বলীউডৰ ‘ড্ৰীম গাৰ্ল’ হিচাপে পৰিচিত অভিনেত্ৰী হেমা মালিনীয়ে নিজৰ সৌন্দৰ্য আৰু অভিনয়েৰে দীৰ্ঘদিন ধৰি দৰ্শকৰ হৃদয় জয় কৰি আহিছে। ১৯৭০ আৰু ১৯৮০ৰ দশকত তেওঁ হিন্দী ছবিজগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল। সেই সময়ছোৱাত তেওঁ বহু অভিনেতাৰ সৈতে ৰোমাণ্টিক ছবিত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল।

বৰ্তমান হেমা মালিনীক ছবিত খুব কমেইহে দেখা যায়। ২০১৭ চনত মুক্তি পোৱা ‘এক থি ৰাণী আইছি ভি’ ছবিখনত তেওঁ অভিনয় কৰিছিল। ইয়াৰ পিছত ‘চিমলা মিৰ্চি’ নামৰ ছবিখন মুক্তি পায়। ছবিখনৰ মুক্তিত পলম হোৱাৰ বাবে দৰ্শকে তেওঁক বহুদিনৰ পিছত পুনৰ পৰ্দাত দেখিবলৈ পায়।

হেমা মালিনীয়ে নিজৰ অভিনয় জীৱনত বহু প্ৰবীণ অভিনেতাৰ সৈতে কাম কৰিছে। তেওঁ জীতেন্দ্ৰৰ সৈতে কেইবাখনো ছবিত অভিনয় কৰাৰ লগতে ৰাজেশ খান্না আৰু অমিতাভ বচ্চনৰ সৈতেও বহু ছবিত কাম কৰিছিল। ইয়াৰ উপৰি বিনোদ খান্না, শশী কাপুৰ আৰু দেৱ আনন্দৰ দৰে জনপ্ৰিয় অভিনেতাৰ সৈতেও তেওঁ অভিনয় কৰিছে।

কিন্তু হেমা মালিনীৰ সৈতে আটাইতকৈ বেছি ছবিত অভিনয় কৰা অভিনেতাজন হৈছে তেওঁৰ স্বামী ধৰ্মেন্দ্ৰ। দুয়োজনে একেলগে প্ৰায় ৩৫খন ছবিত কাম কৰিছিল। তেওঁলোকৰ অন-স্ক্ৰীণ যুটিটো দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল। পৰ্দাত তেওঁলোকৰ ৰোমাণ্টিক অভিনয়ে অনুৰাগীৰ মনত বিশেষ স্থান লাভ কৰিছিল।

পৰ্দাৰ বাহিৰতো হেমা মালিনী আৰু ধৰ্মেন্দ্ৰৰ সম্পৰ্ক আছিল বিশেষ। দুয়োজনে ১৯৮০ চনত বিৱাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে—ঈশা দেওল আৰু আহনা দেওল। মাতৃৰ পদাংক অনুসৰণ কৰি ঈশা দেওলেও অভিনয় জগতত নিজৰ পৰিচয় গঢ়ি তুলিছিল।
হেমা মালিনী আৰু ধৰ্মেন্দ্ৰৰ যুটিটো আজিও বলীউডৰ অন্যতম চৰ্চিত যুটি হিচা
পে পৰিচিত। ধৰ্মেন্দ্ৰৰ মৃত্যুৰ পিছতো তেওঁলোকৰ একেলগে কৰা অভিনয় আৰু ছবিজগতলৈ আগবঢ়োৱা অৱদান অনুৰাগীৰ মনত সজীৱ হৈ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















