আজি বিয়লি অধিনায়কৰ ৰূপত দেখা যাব অসমৰ ৰিয়ানক, ৰাজস্থান দলক দিব নেতৃত্ব
আজি ২৩ মাৰ্চ তাৰিখে আই পি এল ২০২৫ৰ অভিযান আৰম্ভ কৰিব ৪ টাকৈ দলে। আই পি এলৰ সবাতোকৈ সফল দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংগছ লগতে ছানৰাইজাৰ্চ হাইদৰাবাদ ৰাজস্থান ৰয়েলছে।
দুয়োখন হাইপ্ৰফাইল মেচক লৈ অনুৰাগীৰ গভীৰ উৎকণ্ঠা। বিয়লি ৩.৩০ বজাত খেলপথাৰত নামিব ছানৰাইজাৰ্চ হাইদৰাবাদ আৰু ৰাজস্থান ৰয়েলছ। তাৰ পাছত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব CSK বনাম MIৰ হাইভল্টেজ মেচ।
কেউটা দলৰে খেল চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে সকলো অনুৰাগীয়ে। পাছে এইক্ষেত্ৰত অসম কিছু পৃথক। কাৰণ প্ৰথমবাৰৰ বাবে কোনো অনসমীয়াই আই পি এল দলক দিব নেতৃত্ব। অসমৰ ৰিয়ান পৰাগৰ নেতৃত্বৰ খেলপথাৰত নামিব ৰাজস্থান দল।
আনহাতে হাইদৰাবাদ দলক নেতৃত্ব দিব সুদক্ষ পেট কামিন্সে। ৰাজীৱ গান্ধী ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই হাইভল্টেজ মেচখন। ৰিয়ানৰ ওপৰত আশাবাদী সকলো।
প্ৰথমবাৰৰ বাবে ৰিয়ানৰ নেতৃত্বৰ নামিব লগা ৰাজস্থান দল সফল হবনে তাকে লৈ অসম বাসী বাট চাই ৰৈছে ৩.৩০ বজালৈ। ৩ বজাত হব খেল খনৰ টছ।
উল্লেখ্য যে, ৰাজস্থান দলৰ অধিয়ানক হিচাপে নিযুক্তি পাইছিল সঞ্জু ছেমচনে। কিন্তু আধাতৰ বাবে এতিয়া দলৰ পৰা আঁতৰি আছে সঞ্জু। সেয়ে সঞ্জুৰ অনুপস্থিতিত অধিনায়কত্ব চম্ভালিব ৰিয়ান পৰাগে। তাতে আৰু আজিৰ আন এক মুখ্য আকৰ্ষণ হব পাৰে ৰাজস্থান দলত থকা সৰ্বকালৰ কনিষ্ঠ খেলুৱৈ বৈভৱ সূৰ্যবংশী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ