অসম লাইভ২৪ঃ সামাজিক মাধ্যমত অনলাইন জুৱাৰ বিজ্ঞাপন দি চাকৰি হেৰুৱালে মহিলা কমাণ্ডো পাপৰি কলিতাই। বীৰাংগনা পাপৰি কলিতা ইউটিউবত জনপ্ৰিয় কুঁহি নামেৰে। সেই কুঁহি ওৰফে পাপৰি পৰিছে আৰক্ষীৰ ৰোষত।বিভিন্ন ভিডিঅ’ আপলোড কৰি জনপ্ৰিয়তা অৰ্জন কৰা পাপৰি কলিতাক অসম আৰক্ষীৰ বীৰাংগনা কামাণ্ডোৰ পৰা নিলম্বন কৰা হৈছে৷ নিলম্বনৰ পাছতেই কুঁহিয়ে শ্বেয়াৰ কৰিছে বিশেষ ফেছবুক পোষ্ট। কুঁহিয়ে লিখিছে,
‘একাংশ মানুহে আচলতে মানুহ নহয়,দেৱতুল্য বুলি ভাবে নিজকে,কাৰণ তেওঁলোকে জানে যে তেওঁলোকৰ কোনোদিনে কেতিয়াও ভুলেই হোৱা নাই অথবা ভুল কৰাই নাই।
যি নহওঁক,আনৰ ফটো ভিডিঅ’ ব্যৱহাৰ কৰি হ’লেও ক’ৰ’বাত কাৰোবাৰ অকণমান লাভ হৈছে। অৱশ্যে কষ্ট অলপ হৈছে তেওঁলোকৰ…কাহিনী বনাবলৈ,একো নাই নিজৰ ন’হলে আনৰ পিঠাৰে বিহু পাতিবলৈ হ’লে অলপটো কষ্ট হ’বই।
সুবিধাবাদী বুলি নকওঁ,কাৰণ তেওঁলোক হৈছে সমাজৰ একেবাৰে নিকা-শুদ্ধ লোক।
তেওঁলোকে সমাজৰ অন্যায় হোৱাটো চাব নোৱাৰে,,অৱশ্যে কামেৰে নহয় কমেণ্টেৰে সমাজৰ হিতৰ বাবে তেওঁলোকে অহৰহ কষ্ট কৰিছে।ভাল-বেয়া সময় সকলোৰে আহে…অনাকাংক্ষিতভাৱে মোৰ এটা ভুল হ’ল।।তাৰ বাবে আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ।। বেলেগৰ জীৱনৰ ঘটনাক লৈ ফূৰ্তি কৰাতকৈ নিজে কৰা ভাল কামবোৰক লৈ আনন্দ-ফূৰ্তি কৰক। বেছি সময় কৰিব পাৰিব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ