পৰিৱেশত মিলি যোৱা দৃশ্য, পৰ্টকল ভাঙি ৰাইজৰ মাজলৈ আগবাঢ়ি যোৱা আদি সুসংগঠিতভাৱে ডিজিটেল মাধ্যমত আগুৱাই লৈ গ’ল বিজেপিৰ সামাজিক মাধ্যম গোটে। ৰাজনৈতিক নেতা নহয়, তেওঁ সকলোৰে মামা হিচাপে জনপ্ৰিয়। এই ধাৰণাক প্ৰতিষ্ঠা কৰাত সফল হয় বিজেপিৰ সৈনিকসকল। কেৱল মামা হিচাপে নহয়, HBS 2.0 লোডিং বুলি শেষ মুহূৰ্তত সামাজিক মাধ্যৰ পৃষ্ঠা ভৰাই তুলিছে ৷ যিটো গৌৰৱ গগৈৰ ক্ষেত্ৰত কৰিব পৰা নাই।

বিভিন্ন মিমৰ সৃষ্টি হ’ল। চাউলো দিছে, দালিও দিছে, মিঠাতেলো পালে সমস্যা শেষ  বুলি গানৰো সৃষ্টি হয়। একাংশ ইনফ্লুৱেঞ্চাৰে ইয়াৰ ওপৰত ৰীল প্ৰস্তুত কৰে। ইয়াৰ ফলত মামাক সৰ্বসাধাৰণৰ ওচৰলৈ যায়। ভমকা ফুলিয়া আৰু আমাৰ সংলাপ জনপ্ৰিয় হয় সামাজিক মাধ্যমত।

কংগ্ৰেছৰ দিনৰ উন্নতি আৰু বিজেপি উন্নতিৰ পাৰ্থক্য বুজাবলৈ বিভিন্ন আপ্ত বাক্যৰে ছ’চিয়েল মিডিয়া ভৰাই দিয়ে IT CELL এ। ইয়াৰ মাজতে অহা HBS 2.0 এটা পৰিকল্পিত ডিজিটেল বেনডিং। ৫০১ নম্বৰ কোঠা জয়ন্ত দাসে বদনাম কৰে বুলি হিতে বিপৰীত হোৱাৰ পূৰ্বে বিজেপি কৰ্মীয়ে নিজকে ৫০১ বুলি ক’ব আৰম্ভ কৰে। ৫০১ ক বদনাম বুলি লোৱাতকৈ বেণ্ড হিচাপে লয় বিজেপিয়ে। IT CELL সকলোৰে আছে কংগ্ৰেছ, ৰাইজৰ দলৰো আছে। কিন্তু ইয়াৰ মাজত চৰ্চা চলিছে মাথোঁ বিজেপিৰ IT CELৰ।

ভুৱা বাতৰি প্ৰচাৰৰ চেষ্টা সকলোৱে কৰিছে, কিন্তু সকলো সফল নহয়। মৰ্ডান ৰাজনীতিত সফলতা কেৱল ভাষণ দিলেই বা কাম কৰিলেই নহয়, এক নিখুঁত পৰিকল্পনাৰ প্ৰয়োজন। ডিজিটেল মাধ্যম অতিয়া ৰাজনীতিৰ মুখ্য যুদ্ধক্ষেত্ৰ। বিজেপিৰ নিখুঁত সামাজিক মাধ্যমৰ পৰিকল্পনাই দলটোক সহায় কৰেনে নকৰে সেয়া ৪ মে’ত প্ৰমাণ হ’ব। কিন্তু ডিজিটেল যুদ্ধ যে ৰাজনীতিৰ কেন্দ্ৰবিন্দু সেয়া বিজেপিয়ে বহু পূৰ্বেই বুজি পাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

মুখৰ অত্যাধিক দুৰ্গন্ধ... কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.