নলবাৰীৰ চান্দকুছি ঘিল্লা চ’কৰ এখন বিশেষ দুৰ্গা পূজা৷ এইবাৰ দুৰ্গা পূজাৰ প্ৰতিমা দাতা মজিৱ আলী৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ গাঁৱত এয়া সম্প্ৰীতিৰ নিদৰ্শন৷ নলবাৰীৰ এখন ব্যতিক্ৰমী দুৰ্গা পূজা৷ যিখন পূজাই এতিয়া সকলোৰে দৃষ্টি নিবন্ধ কৰিছে৷ যি সময়ত এচাম অসাধু লোকে ধৰ্মৰ নামতে বিভাজনৰ বীজ ৰোপণ কৰি সমাজখনক বিপথে পৰিচালিত কৰিব বিছাৰে ঠিক তেনে সময়তে নলবাৰীৰ চান্দকুছি গাৱঁৰ ঘিল্লা চ’কৰ এখন দুৰ্গা পূজাই দেখুৱাইছে সম্প্ৰীতিৰ নিদৰ্শন৷
চান্দকুছি ঘিল্লা চ’কৰ ঘিল্লা চ’ক দুৰ্গা মন্দিৰ সমিতিৰ উদ্যোগত উদযাপন কৰা দুৰ্গা পূজাই এইবাৰ ২৪ বছৰ গৰকিলে৷ ইতিমধ্যে ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ উদযাপন কৰিবলৈ লোৱা দুৰ্গা পূজাত এইবাৰ ইছলাম ধৰ্মালম্বীলোকে আগবঢ়াব পূজাৰ প্ৰতিমা ভাগ৷ পেচাত এগৰাকী ক্ষুদ্ৰ ব্যবসায়ী মৰনৈপাৰৰ মজিৱ আলীয়ে এইবাৰ ঘিল্লা চ’কৰ এই পূজাত দুৰ্গা প্ৰতিমা আগবঢ়াব৷
উল্লেখযোগ্য যে ঘিল্লা চ’ক দুৰ্গা মন্দিৰৰ সম্মুখত এখন ক্ষুদ্ৰ বাহ-বেতৰ দোকান দি কোনোমতে পৰিয়াল পোহপাল দি আহিছে মজিৱ আলীয়ে৷ কিন্ত ঘিল্লা চ’কৰ দুৰ্গা পূজাত মজিৱে যোৱা বৰ্ষত নাগৰা নামৰ পাঠক আগবঢ়োৱাৰ পিছত এইবাৰ দুৰ্গা প্ৰতিমা আগবঢ়াই এইগৰাকী মজিৱ আলীয়ে৷ ইতিমধ্যে মজিৱ আলীয়ে দুৰ্গা পূজাত দুৰ্গা প্ৰতিমা আগবঢ়াই সম্প্ৰীতিৰ নিদৰ্শন দেখুওৱা এক মহৎ কাৰ্য্যক সৰ্বস্তৰৰ ৰাইজে আদৰণি জনাইছে৷ ধৰ্মৰ নামত কোনো লোকে যে বিভেদ আনিব নোৱাৰে সেই কথাকে একপ্ৰকাৰ মজিৱ আলীৰ আদৰ্শৰে বুজাই দিব বিছাৰিচে সেই সকল চকুচৰহা লোকক৷ইপিনে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ গাৱ চান্দকুছিৰ পৰা সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষতে এতিয়া এখন দুৰ্গা পূজাৰ জৰিয়তে এনেদৰে সম্প্ৰীতিৰ বাৰ্তা বিলাইছে মজিৱ আলীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ